গুৱাহাটী, 15 এপ্ৰিল: এইবাৰ বিহুৰ উৎসাহ নাই অভিনেতা নিপন গোস্বামীৰ বাসগৃহত। লক ডাউনৰ বাবে পুত্ৰ-বোৱাৰী আহিব নোৱাৰিলে গুৱাহাটীৰ ঘৰলৈ । পুত্ৰ বোৱাৰীৰ অবিহনেই স্ব-গৃহত সময় কটাইছে তেওঁ । বিহুৰ পিঠা-পনা নাই যদিও লুচি-ভাজিৰে বিহু পাতিছে নিপন গোস্বামীয়ে । আগৰ দৰে বিহুৰ উৎসাহ নাই বুলি কোৱাৰ লগতে তেতিয়াৰ দিনবোৰ ৰোমন্থন কৰি আবেগিক হৈ পৰে জ্যেষ্ঠ অভিনেতাগৰাকী । পত্নীয়ে বনোৱা পিঠাৰ সোৱাদ এতিয়াও পাহৰিব পৰা নাই তেওঁ ।
জ্যেষ্ঠ অভিনেতা নিপন গোস্বামীয়ে কি কৰি আছে ? - লকডাউন
বিহুৰ দিনত কেনে আছে জ্যেষ্ঠ অভিনেতা নিপন গোস্বামী ? কেনেকৈ উদযাপন কৰিছে তেওঁ বিহু । সকলো কথাৰ উত্তৰ বিচাৰি অভিনেতাগৰাকীৰ সৈতে ই টিভি ভাৰতৰ এক সাক্ষাৎকাৰ ৷
![জ্যেষ্ঠ অভিনেতা নিপন গোস্বামীয়ে কি কৰি আছে ? জ্যেষ্ঠ অভিনেতা নিপন গোস্বামীৰ সৈতে এক আছুতীয়া সাক্ষাৎকাৰ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-6805881-550-6805881-1586961947692.jpg)
জ্যেষ্ঠ অভিনেতা নিপন গোস্বামীৰ সৈতে এক আছুতীয়া সাক্ষাৎকাৰ
জ্যেষ্ঠ অভিনেতা নিপন গোস্বামীৰ সৈতে এক আছুতীয়া সাক্ষাৎকাৰ