অসম

assam

ETV Bharat / state

First FlyBig flight : গুৱাহাটী-ডিব্ৰুগড়-গুৱাহাটী পোনপটীয়া যাত্ৰীবাহী দৈনিক বিমান সেৱা আৰম্ভ কৰিলে ফ্লাই বিগে

অসমত ফ্লাই বিগৰ গুৱাহাটী-ডিব্ৰুগড় যাত্ৰীবাহী বিমান সেৱা আৰম্ভ (First FlyBig flight from Guwahati to Dibrugarh)৷ ১৫ মে’ৰ পৰা আৰম্ভ হ’ব গুৱাহাটী-শিলচৰ-গুৱাহাটী সেৱা ৷ ষ্টেট ভায়েবিলিটি গেপ ফাণ্ডিং আঁচনিৰ অধীনত চলিব এই বিমান দুখন (First FlyBig flight in Assam) ৷

By

Published : May 1, 2023, 2:10 PM IST

First FlyBig flight from Guwahati to Dibrugarh
১৫ মে’ৰ পৰা আৰম্ভ হ’ব গুৱাহাটী-শিলচৰ-গুৱাহাটী সেৱা

১৫ মে’ৰ পৰা আৰম্ভ হ’ব গুৱাহাটী-শিলচৰ-গুৱাহাটী সেৱা

গুৱাহাটী, ১ মে’ :আগশাৰীৰ বিমান সংস্থা ফ্লাই বিগে দৈনিক গুৱাহাটী-ডিব্ৰুগড় আৰু ডিব্ৰুগড়-গুৱাহাটীৰ পুৱা-সন্ধিয়া পোনপটীয়াকৈ বিমান সেৱা আৰম্ভ কৰিছে । আজি অৰ্থাৎ সোমবাৰে গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত উদ্বোধনী বিমানখনৰ ফ্লেগ অফ কৰে অসমৰ পৰ্যটন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই (Assam tourism minister flags off first FlyBig flight from Guwahati to Dibrugarh) ।

দৈনিক পুৱা ০৯:৩৫ বজাত চলিব আৰু সন্ধিয়া ০৪:৩০ বজাত গুৱাহাটীলৈ উভতি আহিব এই বিমানখন । আনহাতে, ডিব্ৰুগড়ৰ পৰা গুৱাহাটী অভিমুখী বিমানখনৰ ফ্লেগ অফ কৰে অসম পৰ্যটন উন্নযন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱা আৰু ডিব্ৰুগড়ৰ উপায়ুক্ত বিশ্বজিৎ পেগুৱে (First FlyBig flight in Assam) ৷

অসমত ফ্লাই বিগৰ গুৱাহাটী-ডিব্ৰুগড় যাত্ৰীবাহী বিমান সেৱা আৰম্ভ

সংবাদ মাধ্যমৰ আগত অসমৰ পৰ্যটন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সপোনৰ প্ৰকল্পটো পূৰ্ণাংগ কৰি উত্তৰ-পূৰ্বাঞ্চলৰ বিমান সেৱাই ঢুকি নোপোৱা অঞ্চলসমূহক বিমান সংযোগৰ যোগেদি সংযোগ কৰিবলৈ অসম চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ ৷ ইয়াৰ উপৰিও তেওঁ সদৰী কৰে যে ফ্লাই বিগে ১৫ মে’ৰ পৰা গুৱাহাটী-শিলচৰ-গুৱাহাটী সেৱাও আৰম্ভ কৰিব । অসমৰ বাবে অসম পৰ্যটন নিগমৰ (ATDC) দ্বাৰা আঞ্চলিক বিমান সংযোগৰ প্ৰসাৰৰ বাবে ভাইবিলিটি গেপ ফাণ্ডিঙৰ অধীনত চলাচল কৰিব এই বিমান দুখন ।

তেওঁ লগতে কয়, ‘‘বানপানীৰ বাবেই হওঁক বা ৰাজ্যৰ আটাইতকৈ দূৰৱৰ্তী অঞ্চলসমূহত সংযোগ প্ৰদানৰ বাবেই হওঁক, ফ্লাই বিগ আমাৰ মুখ্যমন্ত্ৰীৰ প্ৰথম পছন্দ’’ । ‘‘গুৱাহাটীৰ পৰা ডিব্ৰুগড়লৈ আৰু আকৌ গুৱাহাটীলৈ অহা এই নতুন প্ৰত্যক্ষ বিমানখন আৰম্ভ কৰি আমি ৰোমাঞ্চিত হৈছো । এই পথটো অসমবাসীৰ দীৰ্ঘদিনীয়া দাবী আৰু ইয়াক পূৰণ কৰিবলৈ সক্ষম হোৱাত আমি গৌৰৱান্বিত’’ । ফ্লেগ অফ অনুষ্ঠানৰ পিচতে এইদৰে কয় অসমৰ পৰ্যটন উন্নয়ন নিগমৰ পৰিচালন সঞ্চালক পদ্মপাণি বৰাই ৷

ইফালে এই নতুন দৈনিক বিমান সেৱাই অসমৰ দুখন ডাঙৰ চহৰ ডিব্ৰুগড় আৰু গুৱাহাটীৰ মাজতো সংযোগ বৃদ্ধি কৰিব । ই কেৱল পৰ্যটককে নহয়, ব্যৱসায়িক ভ্ৰমণকাৰী, ছাত্ৰ-ছাত্ৰী আৰু এই দুখন চহৰৰ মাজত অহা-যোৱা কৰিবলগীয়া স্থানীয় লোকসকলকো উপকৃত কৰিব বুলি মন্তব্য কৰে পদ্মপাণি বৰাই ৷

আনফালে, ডিব্ৰুগড়ৰ পৰা ফ্লেগ অফ অনুষ্ঠানত ভাষণ দি অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱাই কয়, ‘‘ফ্লাই বিগক তেওঁলোকৰ নতুন সেৱাৰ বাবে আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছো আৰু আমাৰ ৰাজ্যৰ সংযোগ উন্নত কৰাৰ বাবে তেওঁলোকৰ দায়বদ্ধতাৰ বাবে ধন্যবাদ জনাইছো । মই নিশ্চিত যে এই নতুন বিমান সেৱাই পৰ্যটনক প্ৰসাৰিত কৰা আৰু অঞ্চলটোৰ অৰ্থনৈতিক বৃদ্ধিৰ ক্ষেত্ৰত বহুখিনি সহায় কৰিব’’ ।

লগতে পঢ়ক :Bhut jolokia crops damaged : ধুমুহা-বতাহত ধেমাজিৰ চিৰিপানীত নষ্ট কেইবাবিঘা ভোট জলকীয়াৰ খেতি

ABOUT THE AUTHOR

...view details