গুৱাহাটী,1 ডিচেম্বৰঃঅসম ৰাজ্যিক বিজেপিৰ মাহেকীয়া মুখপত্ৰ ‘অসমীয়া বিজেপি বাৰ্তা’ৰ 48 সংখ্যক সংস্কৰণ উন্মোচন ৷ মঙলবাৰে বিজেপিৰ হেঙেৰাবাৰীস্থিত ৰাজ্যিক কাৰ্যালয়ত আলোচনীখন উন্মোচন কৰে ৰাজ্যিক বিজেপিৰ উপ-সভাপতি জয়ন্ত মল্ল বৰুৱাই ৷ আলোচনীখন উন্মোচন কৰি তেখেতে কয়, বিজেপি বার্তাই দলীয় কার্যকর্তাসকলক উৎসাহিত কৰাৰ লগতে অসমৰ জনসাধাৰণক বিজেপিৰ উন্নয়নমূলক কামকাজ সমূহৰ বিষয়েও অৱগত কৰাইছে ৷ সমাজৰ বাবে প্ৰয়োজনীয় তথ্যসমৃদ্ধ দলীয় আলোচনীখনে দলৰ কর্মপন্থাক ৰাইজৰ ওচৰলৈ লৈ যাবলৈ সক্ষম হোৱা বুলিও মন্তব্য কৰে বিজেপিৰ উপ-সভাপতি জয়ন্ত মল্ল বৰুৱাই ৷ ইয়াৰ উপৰিও তেখেতে দলীয় মুখপত্ৰ খনৰ ডিজিটেল সংস্কৰণৰ ভূমিকাৰ বিষয়েও আলোকপাত কৰে ৷
নতুন ৰূপত ‘অসমীয়া বিজেপি বার্তা’ - অসমীয়া বিজেপি বার্তা বাতৰি
অসম ৰাজ্যিক বিজেপিৰ মাহেকীয়া মুখপত্ৰ ‘অসমীয়া বিজেপি বাৰ্তা’ৰ 48 সংখ্যক সংস্কৰণ উন্মোচন ৷ আলোচনীখন উন্মোচন কৰে ৰাজ্যিক বিজেপিৰ উপ-সভাপতি জয়ন্ত মল্ল বৰুৱাই ৷
অনুষ্ঠানত বক্তব্য প্ৰদান কৰি ৰাজ্যিক বিজেপিৰ সাংগঠনিক সাধাৰণ সম্পাদক ফনীন্দ্ৰ নাথ শর্মাই প্ৰতিমাহে নির্ধাৰিত সময়ত মুখপত্ৰখন প্ৰকাশ কৰি উলিওৱাৰ বাবে আলোচনীখনৰ সম্পাদনা সমিতিক শুভেচ্ছা জ্ঞাপন কৰে ৷ অনুষ্ঠানৰ আঁত ধৰি অসমীয়া বিজেপি বার্তা সম্পাদক ড৹ দেৱদত্ত বৰকটকীয়ে কয় যে, এইবাৰ নতুন ৰূপত প্ৰকাশ কৰি উলিওৱা দলীয় মুখপত্ৰখনত সূচীপত্ৰৰ নির্ঘণ্ট শীর্ষক এটা নতুন বিষয় অন্তর্ভূক্ত কৰা হৈছে । সূচীপত্ৰৰ নির্ঘণ্টত চলিত বছৰৰ জানুৱাৰীৰৰ পৰা ডিচেম্বৰলৈ প্ৰকাশিত বিষয়সমূহ দাঙি ধৰা হৈছে । অসমীয়া আলোচনীত সূচীপত্ৰৰ নির্ঘন্ট অন্তর্ভূক্ত কৰা এয়াই প্ৰথম পদক্ষেপ। বর্তমান সময়ৰ প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি চলিত মাহৰ পৰা ‘অসমীয়া বিজেপি বার্তা’ৰ ৰঙীণ অলনাইন সংস্কৰণ উপলদ্ধ হ'ব বুলিও বৰকটকীয়ে উল্লেখ কৰে ৷
লগতে পঢ়ক-বিএচএফৰ 56 তম প্ৰতিষ্ঠা দিৱসত উপস্থিত নাথাকে অমিত শ্বাহ