গুৱাহাটী, ৬ এপ্ৰিল :সুদূৰ লণ্ডনত অসমৰ বিশিষ্ট চিত্ৰ শিল্পী তথা কাৰ্টুনিষ্ট প্ৰদীপ নাথসহ কেইগৰাকীমান বিশিষ্ট শিল্পীৰ চিত্ৰ প্ৰদৰ্শনীয়ে লাভ কৰিছে কলামোডীসকলৰ সমাদৰ ৷ যোৱা ৩ এপ্ৰিলৰ পৰা ৬ এপ্ৰিললৈকে ভাৰতৰ 'স্বাধীনতাৰ অমৃত মহোৎসৱ'ৰ সৈতে সংগতি ৰাখি লণ্ডনস্থিত ভাৰতৰ হাই-কমিছন আৰু এচ.এম.ডি ফাউণ্ডেশ্যনৰ দ্বাৰা আয়োজিত আন্তৰ্জাতিক চিত্ৰকলা মহোৎসৱত অংশগ্ৰহণ কৰিছে অসমৰ চিত্ৰশিল্পী কেইগৰাকীয়ে (London art exhibition) ৷
যোৱা তিনি এপ্ৰিলত এই প্ৰদৰ্শনীখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে লণ্ডনস্থিত ভাৰতীয় হাইকমিচনৰ ডেপুটি ডাইৰেক্টৰ সঞ্জয় কুমাৰ শৰ্মাই ৷ তাত অংশগ্ৰহণ কৰা অসমৰ চিত্ৰ শিল্পীসকল হ’ল প্ৰদীপ নাথ, মিণ্টু ডেকা, মুকুল দুৱৰা আৰু সুজিত দাস ৷ আটাইকেইজনে অসমৰ শিল্পকলা জগতৰ পৰিচিত নাম ৷ ইতিপূৰ্বে ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত আটাইকেইগৰাকী শিল্পীয়ে লাভ কৰিছে বিশেষ সমাদৰ (Assamese artists in London art exhibition) ৷
প্ৰায় দুটা দশকৰো অধিক কাল ধৰি শিল্পকলাৰ সাধনাত জড়িত অসমৰ আগশাৰীৰ কাৰ্টুনিষ্ট প্ৰদীপ নাথে এতিয়ালৈ সহস্ৰাধিক কাৰ্টুন সৃষ্টি কৰিছে আৰু বাতৰি কাকতত প্ৰকাশিত কাৰ্টুনসমূহে পাঠক সমাজৰ দৃষ্টি আকৰ্ষণ কৰিছে ৷ সমান্তৰালভাৱে নাথে কৰি আহিছে চিত্ৰ কলাৰ সাধনা ৷ প্ৰদীপ নাথৰ চিত্ৰকলাই চিত্ৰপ্ৰেমীৰ মাজত বিশেষ স্থান লাভ কৰিবলৈ সক্ষম হৈছে ৷