গুৱাহাটী, 22 নৱেম্বৰঃ আগন্তুক ১৫ ফেব্ৰুৱাৰীত গুৱাহাটীত অনুষ্ঠিত হ'ব ফিল্ম ফেয়াৰ। দেশৰ নামি দামী তাৰকাৰে ভৰি পৰিব মহানগৰী। ইতিমধ্যেই এই অনুষ্ঠানৰ বাবে যো-জা আৰম্ভ কৰিছে অসম পৰ্যটন নিগমে। চলিত মাহৰ ২৫ তাৰিখে হোটেল তাজ ভিভান্তাত টাইমছ অৱ ইণ্ডিয়া গ্ৰুপ আৰু অসম পৰ্যটন উন্নয়ন নিগমৰ মাজত স্বাক্ষৰিত হ'ব বুজাবুজিৰ চুক্তি । য'ত উপস্থিত থাকিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল । সেই অনুষ্ঠানতেই ফিল্ম ফেয়াৰৰ স্থান আনুষ্ঠানিকভাৱে ঘোষণা কৰা হ'ব। শুকুৰবাৰে এই কথা সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে অসম পৰ্যটনৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱাই। বৰুৱাৰ মতে এই ব্যয়বহুল অনুষ্ঠানতে অসম পৰ্যটনত এক নতুন দিগন্তৰ সূচনা কৰিব। ফিল্ম ফেয়াৰৰ জৰিয়তে অসম পৰ্যটনক বিশ্বৰ আগত চিনাকী কৰি দিয়াৰ লক্ষ্য বিভাগটোৰ।
ইফালে মুম্বাই,মহাৰাষ্ট্ৰত গুটখা নিষিদ্ধ। কিন্তু ফিল্ম ফেয়াৰ কৰ্তৃপক্ষই অধিকাংশ গুটখা কোম্পানীৰ স্পন্সৰৰ দ্বাৰাহে আয়োজন কৰে এই অনুষ্ঠান। মুম্বাইত গুটখা নিষিদ্ধ বাবেই অসমত এই ব্যয়বহুল অনুষ্ঠান আয়োজন কৰা হৈছে বুলি বিভিন্ন পক্ষই অভিযোগ উত্থাপন কৰে।