গুৱাহাটী, 18 জানুৱাৰী : সোমবাৰে ৰাজীৱ ভৱনত অসম প্ৰদেশ মহিলা কংগ্ৰেছ নেত্ৰীয়ে এখন সংবাদমেল আয়োজন কৰে ৷ ৰাজ্যত বৃদ্ধি পোৱা মহিলা অপৰাধজনিত বিষয়কলৈ সংবাদমেল সম্বোধন কৰে মহিলা কংগ্ৰেছৰ নেত্ৰীবৃন্দই ৷ সংবাদমেল সম্বোধন কৰে ববিতা শৰ্মা, বিধায়িকা নন্দিতা দাস, ৰজলিনা তিৰ্কী, বিস্মিতা গগৈ, জুৰি বৰদলৈয়ে ৷
বিজেপিৰ দিনত অসমত বৃদ্ধি পাইছে নাৰী নিৰ্যাতনৰ ঘটনা : মহিলা কংগ্ৰেছ
গুৱাহাটীত মহিলা কংগ্ৰেছৰ সংবাদমেল ৷ শাসকীয় দললৈ বিভিন্ন প্ৰশ্নৰ উত্থাপন কৰিলে নেত্ৰীবৃন্দই ৷ সংবাদমেলত উপস্থিত বহু কেইগৰাকী কংগ্ৰেছৰ শীৰ্ষ মহিলা নেত্ৰী ৷
সংবাদমেলত মহিলা কংগ্ৰেছৰ অভিযোগ অনুসৰি, অপৰাধ নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰ বিফল হৈছে ৷ নাৰীৰ ওপৰত চলা হিংসাত্মক ঘটনাৰ ক্ষেত্ৰত দেশৰ ভিতৰত অসম প্ৰথম আৰু এয়া এক লজ্জাজনক ঘটনা বুলিও মন্তব্য প্ৰদান কৰে ৷ আনহাতে, অসমত এতিয়া দৈনিক 5 টা তকৈ অধিক বলাৎকাৰৰ ঘটনা সংঘটিত হৈ আছে ৷ তিনিটা বছৰত ভাৰতৰ ভিতৰত প্ৰথম স্থানত আছে অসম নাৰীজনীত অপৰাধৰ বাবে ৷ এটা বিশেষ ধর্মকলৈ এইখন চৰকাৰে ৰাজনীতি কৰে বুলিও মন্তব্য নেত্ৰীবৃন্দৰ ৷
লগতে পঢ়ক :দুদিনীয়া ভ্ৰমণসূচীৰে অসমত উপস্থিত নিৰ্বাচনী আয়োগৰ দল