অসম

assam

By

Published : Oct 22, 2019, 2:58 PM IST

ETV Bharat / state

ৰাজ্যত বন্যজন্তুৰ আক্ৰমণত একেদিনাই নিহত দুজন

ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়াও অব্যাহত আছে বন্যজন্তু আৰু মানুহৰ সংঘাত ৷ সোমবাৰে নিশাৰ ভাগত পৃথকে পৃথকে সংঘটিত হোৱা বন্যজন্তুৰ আক্ৰমণত প্ৰাণ হেৰুৱায় দুগৰাকী লোকে ৷

ৰাজ্যত অব্যাহত বন্যজন্তুৰ সন্ত্ৰাস

নিউজ ডেস্ক, 22 অক্টোবৰঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে বন্যজন্তুৰ তীব্ৰ আগ্ৰাসন ৷ বনাঞ্চলৰ পৰা মুকলি ঠাইলৈ ওলাই অহা বন্যজন্তুৰ আক্ৰমণত ৰাজ্যত ইতিমধ্যেই বহুকেইগৰাকী লোক নিহত হৈছে ৷ অনুৰূপ ঘটনাই পুনৰ সংঘটিত হয় সোমবাৰে নিশাৰ ভাগত ৷ দুটাকৈ পৃথক পৃথক ঘটনাত বন্যজন্তুৰ আক্ৰমণত প্ৰাণ হেৰুৱায় দুগৰাকীকৈ লোকে ৷

লগতে পঢ়কঃ পুত্ৰকো সেনাবাহিনীত যোগদান কৰোৱাৰ সপোন দেখিছিল শ্বহীদ পদম বাহাদুৰে

প্ৰথমটো ঘটনা সংঘটিত হয় শোনিতপুৰ জিলাৰ জামুগুৰিহাট দীঘলিচাপৰিত ৷ জামুগুৰিহাট দক্ষিণাঞ্চলৰ কাজিৰঙা ষষ্ঠ সংযোজনৰ দাঁতিকাষৰীয়া অঞ্চলটোত খাদ্যৰ সন্ধানত ওলাই অহা বন্যহস্তীৰ আক্ৰমণত নিহত হয় জব্বৰ আলী নামৰ এগৰাকী বৃদ্ধ ৷ বন্যহস্তীৰ আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা লোকজনক জামুগুৰি চিকিৎসালয়লৈ অনা হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে লোকজনক ৷ ইতিমধ্যে লোকজনৰ মৃতদেহ মৰনোত্তৰ পৰীক্ষাৰ বাবে তেজপুৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে ৷

ৰাজ্যত অব্যাহত বন্যজন্তুৰ সন্ত্ৰাস

লগতে পঢ়কঃ কামাখ্যাত সাংসদ ৰাজ্যবৰ্ধন সিং ৰাথোৰ

দ্বিতীয়টো ঘটনা সংঘটিত হয় নগাঁও জিলাৰ কলিয়াবৰত ৷ কলিয়াবৰ বাঘৰচুক গাঁৱত বন্য গাহৰিৰ আক্ৰমণত নিহত হয় উপেন বৰা নামৰ লোকজন ৷ নিশাৰ ভাগত খাদ্যৰ সন্ধানত ওলাই অহা তিনিটাকৈ বন্য গাহৰিৰ আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় লোকজন ৷ স্থানীয় ৰাইজে লোকজনক উদ্ধাৰ কৰি জখলাবন্ধা চিকিৎসালয়ত ভৰ্তি কৰায় যদিও চিকিৎসকে মৃত ঘোষণা কৰে উপেন বৰা নামৰ লোকজনক ৷

আনহাতে গোলাঘাট জিলাত সন্ত্ৰাসৰ সৃষ্টি কৰিছে ৭০/৮০ জনীয়া বন্য হস্তীৰ এটা বৃহৎ জাকে ৷ দীৰ্ঘদিন ধৰি জিলাখনৰ মুৰফুলনী অঞ্চলত মুক্ত বিচৰণ কৰি আহিছে বন্যহস্তীৰ দলটোৱে ৷ নিশাৰ ভাগত খাদ্যৰ সন্ধানত বন্যহস্তীৰ দলটোৱে জিলাখনৰ মৰঙী পথাৰ আৰু মুৰফুলনী পথাৰৰ পকিবলৈ লোৱা শ-শ বিঘা খেতিৰ ধান খাই তহিলং কৰিছে ৷ কৰ্মীৰ অভাৱত বন্যহস্তীৰ জাকটোক অঞ্চলটোৰ পৰা খেদি পঠিওৱাত ব্যৰ্থ হৈছে বনবিভাগ ৷

লগতে পঢ়কঃ CID ৰ জালত প্ৰাক্তন কংগ্ৰেছী বিধায়ক এনামূল হক লস্কৰ

একেদৰেই যোৰহাট জিলাত বনবিভাগে পিঞ্জৰাবদ্ধ কৰে এটা নাহৰফুটুকী বাঘ ৷ জিলাখনৰ চিনামৰা চাহ বাগিচাৰ অন্তৰ্গত হাতীগড় চাহ বাগিচাত স্থানীয় ৰাইজৰ সহযোগত বন বিভাগে পিঞ্জৰাবদ্ধ কৰে প্ৰকাণ্ড নাহৰফুটুকী বাঘটো৷

ABOUT THE AUTHOR

...view details