অসম

assam

ETV Bharat / state

24 মাৰ্চৰ পৰা 31 মাৰ্চলৈ লক ডাউন ঘোষণা অসম চৰকাৰৰ - মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল

কৰ'ণা সংক্ৰমণ প্ৰতিৰোধৰ বাবে অসম চৰকাৰৰ এই কঠোৰ সিদ্ধান্ত ৷ লক ডাউনৰ নিৰ্দেশনা নামানিলে কঠোৰ হ'ব চৰকাৰ ৷

24 মাৰ্চৰ পৰা 31 মাৰ্চলৈ লক ডাউন ঘোষণা অসম চৰকাৰ
ASSAM WILL BE LOCK DOWN FROM TOMORROW

By

Published : Mar 23, 2020, 5:16 PM IST

Updated : Mar 23, 2020, 7:01 PM IST

জনতা ভাৱনৰ পৰামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল ৷ সংবাদমেলত উল্লেখ কেতবোৰ নীতি নিয়মঃ

  • কাইলৈৰ সন্ধিয়া ছয় বজাৰ পৰা ৩১ মাৰ্চলৈ সম্পূৰ্ণ তলা বন্ধ
  • জৰুৰীকালীন সেৱাৰ বাহিৰে সকলো বন্ধ
  • ৰাস্তালৈ ওলাব নোৱাৰিব কোনো লোক
  • ৰাস্তালৈ ওলালে হ'ব ছমাহৰ পৰা দুই বছৰৰ কাৰাদণ্ড
  • এম্বুলেঞ্চৰ বাহিৰে সকলো যাতায়ত বন্ধ
  • ব্যক্তিগত বাহনৰ যাতায়তো বন্ধ
    এই মুহূৰ্তলৈ অসমত নাই পোৱা কোনো কৰ'ণা অক্ৰান্ত ৰোগীৰ তথ্য
  • সীমিত পৰিমাণৰ কামৰ বাবে খোলা থাকিব বেংক আৰু অৰ্থনৈতিক কাৰ্য
  • মন্দিৰ মছজিদত সমাবেশ কৰিব নোৱাৰিব তিনিজনতকৈ অধিক লোকে
  • খোলা থাকিব ATM,পেট্ৰ'ল পাম্প আৰু গেলেমালৰ দোকান
  • 1 এপ্ৰিলৰ পৰা বিনামূলীয়া ৰেচন প্ৰদানৰ প্ৰচেষ্টা কৰা হ'ব
  • Covid-19 ৰ পৰীক্ষা কেন্দ্ৰ বৃদ্ধি কৰা হ'ব
  • সোণাপুৰৰ অসামৰিক চিকিৎসালয়, ভঙাগড় চকু চিকিৎসা বিভাগক সম্পূৰ্ণৰূপে কৰ'ণা বিভাগলৈ ৰূপান্তৰ
    মন্দিৰ মছজিদত সমাবেশ কৰিব নোৱাৰিব তিনিজনতকৈ অধিক লোকে
  • মেডিকেল কলেজত OPD কৰা হ'ব সীমিত
  • গুৱাহাটীৰ MMC চিকিৎসালয়কো প্ৰয়োজনত সম্পূৰ্ণ কৰ'ণা হাস্পতাললৈ ৰূপান্তৰৰ সিদ্ধান্ত
  • প্ৰয়োজন হ'লে হোটেল, চৰকাৰী-ব্যক্তিগত হোষ্টেলত ৰখা হ'ব ৰোগী
  • কাইলৈ আহি পাব অসমলৈ দুখন ৰে'ল; ৩১ মাৰ্চলৈ আৰু নাহে কোনো ৰে'ল
  • নিৰ্দেশনা নামানিলে আৰক্ষীয়ে IPC মতে ল'ব ব্যৱস্থা
  • এই মুহূৰ্তলৈ অসমত নাই পোৱা কোনো কৰ'ণা অক্ৰান্ত ৰোগীৰ তথ্য
  • কেৰেলা, মহাৰাষ্ট্ৰ আৰু কৰ্ণাটকৰ পৰা অহা কোনো লোকে ১৪ দিনলৈ ঘৰৰ পৰা ওলাব নোৱাৰিব, ওলালে হ'ব গ্ৰেপ্তাৰ
  • ১০৪ নম্বৰত কাইলৈৰ পৰা উপলব্ধ হ'ব কৰ'ণা সংক্ৰান্তীয় সকলো ধৰণৰ তথ্য
  • বহি ৰাজ্যৰ পৰা অহা সকলক ৬০ৰ ঊৰ্ধৰ লোকৰ পৰা আঁতৰত থাকিবলৈ অনুৰোধ
    নিৰ্দেশনা নামানিলে আৰক্ষীয়ে IPC মতে ল'ব ব্যৱস্থা
Last Updated : Mar 23, 2020, 7:01 PM IST

ABOUT THE AUTHOR

...view details