অসম

assam

ETV Bharat / state

পৰিবহণ বিভাগে পুনৰ বৃদ্ধি কৰিলে বকেয়া কৰ আদায়ৰ সময়সীমা - Assam transport department

যান-বাহনৰ গৰাকী সকলৰ সুবিধাৰ্থে বকেয়া কৰ বা ৰাজহ আদায় দিয়াৰ অন্তিম সময়সীমা শেষবাৰৰ বাবে ৩১ ডিচেম্বৰলৈ পুনৰ বৃদ্ধি কৰিছে পৰিবহণ বিভাগে (extended the time of arrears submit)। বকেয়া কৰ আদায় নিদিয়া আৰু ম্যাদ উকলি যোৱা নথিপত্ৰ সমূহ নবীকৰণ নকৰা বাহনৰ বিৰুদ্ধে পহিলা জানুৱাৰীৰ পাছত বিশেষ অভিযান চলোৱা হ'ব । এই কথা সদৰী কৰিছে সহকাৰী পৰিবহণ আয়ুক্ত আৰু কামৰূপৰ মহানগৰ জিলাৰ জিলা পৰিবহণ বিষয়াই ৷

extended the time of arrears submit
পৰিবহন বিভাগে পুনৰ বৃদ্ধি কৰিলে বকেয়া কৰ আদায়ৰ সময়সীমা

By

Published : Dec 4, 2021, 9:58 PM IST

গুৱাহাটী, ৪ ডিচেম্বৰ : ক’ভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি অসম চৰকাৰৰ পৰিবহণ বিভাগে যান-বাহনৰ গৰাকী সকলৰ সুবিধাৰ্থে বকেয়া কৰ বা ৰাজহ আদায় দিয়াৰ অন্তিম সময়সীমা শেষবাৰৰ বাবে ৩১ ডিচেম্বৰলৈ পুনৰ বৃদ্ধি কৰিছে(extended the time of arrears submit)। এই সন্দৰ্ভত সহকাৰী পৰিবহণ আয়ুক্ত আৰু কামৰূপৰ মহানগৰ জিলাৰ জিলা পৰিবহণ বিষয়া(পঞ্জীয়ন আৰু অনুজ্ঞাপত্ৰ) গৌতম দাসে জানিবলৈ দিয়া মতে, এইবাৰ শেষবাৰৰ বাবে পৰিবহণ বিভাগে বকেয়া কৰ আদায় দিয়াৰ অন্তিম সময়সীমা বৃদ্ধি কৰিছে ।

সকলো যান-বাহনৰ গৰাকীক এই নিৰ্ধাৰিত সময়ৰ ভিতৰত বকেয়া কৰ (Traffic arrears) আদায় দিয়াৰ লগতে যান-বাহনৰ যাৱতীয় নথি-পত্ৰ নবীকৰণ কৰিবলৈ আহ্বান জনোৱা হৈছে । ৩১ ডিচেম্বৰৰ অন্তিম সময়সীমাৰ ভিতৰত বকেয়া কৰ আদায় নিদিয়া আৰু ম্যাদ উকলি যোৱা নথিপত্ৰ সমূহ নবীকৰণ নকৰা বাহনৰ বিৰুদ্ধে পহিলা জানুৱাৰীৰ পাছত বিশেষ অভিযান চলোৱা হ'ব বুলি সদৰী কৰে পৰিবহন বিষয়া গৰাকীয়ে ।

অভিযানত বকেয়া কৰ আদায় নিদিয়াকৈ যান-বাহন চলাই থকা ধৰা পৰিলে তেনে বাহনৰ গৰাকীৰ পৰা অতিৰিক্ত জৰিমনা আদায় লোৱা হ'ব । মূলতঃ ক’ভিড পৰিস্থিতি স্বাভাৱিক অৱস্থালৈ ঘূৰি অহাৰ পাছত কেন্দ্ৰীয় চৰকাৰৰ পথ পৰিবহণ মন্ত্রণালয়ে যান-বাহনৰ গৰাকী সকলক কৰ আদায় দিয়াৰ বাবে সাতবাৰকৈ সময়সীমা বৃদ্ধি কৰিছিল ।

সেই অন্তিম সময়সীমা ইতিমধ্যে ৩১ অক্টোবৰত উকলি গৈছিল । তাৰ পাছতো অসম চৰকাৰৰ পৰিবহণ বিভাগে ৩০ নৱেম্বৰ আৰু শেহতীয়াকৈ ৩১ ডিচেম্বৰলৈকে নথি-পত্ৰ নবীকৰণসহ অন্তিম সময়সীমা বৃদ্ধি কৰিলে । বিভাগীয় কৰ্তৃপক্ষই জানিবলৈ দিয়া মতে, ৩০ নৱেম্বৰত প্ৰথম অন্তিম সময়সীমা উকলি যোৱাৰ পূৰ্বতে একাংশ যান-বাহনৰ গৰাকীয়ে বিভাগক বকেয়াসহ যাৱতীয় কৰ-কাটল আদায় দিছে ।

কিন্তু কেইবাবাৰো সংবাদ মাধ্যমৰ জৰিয়তে আবেদন-নিবেদন জনোৱা স্বত্বেও বহু যান-বাহনৰ গৰাকীয়ে অদ্যাপি পৰিবহণ বিভাগক কৰ আদায় দিয়া নাই । যাৰ বাবে বকেয়াসহ যাৱতীয় কৰ আদায় নিদিয়া যান বাহনৰ গৰাকী সকলক শেষবাৰৰ বাবে ৩১ ডিচেম্বৰৰ ভিতৰত কৰ আদায় দিবলৈ বিভাগীয় কৰ্তৃপক্ষই আহ্বান জনাইছে ।

লগতে পঢ়ক:Propaganda Against Akhil: শিৱসাগৰ টাউনত হোৱা উচ্ছেদৰ লগত জড়িত অখিল গগৈ !

ABOUT THE AUTHOR

...view details