অসম

assam

ETV Bharat / state

অসম যুৱ সাংবাদিক মঞ্চৰ পূৰ্ণাংগ সমিতি গঠন; য়ুথ কনক্লেভ আয়োজনৰ সিদ্ধান্ত - যুৱ সাংবাদিক মঞ্চ

Youth Journalists Forum Assam: গঠন কৰা হ’ল যুৱ সাংবাদিক মঞ্চ, অসমৰ পূৰ্ণাংগ সমিতি ৷ সমিতি গঠনৰ পিচতে মঞ্চই কেতবোৰ গুৰুত্বপূৰ্ণ কাৰ্যসূচী ঘোষণা কৰে ৷

Youth journalist Assam
অসম যুৱ সাংবাদিক মঞ্চৰ পূৰ্ণাংগ সমিতি গঠন

By ETV Bharat Assamese Team

Published : Jan 14, 2024, 5:20 PM IST

গুৱাহাটী, 14 জানুৱাৰী : দিছপুৰ প্ৰেছ ক্লাবত শুকুৰবাৰে অনুষ্ঠিত হোৱা যুৱ সাংবাদিক মঞ্চ, অসমৰ কাৰ্যনিৰ্বাহক বৈঠকত এখন য়ুথ কনক্লেভ অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷ ৰাজনৈতিক, সামাজিক, বাণিজ্যিক আদি ক্ষেত্ৰৰ কেবাটাও গুৰুত্বপূৰ্ণ বিষয়বস্তু সাঙুৰি লৈ অনুষ্ঠিত হ’ব এই কনক্লেভ । আজিৰ সভাত মঞ্চই ভৱিষ্যতে সংবাদজগতৰ বাবে কৰিবলগীয়া কামসমূহৰ বিষয়তো গুৰুত্বপূৰ্ণ আলোচনা কৰে ।

ইফালে, আজিৰ কাৰ্যনিৰ্বাহক বৈঠকতে যুৱ সাংবাদিক মঞ্চৰ পূৰ্ণাংগ সমিতি গঠন কৰা হয় । নতুন সমিতি অনুসৰি সভাপতি নীতিশ শৰ্মা, উপ-সভাপতি মঞ্জুশ্ৰী কলিতা, কাৰ্যকৰী সভাপতি পংকজ মেধি, সম্পাদক দিব্যজ্যোতি দাস, যুটীয়া সম্পাদক হিৰুল হ'ক, হিমাক্ষী বৰুৱা, সাংগঠনিক সম্পাদক শ্বাহ আলম, বিত্ত সম্পাদক ৰঞ্জিতা দেৱী, প্ৰচাৰ সম্পাদক বসন্ত দাস, সাহিত্য সম্পাদক দৃষ্টিৰূপা বৰদলৈ ৷

সভাত সদস্য ক্ৰমে তথাগত ভট্টাচাৰ্য, অৰ্ণৱ দাস ইত্যাদি উপস্থিত থাকে । জ্যেষ্ঠ সাংবাদিক হিমাংশু অনুপমে মঞ্চৰ সদস্যসকলক কেতবোৰ পৰামৰ্শ প্ৰদান কৰে ৷ সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত নৱনিযুক্ত সভাপতি নীতিশ শৰ্মাই কয় যে, সংবাদ জগতৰ হৈ আগন্তুক সময়ছোৱাত মঞ্চই কাম কৰি যোৱাৰ লগতে গুৰুত্বপূৰ্ণ সামাজিক দিশবোৰতো চকু দিব ।

ইয়াৰোপৰি অতি শীঘ্ৰেই এখনি য়ুথ কনক্লেভ অনুষ্ঠিত কৰাৰ প্ৰসংগ উল্লেখ কৰি তেও কয় যে মঞ্চৰ সদস্যসকলে প্ৰস্তুতি চলাই আছে আৰু অতি সোনকালে তাৰিখ ঘোষণা কৰা হ'ব ৷ উল্লেখ্য যে ২০১৬ চনত কেইগৰাকীমান উদীয়মান সাংবাদিকৰ পৃষ্ঠপোষকতাত গঢ় লৈ উঠিছিল যুৱ সাংবাদিক মঞ্চ, অসম ।

তাৰ পিচত ধাৰাবাহিকভাৱে কেইবাটাও বছৰ অনুষ্ঠান অনুষ্ঠিত কৰাৰ পিচত ২০২০ চনৰ ক'ভিড কালৰ সময়ৰ পৰা কোনোধৰণৰ কাৰ্যসূচী গ্ৰহণ কৰা হোৱা নাছিল । এতিয়া নতুন সমিতিয়ে দায়িত্ব গ্ৰহণ কৰিয়েই কেবাটাও কাৰ্যসূচীৰ পৰিকল্পনা কৰিছে বুলি জানিবলৈ পোৱা গৈছে ।

লগতে পঢ়ক:নতুন বছৰত দ্বিতীয়টো ঋণ ল’বলৈ আগবাঢ়িছে অসম চৰকাৰ

ABOUT THE AUTHOR

...view details