গুৱাহাটী, ২ চেপ্টেম্বৰ:ৰাজ্য চৰকাৰে শেহতীয়াকৈ গুৱাহাটী মহানগৰীকে ধৰি চহৰাঞ্চলৰ উন্নয়নৰ বাবে গ্ৰহণ কৰা বিশেষ পদক্ষেপক আদৰণি জনাইছে আসাম ৰিয়েল ইষ্টেট ইনফ্ৰাষ্টাকছাৰ ডেভল'পাৰ্ছ এছ'চিয়েছন চমুকৈ 'এৰিডা'ই (Assam Real Estate Infrastructure Developers Association) ।
উল্লেখ যে বুধবাৰে জি এম ডি এৰ প্ৰেক্ষাগৃহত ট্ৰেঞ্জিট অৰিয়েণ্টেড ডেভেলপমেণ্ট (টি অ' ডি) (Transit oriented development) আৰু ট্ৰান্সফাৰেবল ডেভেলপমেণ্ট ৰাইটছ (টি ডি আৰ) অৰ্থাৎ অসম চৰকাৰৰ স্থানান্তৰযোগ্য উন্নয়ন অধিকাৰৰ খচৰা অধিসূচনা সন্দৰ্ভত এক শুনানি অনুষ্ঠিত হয় (Assam towards adoption of modern rules)।
উক্ত শুনানিত আসাম ৰিয়েল ইষ্টেট ইনফ্ৰাষ্টাকছাৰ ডেভল'পাৰ্ছ এছ'চিয়েছন চমুকৈ 'এৰিডা'ৰ বিষয়ববীয়াই অংশগ্ৰহণ কৰে । শুনানিত এৰিডাৰ তৰফৰ পৰা গঠনমূলক পৰামৰ্শৰ লগতে কেতবোৰ মতামত আগবঢ়োৱা হয় । এই সন্দৰ্ভত এৰিডাৰ সভাপতি পি কে শৰ্মাই কয় যে, এৰিডাই চৰকাৰী এই উদ্যোগক আদৰণী জনাইছে । তেওঁ লগতে কয় যে নব্বৈৰ দশকৰ পৰা এই নিয়ম বিশ্বজুৰি নগৰ পৰিকল্পনাৰ ক্ষেত্ৰত প্ৰযোজ্য হৈ আছে । অসমে অৱশেষত আধুনিক এই নিয়মৰ সুবিধা লাভ কৰিব ।
ৰাষ্ট্ৰীয় টি অ' ডি নীতিৰ অধিসূচনা ২০১৭ চনতে জাৰি কৰা হৈছিল আৰু দেশৰ কেইবাখনো চহৰে ইতিমধ্যে ইয়াক গ্ৰহণ কৰিছে । চৰকাৰৰ ওপৰত কোনো বিত্তীয় বোজা অবিহনে পথ প্ৰশস্তকৰণ আৰু অন্যান্য ৰাজহুৱা সুবিধাৰ বাবে ভূমি অধিগ্ৰহণৰ উপায় হিচাপে টি ডি আৰে সমগ্ৰ উদ্দেশ্যটো কাৰ্যত ৰূপায়িত কৰিবলৈ সম্ভৱ কৰি তুলিব ।
আনহাতে ট্ৰাঞ্জিট অৰিয়েণ্টেড ডেভেলপমেণ্টৰ লক্ষ্য হৈছে জন পৰিবহন নোডছ আৰু মুখ্য পথৰ ওচৰত উচ্চ ঘনত্বৰ আৱাসিক, বাণিজ্যিক আৰু মিশ্ৰিত ব্যৱহাৰ বিকাশক উৎসাহিত কৰি খোজ কঢ়া দূৰত্বৰ ভিতৰত ৰাজহুৱা পৰিবহনৰ বাবে সহজ উপলব্ধতা বৃদ্ধি কৰা । ইয়াৰ বাবে ৰাষ্ট্ৰীয় নীতি অনুসৰি ফ্ল'ৰ এৰিয়া ৰেচিঅ' ৪০০ লৈকে প্ৰস্তাৱিত কৰা হৈছে । ইয়াৰ দ্বাৰা জনসংখ্যাৰ এক বৃহৎ অংশৰ লোকে তেওঁলোকৰ গন্তব্যস্থানলৈ যাতায়ত কৰাৰ ক্ষেত্ৰত ৰাজহুৱা পৰিবহনৰ সুবিধাসমূহলৈ সহজে যাব পাৰিব ।