গুৱাহাটী,১২ জুন: গোৱালপাৰাত দেওবাৰে জোনালী নাথৰ হত্যাকাণ্ড তথা ৰাজ্যখনত নাৰী অসুৰক্ষিত হৈ পৰাৰ সন্দৰ্ভত অসম তৃণমূল মহিলা কংগ্ৰেছে অসম তৃণমূল কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ত সোমবাৰে অনুষ্ঠিত কৰে এখনি সংবাদমেলৰ । সংবাদমেল সম্বোধন কৰি অসম তৃণমূল মহিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদিকা স্মৃতি শৰ্মা হাজৰিকাই হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত ৰাজ্যখনত নাৰী অসুৰক্ষিত হৈ পৰা বুলি অভিযোগ উত্থাপন কৰে ।
প্ৰসংগক্ৰমে তেওঁ শেহতীয়া উদাহৰণ হিচাপে গোৱালপাৰাত দেওবাৰে নিশা শাসনাধিষ্ঠ দলৰ নেত্ৰী জোনালী নাথৰ হত্যাকাণ্ডৰ কথা উল্লেখ কৰে । তেওঁ জোনালী নাথৰ হত্যাকাৰীক শীঘ্ৰে গ্ৰেপ্তাৰ কৰি কঠোৰ শাস্তি বিহাৰ দাবী জনায় । আনহাতে অসম তৃণমূল মহিলা কংগ্ৰেছৰ উপ সভানেত্ৰী আখৰুনা বেগম আৰু কামৰূপ মহানগৰ জিলা তৃণমূল কংগ্ৰেছৰ সভানেত্ৰী ৰেখা বৰগোহাঁয়ে 'বেটী বচাও বেটী পঢ়াও' শ্ল'গান দিয়া চৰকাৰৰ দিনত নাৰীৰ সুৰক্ষা কিয় নোহোৱা হৈছে বুলি প্ৰশ্ন উত্থাপন কৰে ।
তেওঁ লগতে শাসনত থকা চৰকাৰৰ নিজ দলৰ নেত্ৰীৰে য'ত নিৰাপত্তা নাই, তেনেস্থলত বাকী সাধাৰণ মহিলাৰ নিৰাপত্তা ক'ত বুলি প্ৰশ্ন উত্থাপন কৰে । সংবাদমেলত লগতে আৰক্ষী বিষয়া জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰ লগত জড়িতক কৰায়ত্ত কৰাত চৰকাৰৰ ব্যৰ্থতাৰ সন্দৰ্ভতো ক্ষোভ প্ৰকাশ কৰে । লগতে নাৰী অপৰাধৰ ক্ষেত্ৰত অসমে এক নম্বৰ হোৱা বুলিও কটাক্ষ কৰে অসম তৃণমূল মহিলা কংগ্ৰেছৰ বিষয়ববীয়াসকলে ।