অসম

assam

ETV Bharat / state

Assam Tourism: সাগৰমালা উন্নয়ন নিগমৰ সৈতে অসম পৰ্যটন নিগমৰ বুজাবুজি চুক্তি

গুৱাহাটীৰ 7টাকৈ তীৰ্থস্থান ভ্ৰমণ কৰিব পাৰিব জাহাজেৰে ৷ আগন্তুক ডেৰ বছৰৰ ভিতৰত কাৰ্যক্ষম হৈ উঠিব এই সুবিধা ৷ 45 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হ’ব এই প্ৰকল্প (Assam tourism development) ৷

Assam Tourism
Assam Tourism

By

Published : May 19, 2023, 5:13 PM IST

গুৱাহাটী, 19 মে’: অসম চৰকাৰ পৰ্যটন উন্নয়ন নিগম আৰু সাগৰমালা উন্নয়ন নিগমৰ মাজত বুজাবুজি চুক্তি স্বাক্ষৰ (Assam govt MoU with Sagarmala) ৷ শুকুৰবাৰে অসম পৰ্যটন বিভাগৰ উদ্যোগত খানাপাৰাৰ প্ৰশাসনিক মহাবিদ্যালয়ত স্বাক্ষৰিত হয় এই চুক্তি ৷ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই স্বাক্ষৰ কৰে এই চুক্তি ৷ অনুষ্ঠানত উপস্থিত থাকে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, পৰ্যটন বিভাগৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱা, অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱাকে ধৰি বহুকেইগৰাকী বিশিষ্ট ব্যক্তি ৷

উল্লেখ্য যে, সাগৰমালাৰ উদ্যোগত মহানগৰীৰ 7 টাকৈ স্থানত চলিব জাহাজ ৷ দুঘণ্টাতকৈ কম সময়ত পৰিভ্ৰমণ কৰিব পাৰিব এই 7 টা স্থান ৷ এই সমগ্ৰ প্ৰকল্পটোত ব্যয় কৰা হ’ব মুঠ 45 কোটি টকা ৷ সাগৰমালাৰ উদ্যোগত ভ্ৰমণ কৰিব পৰা স্থান কেইটা হ’ব কামাখ্যা, শুক্লেশ্বৰ, উমানন্দ, আউনিআটি, অশ্লকান্ত, চক্ৰেশ্বৰ আৰু দৌলগোবিন্দ ৷ মহানগৰীৰ উজান বজাৰৰ হনুমানঘাটৰ পৰা আৰম্ভ হ’ব এই যাত্ৰা (Assam tourism) ৷

সাগৰমালা উন্নয়ন নিগমৰ সৈতে অসম পৰ্যটন নিগমৰ বুজাবুজি চুক্তি

বুজাবুজি চুক্তিত স্বাক্ষৰ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে এই প্ৰকল্পৰৰ বাবে কেইবাখনো নতুন জাহাজ অনা হ’ব ৷ ফিনিকুলাৰ ৰে’লৱে ট্ৰলিৰে ব্ৰহ্মপুত্ৰৰ পৰা কামাখ্যালৈ পোনে পোনে যাত্ৰীসকল আহিব পাৰিব বুলিও সদৰী কৰে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই (CM Himanta Biswa Sarma) ৷ এই ব্যৱস্থাই গুৱাহাটী পৰ্যটনৰ প্ৰতি মানুহৰ আকৰ্ষণ বৃদ্ধি কৰিব বুলিও কয় মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ ইফালে, এই প্ৰকল্পৰ বাবে ভাৰত চৰকাৰৰ সাগৰমালা কৰ্পৰেশ্যনে 55 শতাংশ পুঁজি আৰু অসম পৰ্যটন উন্নয়ন নিগমে বিনিয়োগ কৰিব 45 শতাংশ পুঁজি (Assam water tourism) ৷

এই বুজাবুজি চুক্তিয়ে অসমৰ নদী পৰ্যটনক এক নতুন মাত্ৰা প্ৰদান কৰিব বুলি মন্তব্য পৰ্যটন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ (Minister Jayanta Malla Baruah) ৷ এই প্ৰকল্পৰ কাম শীঘ্ৰেই আৰম্ভ কৰাৰ লগতে আগন্তু ডেৰ বছৰৰ ভিতৰত ই কাৰ্যক্ষম হৈ উঠিব বুলিও কয় মন্ত্ৰী বৰুৱাই ৷

লগতে পঢ়ক:CID team in Nagaon : মৰিকলংঙৰ আৰক্ষী চকীৰ OC মনোজ বৰুৱাক CID ৰ তলব

ABOUT THE AUTHOR

...view details