অসম

assam

ETV Bharat / state

সুখবৰ! ৰাজ্যত অচিৰেই বৃদ্ধি পাব কৰ্ম সংস্থাপন - আবেদনকাৰীক 7 দিনৰ ভিতৰতে প্ৰদান কৰা হ'ব জবকাৰ্ড

কৰ'ণাৰ ভয়াৱহতাই ৰাজ্যৰ অৰ্থনীতিলৈ কঢ়িয়াই অনা ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নিৰ্দেশনাত মহাত্মা গান্ধী ৰাষ্ট্ৰীয় নিয়োগ নিশ্চিত আঁচনি ফলপ্ৰসু ভাৱে ৰূপায়ন কৰাৰ বাবে প্ৰদক্ষেপ গ্ৰহণ কৰিছে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে ৷

Assam will seen boast in Employment through PNRD
ৰাজ্যত অচিৰেই বৃদ্ধি পাব কৰ্ম সংস্থাপন

By

Published : May 27, 2020, 6:14 PM IST

গুৱাহাটী, 27 মে': কৰ'ণা মহামাৰীৰ সন্ত্ৰাসৰ মাজতে ৰাজ্যবাসীলৈ সু-খবৰ ৷ কৰ'ণাৰ ভয়াৱহতাই ৰাজ্যৰ অৰ্থনীতিলৈ কঢ়িয়াই অনা ভাবুকিৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নিৰ্দেশনাত মহাত্মা গান্ধী ৰাষ্ট্ৰীয় নিয়োগ নিশ্চিত আঁচনি ফলপ্ৰসু ভাৱে ৰূপায়ন কৰাৰ বাবে প্ৰদক্ষেপ গ্ৰহণ কৰিছে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে ৷ গ্ৰাম্য অৰ্থনীতিৰ সবল কৰাৰ লক্ষ্যৰে আত্মনিৰ্ভৰশীল ভাৰত অভিযানৰ অংশ হিচাপে এমজিএনৰেগা আঁচনিৰ অধীনত কৰ্ম সংস্থাপনৰ ব্যৱস্থা গ্ৰহণ কৰিছে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে ৷ এই কথা ঘোষণা কৰিছে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী নৱ দলেয়ে ৷ বিশেষকৈ ক'ৰণাৰ আতংকৰ বাবে বহিঃৰাজ্যৰ পৰা অহা সকলক তথা ৰাজ্যৰ দৰিদ্ৰ জনতাক উপাৰ্জনৰ পথ দিয়াৰ বাবেই চৰকাৰে এই পদক্ষেপ গ্ৰহণ কৰা বুলি প্ৰকাশ কৰিছে মন্ত্ৰী গৰাকীয়ে ৷

সুখবৰ! ৰাজ্যত অচিৰেই বৃদ্ধি পাব কৰ্ম সংস্থাপন

মন্ত্ৰী গৰাকীয়ে প্ৰকাশ কৰা অনুসৰি অচিৰেই জবকাৰ্ডৰ জৰিয়তে বহু লোকক প্ৰদান কৰা হ'ব উপাৰ্জনৰ পথ ৷ লগতে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ জৰিয়তেও বহু লোকক প্ৰদান কৰা হ'ব উপাৰ্জন সুযোগ ৷ লগতে আবেদনকাৰীক 7 দিনৰ ভিতৰতে প্ৰদান কৰা হ'ব জবকাৰ্ড ৷ ইয়াৰ উপৰিও জবকাৰ্ডৰ অধীনৰ শ্ৰমিকৰ প্ৰতিদিনৰ মজুৰি পূৰ্বৰ 193 টকাৰ পৰা পৰা 213 টকালৈ বৃদ্ধি কৰাৰ কথা ঘোষণা কৰিছে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী গৰাকীয়ে ৷ ইয়াৰ জৰিয়তে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ আত্মনিৰ্ভৰশীল ভাৰতৰ স্বপ্নক বাস্তৱ ৰূপ দিয়া হব বুলি মত প্ৰকাশ কৰিছে সকলোৱে সহযোগিতা আগবঢ়াবলৈ আহ্বান জনাই মন্ত্ৰী নৱ দলেয়ে ৷

লগতে পঢ়কঃ ওদালগুৰিত কোভিড-19 ত আক্ৰান্তৰ হাহাকাৰ অৱস্থা

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details