গুৱাহাটী, ২৩ জানুৱাৰী :জয়পুৰ সাহিত্য উৎসৱক বিশ্বৰ অন্যতম বৃহৎ সাহিত্য উৎসৱ হিচাবে বিবেচনা কৰা হয় (Jaipur literary festival)। যাক কোৱা হয় Greatest literary show on earth ৷ এই Greatest literary show on earth ত অংশগ্ৰহণ কৰি সদ্যপ্ৰয়াত জ্ঞানপীঠ বঁটাৰে সন্মানিত কবি নীলমণি ফুকনলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলে অসমৰ এগৰাকী গল্পকাৰে ( Assam writer in Jaipur literary festival 2023)৷
এইবাৰৰ জয়পুৰ সাহিত্য উৎসৱলৈ আমন্ত্ৰণ লাভ কৰিছিল এগৰাকী গল্পকাৰ জুৰি বৰুৱাই ৷ সেই অনুসৰি সাহিত্য উৎসৱটিত উপস্থিত হয়গৈ গল্পকাৰ জুৰি বৰুৱাই ৷ ১৯ জানুৱাৰীৰ পৰা ২৩ জানুৱাৰীলৈ ৫ দিনীয়াকৈ অনুষ্ঠিত হোৱা সাহিত্য উৎসৱটিৰ এক বিশেষ অনুষ্ঠানত অংশগ্ৰহণ গল্পকাৰগৰাকীৰ ৷
অনুষ্ঠানত অংশগ্ৰহণ কৰি ভাষণৰ প্ৰাৰম্ভণিতেই সদ্যপ্ৰয়াত কবিজনালৈ শ্ৰদ্ধাঞ্জলি জুৰি বৰুৱাৰ ৷ লগতে নিজৰ ভাষণ প্ৰসংগত মঞ্চত অসমৰ বিষয়ে চমু আলোকপাতো কৰে গল্পকাৰগৰাকীয়ে ৷ এই অনুষ্ঠানত গল্পকাৰ জুৰিয়ে নিজৰ বক্তব্যৰ আৰম্ভণি কাব্যঋষি নীলমণি ফুকনলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপনেৰে ৷
অসমৰ বাঘজানকাণ্ডৰ কথা উল্লেখ কৰি ইয়াৰ আৰ্থ-সামাজিক প্ৰভাৱ আৰু মানৱাধিকাৰ প্ৰসংগও নিজৰ মন্তব্যত ব্যক্ত কৰে জুৰি বৰুৱাই ৷ বাঘজানক লৈ নিজৰ উৎসুকতাও প্ৰকাশ কৰে উপস্থিত লোকসকলে ৷ বৰ্তমান সময়ৰ অসমৰ এগৰাকী প্ৰতিভাশালী আৰু নিজস্ব শৈলীৰে পাঠকৰ মাজত সুকীয়া স্থান লাভ কৰা এগৰাকী লেখিকা-গল্পকাৰ জুৰি বৰুৱা ৷