অসম

assam

ETV Bharat / state

Dilip Kr Sarma quits TMC: তৃণমূল কংগ্ৰেছ এৰি বিজেপিলৈ দিলীপ কুমাৰ শৰ্মা ! - join bjp

তৃণমূল কংগ্ৰেছৰ আদৰ্শ ত্যাগ কৰি দিলীপ কুমাৰ শৰ্মাই সিদ্ধান্ত ল’লে বিজেপিত যোগদান কৰাৰ ৷

assam trinamool congress leader left his party to join bjp
দিলীপ কুমাৰ শৰ্মা

By ETV Bharat Assamese Team

Published : Nov 11, 2023, 12:02 PM IST

গুৱাহাটী, ১১ নৱেম্বৰ :ৰাজনীতিত সকলো‌ সম্ভৱ । দুদিন পূৰ্বে বিজেপি দলৰ বিৰুদ্ধে মুখৰ হৈ থকা অসম তৃণমূল কংগ্ৰেছৰ মিডিয়া অধ্যক্ষ দিলীপ কুমাৰ শৰ্মাই বিজেপিত যোগদান কৰিব । অসম তৃণমূল কংগ্ৰেছৰ মিডিয়া অধ্যক্ষ দিলীপ কুমাৰ শৰ্মাই ইতিমধ্যে অসম তৃণমূল কংগ্ৰেছৰ পৰা পদত্যাগ কৰিছে । ইয়াকেলৈ ৰাজ্যৰ ৰাজনীতিত বিশেষ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

এই সন্দৰ্ভত দিলীপ কুমাৰ শৰ্মাৰ লগত ই টি ভি ভাৰতৰে হোৱা টেলিফোনিক বাৰ্তালাপত দিলীপ কুমাৰ শৰ্মাই কয় - "আজি মই অসম তৃণমূল কংগ্ৰেছৰ পৰা পদত্যাগ কৰিছো ।" তেওঁ জনায় যে আজিয়ে তেওঁ বি জে পি দলত যোগদান কৰিব । তেওঁৰ মতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমৰ উন্নয়ন সাধন কৰি আছে । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উন্নয়নমূলক কামৰ প্ৰতি আকৃষ্ট হৈ তেওঁ বি জে পিত যোগদান কৰিছে ‌বুলি প্ৰকাশ কৰে ।

শৰ্মাই ইতিমধ্যে অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাক তেওঁৰ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে বুলি নিজৰ ‌ছ’চিয়েল মিডিয়া হেণ্ডেলৰ জৰিয়তে সদৰী কৰিছে । মন কৰিবলগীয়া যে, মধ্য প্ৰদেশৰ নিৰ্বাচনী প্ৰচাৰত ব্যস্ত হৈ গুৱাহাটীলৈ উভতি অহাৰ পিচত শনিবাৰে পুৱা দিলীপ কুমাৰ শৰ্মাই মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰে । মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰাৰ‌ পিচতে দিলীপ কুমাৰ‌ শৰ্মাই সভাপতি ৰিপুন বৰাক তেওঁৰ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে বুলি তেওঁ ‌ছ’চিয়েল মিডিয়াৰ জৰিয়তে সদৰী কৰে ।

উল্লেখ্য যে, অসম তৃণমূল কংগ্ৰেছৰ মিডিয়া অধ্যক্ষ হিচাপে দিলীপ কুমাৰ শৰ্মাই প্ৰায়ে বিজেপিৰ বিৰুদ্ধে সৰৱ‌ ভূমিকা গ্ৰহণ কৰি আহিছিল । আনহাতে বিৰোধী দলসমূহৰ ঐক্য মঞ্চই আয়োজন কৰা সকলো সংবাদমেলতে দিলীপ কুমাৰ শৰ্মাই অসম তৃণমূল কংগ্ৰেছৰ মিডিয়া অধ্যক্ষ হিচাপে প্ৰতিনিধিত্ব কৰি বিজেপিৰ বিৰুদ্ধে সৰৱ‌ হৈ আছিল। কিন্তু এনেদৰে হঠাৎ কিহৰ স্বাৰ্থত তেওঁ ত্যাগ কৰিলে দল ? কি ধৰণৰ ৰাজনৈতিক অংকৰ বাবে তৃণমূল কংগ্ৰেছৰ আদৰ্শ ত্যাগ কৰি দিলীপ কুমাৰ শৰ্মাই ৰাতিটোৰ ভিতৰতে মত সলালে সেয়া ৰহস্য হৈ আছে ।

লগতে পঢ়ক :Hike in electricity charges:অনিয়মীয়া বিদুৎ যোগান, তাতে আকৌ বিদ্যুতৰ মাচুল বৃদ্ধি

ABOUT THE AUTHOR

...view details