গুৱাহাটী, 4 মে' : যিসময়ত অসমলৈ দলে দলে দেশী-বিদেশী পৰ্যটকৰ আগমন ঘটে , সেই সময়খিনিতে এইবাৰ বৃহৎ লোকচানৰ সন্মুখীন হ'বলগীয়া হ'ল ৰাজ্যৰ পৰ্যটন বিভাগ । প্ৰথমে আৰম্ভ হ'ল "কা" বিৰোধী আন্দোলন । তাৰ পিছত চলিল ধাৰাবাহিক লক্ ডাউন । এই দুয়োটাই প্ৰায় তিনি হাজাৰ কোটি টকাৰ লোকচানৰ মুখলৈ লৈ গল অসমৰ পৰ্যটন উদ্যোগক । এতিয়া কিদৰে এই বৃহৎ ক্ষতিৰ কিছু অংশ হ'লেও কম কৰিব পাৰি তাৰেই ৰূপৰেখা প্ৰস্তুত কৰাত ৰাজ্যৰ পৰ্যটন বিভাগ ব্যস্ত হৈ পৰিছে ।
অসম পৰ্যটনে অনাগত দিনত সৰ্বাধিক গুৰুত্ব দিব ঘৰুৱা পৰ্যটনত ৷ ইটিভি ভাৰতক জনালে পৰ্যটন সঞ্চালক দেৱ কুমাৰ মিশ্ৰই ৷ অসমৰ বিভিন্ন পৰ্যটনস্থলীৰ প্ৰতি অসম-উত্তৰ পূৱৰ লোকক আকৰ্ষিত কৰিবলৈ ল'ব বিশেষ পদক্ষেপ ৷ ইতিমধ্যে বিভাগীয় বিষয়া-ট্যুৰ অপাৰেটৰৰ বৈঠকো সম্পন্ন হৈছে ৷ বিভাগীয় সঞ্চালক গৰাকীয়ে আৰু জনোৱা মতে বিদেশী পৰ্যটকৰ আশা এতিয়া অসমে অন্ততঃ কিছু দীঘলীয়া সময়ৰ বাবে বাদ দিব লাগিব ।
দেশী পৰ্যটকৰ ক্ষেত্ৰতো মহাৰাষ্ট্ৰ, দিল্লী, গুজৰাটৰ পৰাই অধিক পৰ্যটকৰ আগমন ঘটে অসমলৈ । কিন্তু ক'ৰণাই বাৰুকৈয়ে জোঁকাৰি গৈছে এই কেইখন ৰাজ্যক । তুলনামূলকভাৱে অসম বা উত্তৰ-পূৱেই এই সময়ত কিছু পৰিমাণে নিৰাপদ হৈ আছে । সেয়েহে ঘৰুৱা পৰ্যটনৰ ওপৰতে সৰ্বাধিক গুৰুত্ব দিবলৈ সাজু হৈছে পৰ্যটন বিভাগ ।