অসম

assam

ETV Bharat / state

এতিয়াৰে পৰা ঘৰতে বহি অনলাইন যোগে লাভ কৰিব পাৰিব ড্ৰাইভিং লাইচেঞ্চ - মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা

অনলাইনযোগে লাৰ্নাৰ লাইচেন্স প্রাপ্তিৰ সুবিধা আৰু ভেহিকল ফিটনেছ এপ'ৰ আনুষ্ঠানিকভাৱে উন্মোচন কৰে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই। জিলা পৰিবহণ বিষয়া সকলৰ সৈতে মুখ্যমন্ত্ৰীৰ পৰ্যালোচনা বৈঠক । উন্মোচন সভাত মুখ্যমন্ত্ৰীয়ে লগতে ক'লে, বাছৰ ভাড়া বৃদ্ধি কৰা নহ'ব ।

Assam Transport Department Launches ContactLess Driving License Facility
এতিয়াৰে পৰা ঘৰতে বহি অনলাইন যোগে লাভ কৰিব পাৰিব ড্ৰাইভিং লাইচেঞ্চ

By

Published : Sep 3, 2021, 10:53 PM IST

গুৱাহাটী,৩ ছেপ্তেম্বৰঃ গাড়ী চালনৰ অনুজ্ঞাপত্র (ড্ৰাইভিং লাইচেঞ্চ) নথকাসকলৰ বাবে সুখবৰ । এতিয়াৰে পৰা জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়লৈ নোযোৱাকৈ ঘৰৰে পৰাই কম্পিউটাৰত অনলাইন পৰীক্ষা দি লাভ কৰিব পাৰিব শিকাৰুৰ অনুজ্ঞাপত্র । অনলাইন যোগে লাভ কৰিব এই অনুজ্ঞাপত্র ।

তদুপৰি এতিয়াৰে পৰা যিকোনো জিলা পৰিবহণ কার্যালয়তে বাহনৰ ফিটনেছ প্রমাণপত্র নবীকৰণ কৰিব পাৰিব । অসম চৰকাৰৰ পৰিবহণ বিভাগৰ অধীনত 'অনলাইন লাৰ্নাৰ লাইচেন্স প্রাপ্তিৰ সুবিধা(ContactLess Driving License Facility) আৰু mVahan with Fitness Everywhere এপ'ৰ শুকুৰবাৰে আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয় ।

এতিয়াৰে পৰা ঘৰতে বহি অনলাইন যোগে লাভ কৰিব পাৰিব ড্ৰাইভিং লাইচেঞ্চ

গুৱাহাটীৰ অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত আয়োজন কৰা এক অনুষ্ঠানত এই সুবিধা মুকলি কৰে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই । উপস্থিত থাকে পৰিবহণ মন্ত্ৰী চন্দ্রমোহন পাটোৱাৰী ।

লগতে পঢ়ক:বিশ্বনাথত বহৎ পৰিমানৰ অবৈধ অৰুণাচলী সুৰা জব্দ

আনহাতে, অনুষ্ঠানত ৰঙিয়াত স্থাপন কৰিবলগীয়া collection & dismantling centre for end of life vehicles ৰ বুজ‍াবুজিৰ চুক্তি স্বাক্ষৰ কৰা হয় । অসম চৰকাৰৰ পৰিবহণ বিভাগ আৰু K.D. IRON & STEEL CO. ৰ মাজত এই চুক্তি স্বাক্ষৰিত হয় । ৭৫ কোটি টকা ব্যয় সাপেক্ষে আৰম্ভ হ'বলগীয়া এই প্ৰকল্পৰ জৰিয়তে পুৰণি ব্যৱহাৰ অযোগ্য তথা ম্যাদ উকলা গাড়ী সমূহ সংগ্ৰহ আৰু ধ্বংস কৰা হ'ব ।

এতিয়াৰে পৰা ঘৰতে বহি অনলাইন যোগে লাভ কৰিব পাৰিব ড্ৰাইভিং লাইচেঞ্চ

এই প্ৰকল্পত ৫০ জন লোক প্ৰত্যক্ষ আৰু প্ৰায় ৫০০ লোক পৰোক্ষভাৱে নিযুক্ত হ'ব । এই অনুষ্ঠানৰ পাছতে অনুষ্ঠিত হয় জিলা পৰিবহণ বিষয়া সকলৰ সৈতে মুখ্যমন্ত্ৰীৰ পৰ্যালোচনা বৈঠক । বৈঠকত ৰাজ্যৰ আটাইকেখন জিলাৰ জিলা পৰিবহণ বিষয়া সকলৰ সৈতে বিভিন্ন বিষয়ত আলোচনা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।

লগতে পঢ়ক:বৃহৎ নদী বান্ধ অসমৰ জৈৱ-বৈচিত্ৰৰ প্ৰতি ভাবুকি; লখিমপুৰত বীৰ লাচিত সেনাৰ প্ৰতিবাদ

ইফালে, সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই কয় যে, বৰ্তমানলৈ ১৮ টা অনলাইন সেৱা প্ৰৱৰ্তনৰ ব্যৱস্থা কৰা হৈছে । বাছৰ ভাড়া বৃদ্ধি সন্দৰ্ভত সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্রীগৰাকীয়ে কয়, বাছৰ ভাড়া বৃদ্ধি কৰা নহ'ব । পৰৱৰ্তী সময়ত আলোচনা কৰি বিষয়টোৰ সন্দৰ্ভত সিদ্ধান্ত লোৱা হ'ব । লগতে অহা ১৫ দিনৰ ভিতৰত চিত্ৰ গৃহসমূহ খোলা সন্দৰ্ভত চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিব বুলিও কয় মুখ্যমন্ত্ৰী গৰাকীয়ে ৷

লগতে পঢ়ক:ৰাজ্যত অব্যাহত আছে বাৰ্মিজ চুপাৰিৰ ৰমৰমীয়া ব্যৱসায়

ABOUT THE AUTHOR

...view details