অসম

assam

By

Published : Mar 28, 2021, 5:09 PM IST

Updated : Mar 28, 2021, 7:25 PM IST

ETV Bharat / state

৩০ মাৰ্চত অসমলৈ আহিব কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণী

৩০ মাৰ্চত নিৰ্বাচনী প্ৰচাৰৰ বাবে অসমলৈ আহিব স্মৃতি ইৰাণী । তিনিখনকৈ নিৰ্বাচনী সভাত ভাগ লোৱাৰ উপৰি গুৱাহাটীত এখন সংবাদমেল সম্বোধন কৰিব কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ।

অসমলৈ আহিব কেন্দ্ৰীয় মন্ত্রী স্মৃতি ইৰাণী
অসমলৈ আহিব কেন্দ্ৰীয় মন্ত্রী স্মৃতি ইৰাণী

গুৱাহাটী,২৮ মাৰ্চ: প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ পাছত দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে অব্যাহত আছে প্ৰচাৰ অভিযান । ৩০ মাৰ্চত নিৰ্বাচনী প্ৰচাৰৰ বাবে অসমলৈ আহিব কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণী । সিদিনা তেওঁ তিনিখনকৈ নিৰ্বাচনী সভাত ভাগ লোৱাৰ উপৰি গুৱাহাটীত এখন সংবাদমেল সম্বোধন কৰিব ।

৩০ মাৰ্চ মঙলবাৰে পুৱা ১০.৫০ বজাত দিল্লীৰ পৰা বিশেষ বিমানযোগে গুৱাহাটীৰ বৰঝাৰ বিমানবন্দৰত অবতৰণ কৰিব মন্ত্ৰীগৰাকীয়ে । ইয়াৰ পাছত হেলিকপ্তাৰ যোগে বৰভাগলৈ গৈ বৰভাগত দিনৰ ১১.৩০ বজাত আয়োজন কৰা এখন ৰাজহুৱা সভাত ভাগ ল'ব আৰু দলীয় প্ৰাৰ্থী নাৰায়ণ ডেকাৰ হৈ প্ৰচাৰ চলাব ।

তাৰ পৰা তেওঁ গৌৰীপুৰলৈ যাব আৰু দিনৰ ১২.৪৫ বজাত গৌৰীপুৰত আয়োজন কৰা এখন নিৰ্বাচনী সভাত অংশ লৈ প্ৰাৰ্থী বনেন্দ্ৰ কুমাৰ মুছাহাৰীৰ হৈ প্ৰচাৰ চলাব । ইয়াৰ পাছত তেওঁ ধুবুৰীলৈ যাব আৰু দিনৰ ১.৫০ বজাত এখন ৰাজহুৱা সভাত ভাগ লৈ প্ৰাৰ্থী ডঃ দেবাময় সান্যালৰ হৈ প্ৰচাৰ চলাব। বিয়লি ৪ বজাত কেন্দ্ৰীয় মন্ত্রীগৰাকীয়ে গুৱাহাটীলৈ আহি খানাপাৰাস্থিত দলৰ মিডিয়া চেন্টাৰত এখন সংবাদমেল সম্বোধন কৰিব ।

তাৰ পাচত সন্ধিয়া ৫.৪০ বজাত তেওঁ দিল্লী অভিমুখে ৰাওনা হ'ব । উল্লেখ্য যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকে ধৰি বিজেপিৰ প্ৰায় সকলো হাইপ্ৰফাইল নেতাই অসমত ব্যাপক ৰূপত প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে ।

লগতে পঢ়ক: নিৰ্বাচনী ধামখমিয়াৰ মাজত এখন বিদ্যালয়ত উদযাপন জনগোষ্ঠীয় উৎসৱ

Last Updated : Mar 28, 2021, 7:25 PM IST

ABOUT THE AUTHOR

...view details