গুৱাহাটী, 20 মাৰ্চ:অসম বিধানসভাৰ বাজেট অধিৱেশনৰ সপ্তম দিনৰ কাৰ্যসূচী সোমবাৰে পুৱা 9.30 বজাৰ পৰা আৰম্ভ হয় ৷ প্ৰশ্নোত্তৰ শিতানেৰে আৰম্ভ হয় বিধানসভাৰ বাজেট অধিবেশনৰ সপ্তম দিনৰ কাৰ্যসূচী । বিধানসভাৰ প্ৰশ্নোত্তৰকালত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰি পুনৰ বাল্যবিবাহৰ বিৰুদ্ধে কঠোৰ দৃষ্টিভংগী গ্ৰহণ কৰাৰ কথা সদৰী কৰে (Assam CM on child marriage) ।
মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে অসমত বাল্যবিবাহৰ বিৰুদ্ধে কঠোৰৰ পৰা কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰা হ’ব ৷ কংগ্ৰেছৰ বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থই ৰাজ্যত চৰকাৰে পকচো (POCSO) আইনৰ অধীনত বাল্যবিবাহৰ বিৰুদ্ধে চলাই থকা অভিযান সন্দৰ্ভত সোধা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই কথা সদৰী কৰে (Operation against child marriage)।
এই সন্দৰ্ভত প্ৰশ্নৰ উত্তৰ দি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, ‘‘বাল্যবিবাহ কৰি সন্তান জন্ম দিয়া কোনো ব্যক্তিক সাৰি যাব দিয়া নহ’ব । আমি আইন মতে ব্যৱস্থা গ্ৰহণ কৰিম । বাল্যবিবাহ 2026 চনত অসমত বন্ধ হ'ব লাগিব । তাৰবাবে যিমান কঠোৰ হ’ব লাগে, চৰকাৰ কঠোৰ হ'ব । বাল্যবিবাহ 2026 চনলৈকে অসমত বন্ধ কৰাৰ বাবে উকীলৰ আইনগত সহায়ৰ বাবে 200 কোটি চৰকাৰে বাজেটত নিৰ্ধাৰণ কৰিছে (Anti child marriage operation in Assam)।’’