গুৱাহাটী, 9 মে’: নাৰী নিৰ্যাতনৰ ঘটনা সন্দৰ্ভত সৰৱ হৈছে অসম তৃণমূল মহিলা কংগ্ৰেছৰ এটা সঁজাতী দলৰ (Assam Trinamool Mahila Congress submits memorandum) ৷ শেহতীয়াকৈ অসমত নাৰী নিৰ্যাতনৰ ঘটনাত উদ্বেগ প্ৰকাশ কৰি বিহিত ব্যৱস্থা গ্ৰহণৰ বাবে আৰক্ষীক বাধ্য কৰোৱাৰ দাবীৰে অসম তৃণমূল মহিলা কংগ্ৰেছৰ এটি সঁজাতী দলে ৰাজ্যিক মহিলা আয়োগৰ সদস্য সচিব ড৹ প্ৰীতি লেখা ডেকাক সাক্ষাৎ কৰি মঙলবাৰে এখন স্মাৰক পত্ৰ প্ৰদান কৰে (Crime against Women)।
অসম তৃণমূল মহিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদিকাদ্বয় স্মৃতি শৰ্মা আৰু অঞ্জলি ব্ৰহ্মৰ দ্বাৰা স্বাক্ষৰিত স্মাৰক পত্ৰখন প্ৰদান কৰি তেওঁলোকে কয় যে, 'শেহতীয়াকৈ ৰাজ্যখনত বহু ক্ষেত্ৰত নাৰীসকল অসুৰক্ষিত হৈ পৰা আমি দেখি আহিছো (Crime against Women increase in Assam) । এই সময়ছোৱাত ৰাজ্যৰ ভিন্ন প্ৰান্তত বলাৎকাৰৰ বলি হৈছে বহু মহিলা তথা নাবালিকা । সেইদৰে গুৱাহাটী মহানগৰীত দিন দুপৰতে মহিলাৰ ডিঙিৰ পৰা চেইন চুৰিৰ ঘটনাও নিত্য নৈমিত্তিক ঘটনা হৈ পৰিছে (Chain snatching case in Assam) । কিন্তু আচৰিতভাৱে এই ঘটনাসমূহত জড়িত অভিযুক্তক আৰক্ষীয়ে পদক্ষেপ গ্ৰহণত ব্যৰ্থ হোৱাটো দুৰ্ভাগ্যজনক ।"
স্মাৰকপত্ৰত উল্লেখ কৰা অনুসৰি, বৰডুবিত বিজেপিৰ এগৰাকী পঞ্চায়ত সভাপতিৰ দ্বাৰা নাবালিকাক বলাৎকাৰ সংঘটিত হৈছে । এই ক্ষেত্ৰত দোষীৰ বিৰুদ্ধে আৰক্ষীৰ ব্যৱস্থা শূন্য । আকৌ গোলাঘাট জিলাৰ দেৰগাঁৱত মন্দিৰৰ পুৰোহিতৰ দ্বাৰা ১৩ বছৰীয়া পালিত কন্যাক বলাৎকাৰৰ ঘটনা সংঘটিত হৈছে । কিন্তু অভিযুক্ত সম্ভু দোছাদক আৰক্ষীয়ে কৰায়ত্ব কৰিব পৰা নাই । ইপিনে কাছাৰৰ ৰাজনগৰ কাটাটিল্লাত সঞ্জয় ৰয় নামৰ এজনৰ দ্বাৰা ৯ বছৰীয়া নাবালিকাক বলাৎকাৰ ঘটনা সংঘটিত হৈছে । এই ক্ষেত্ৰতো আৰক্ষীৰ ব্যৱস্থা শূন্য । ধনশিৰি মহকুমাৰ উৰিয়ামঘাটত জাহিৰুল আলম নামৰ লোকজনৰ দ্বাৰা নাবালিকাক অপহৰণ কৰি ধৰ্ষণৰ ঘটনা সংঘটিত হৈছে ।