গুৱাহাটী, ২০ ছেপ্টেম্বৰ : ৰাজ্যখনত শীঘ্ৰেই আৰম্ভ হ'ব 'মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰশীল অসম অভিযান' নামৰ এখন নতুন আঁচনিৰ ৷ এই সন্দৰ্ভত বুধবাৰে মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাই দিল্লীৰ পৰা ভিডিঅ’ কনফাৰেন্সিঙৰ যোগেদি ৰাজ্যৰ শীৰ্ষ প্ৰশাসনীয় বিষয়াসকলৰ সৈতে এক বৈঠকত মিলিত হয় ৷ কেইবাখনো ৰাজ্যৰ নিৰ্বাচনী প্ৰচাৰত ব্যস্ত থকা মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই নতুন দিল্লীৰ অসম ভৱনৰ পৰা এই বৈঠক সম্বোধন কৰে ৷
বৈঠকত নতুন আঁচনিখনৰ সফল ৰূপায়ণৰ বিভিন্ন দিশ সন্দৰ্ভত আলোচনা কৰা হয় ৷ আঁচনিখনৰ যোগেদি দুই লাখ যুৱক-যুৱতীক অত্মনিৰ্ভৰশীল কৰাৰ বাবে দুই লাখ টকাৰ বিত্তীয় সাহাৰ্য প্ৰদান কৰা হ'ব ৷ এই নতুন আঁচনিখনৰ বাবে পঞ্জীয়ন প্ৰক্ৰিয়া ২৩ অথবা ২৪ ছেপ্টেম্বৰত আৰম্ভ হ'ব ৷ প্ৰায় ৪০ মিনিট ধৰি চলি থকা এই বৈঠকত সাংসদ পবিত্ৰ মাৰ্ঘেৰিটা, গৃহ আৰু ৰাজনৈতিক বিভাগৰ অতিৰিক্ত মুখ্য সচিব ড৹ ৰবি কোটা আৰু আৱাসিক আয়ুক্ত এম এছ মণিভন্নন উপস্থিত আছিল ৷