গুৱাহাটী, 8 জুলাই: শুকুৰবাৰে গুৱাহাটীৰ জয়ানগৰস্থিত অসম তৃণমূল কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ত অসম তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক সাধাৰণ সম্পাদক দিগন্ত ভূষণ বৰ্মন, অৰূপজ্যোতি ভূঞা আৰু বন্দীপ দত্তই এখন সংবাদমেল সম্বোধন কৰে ৷ সংবাদমেলত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ গৈ ২০১৯ ৰ ১২ ডিচেম্বৰত আৰক্ষীৰ গুলীত প্ৰাণ হেৰুওৱা মহানগৰীৰ হাতীগাঁৱৰ ছাত্ৰ, প্ৰতিভাৱান বাদ্যযন্ত্ৰী চেম ষ্টেফৰ্ডৰ গোচৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰে (Sam Stafford killed in Guwahati)৷
সৰ্বানন্দ সোণোৱাল চৰকাৰৰ দিনত কা আন্দোলনৰ মাজতে আৰক্ষীৰ গুলীত চেমৰ মৃত্যু হোৱাৰ পিছতে হাতীগাঁও আৰক্ষী থানাত এগৰাকী অধিবক্তাৰ এজাহাৰৰ ভিত্তিত গোচৰ ৰুজু হৈছিল (Case on Sam Stafford murder)৷ আৰক্ষীয়ে ২০২১ চনৰ ৩ মাৰ্চত তদন্ত সম্পূৰ্ণ কৰি কামৰূপ মেট্ৰ’ৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত তদন্তৰ চূড়ান্ত প্ৰতিবেদন দাখিল কৰে ৷
আৰক্ষীয়ে তদন্ত প্ৰতিবেদনত এই ঘটনাক ভুলৱশতঃ সংঘটিত হোৱা বুলি উল্লেখ কৰি সমগ্ৰ ঘটনাক গাপ দিবলৈ প্ৰয়াস কৰিছিল বুলি উল্লেখ কৰে তৃণমূল দলে ৷ আদালতে শ্বহীদ চেম ষ্টেফৰ্ডৰ পিতৃলৈ জাননী জাৰি কৰাত শ্বহীদ পিতৃৰ অনুৰোধ মৰ্মে দলটোৰ সভাপতি ৰিপুন বৰাই আইনী সাহায্য দিয়াৰ ব্যৱস্থা কৰে ৷