গুৱাহাটী, ৪ ফেব্ৰুৱাৰী: যদিওবা এই পৰ্যন্ত আনুষ্ঠানিকভাৱে বিধানসভাৰ আগন্তুক বাজেট অধিবেশনৰ দিন ঘোষণা কৰা হোৱা নাই তথাপি ১৪ মাৰ্চৰ পৰা বাজেট অধিৱেশন অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে (Assam Budget 2022) । ইতিমধ্যে ৰাজ্যিক কেবিনেটেও ১৪ মাৰ্চৰ পৰা বাজেট অধিৱেশন অনুষ্ঠিত কৰিবলৈ ৰাজ্যপালক অনুৰোধ জনাইছে ।
বিত্তমন্ত্ৰী হিচাপে অজন্তা নেওগে এইবাৰ দ্বিতীয়খন বাজেট দাখিল কৰিব । ইতিমধ্যে ৰাজ্যৰ বিত্ত বিভাগেও পূৰ্ণ প্ৰস্তুতি চলাইছে নতুন বাজেটৰ । বিত্ত বিভাগৰে এক সুত্ৰৰ পৰা প্ৰাপ্ত খবৰ অনুসৰি এইবাৰ দাখিল হ’বলগীয়া আগন্তুক বাজেটত কোনোধৰণৰ হিতাধিকাৰী সৃষ্টি কৰিবলগীয়া আঁচনিৰ ঘোষণা নাথাকিব । কিয়নো বিগত বৰ্ষৰ বাজেটত এনে বহু হিতাধিকাৰী সৃষ্টিৰ আঁচনি ঘোষণা কৰি সেইবিলাক কাৰ্যকৰী কৰোতে সম্প্ৰতি ৰাজকোষৰ অবস্থা তথৈবচ । হিতাধিকাৰীক সন্তুষ্ট কৰোতে কৰোতে ৰাজভঁৰালৰ তলি ইতিমধ্যে উদং হৈছে ।