অসম

assam

By

Published : May 24, 2020, 10:02 AM IST

Updated : May 24, 2020, 10:21 PM IST

ETV Bharat / state

9 বজালৈ শীৰ্ষ দহটা খবৰ

শীৰ্ষ 10 টা খবৰ

শীৰ্ষ 10 টা খবৰ
শীৰ্ষ 10 টা খবৰ

9 বজাৰ শীৰ্ষ দহটা খবৰ-

1.2.9 কোটি ভাৰতীয়ৰ ব্যক্তিগত তথ্য ফাদিল চাইবাৰ অপৰাধীৰ

2.9 কোটি চাকৰি প্ৰত্যাশী ভাৰতীয়ৰ ব্যক্তিগত তথ্য ফাদিল চাইবাৰ অপৰাধীৰ ৷ ই-মেইল, ফোন নম্বৰ, ঘৰৰ ঠিকনা, অৰ্হতা, কৰ্ম অভিজ্ঞতা আদি ফাদিল কৰিলে ডাৰ্ক ৱেবত ৷

2.কৃষি সম্প্ৰসাৰণ বিষয়াৰ বিৰুদ্ধে গোচৰ অসম নৱ নিৰ্মাণ সেনাৰ

আমগুৰি মহকুমা কৃষি কাৰ্যালয়ৰ কৃষি সম্প্ৰসাৰণ বিষয়া ৰঞ্জিত নাথ, পত্নী আৰু পুত্ৰৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে সেনাৰ কেন্দ্ৰীয় সভাপতি দিগন্ত শইকীয়াই । ইতিমধ্যে আমগুৰি আৰক্ষী থানাত ৯৯/২০ নম্বৰত গোচৰ ৰুজু হোৱাৰ লগতে ১২০ বি/ ৪০৯/ ৪২০ ধাৰাৰ অধীনত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে ।

3.নৌকাবিহাৰ কৰিবলৈ গৈ বিলত সলিল সমাধি যুৱকৰ

নৌকাবিহাৰ কৰিবলৈ গৈ বিলত সলিল সমাধি যুৱকৰ । মৃত্যু হয় নিতু আলী নামৰ 22 বছৰীয়া যুৱকজনৰ ।

4.যোৰহাটত শ্ৰমিকৰ মাজত খাদ্য সামগ্ৰী বিতৰণ দল-সংগঠনৰ

দেওবাৰে যোৰহাটত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু জে পি আৰ য়ুথ ক্লাৱে শ্ৰমিকসকলৰ মাজত বিতৰণ কৰে খাদ্য সামগ্ৰী ৷ চৰকাৰে হিতাধিকাৰীসকলক সাহাৰ্য আগবঢ়াইছে যদিও বহু সংখ্যক শ্ৰমিক বঞ্চিত হৈ আছে চৰকাৰী সাহাৰ্যৰ পৰা ৷ সেয়েহে এই সংগঠন দুটিয়ে গ্ৰহণ কৰে এই সিদ্ধান্ত ৷

5.দিহিং পাটকাইত খননৰ বিৰুদ্ধে তীব্ৰ হুংকাৰ কলিতা জনগোষ্ঠীয় সন্মিলনৰ

পাটকাইত মুক্ত কয়লা খননৰ বাবে চৰকাৰে লোৱা সিদ্ধান্তৰ বিৰুদ্ধে কলিতা জনগোষ্ঠীয় সন্মিলনৰ তীব্ৰ প্ৰতিবাদ ৷ চৰকাৰে তাৎক্ষণিকভাৱে দিহিং পাটকাইত মুক্ত খননৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰিবলৈ চৰকাৰক দাবী জনায় ।

6.মহানগৰীত বাতিল ঈদৰ সকলো কাৰ্যসূচী

দেশৰ ভিন্ন প্ৰান্তত মহামাৰী কৰ'ণা আৰু লকডাউনৰ পৰিপ্ৰেক্ষিতত ঈদৰ সকলো কাৰ্যসূচী বাতিল কৰিছে ঈদগাহ তথা মছজিদ কমিটীসমূহে । মহানগৰীৰ গাড়ীগাঁও ঈদগাহ ময়দানত এইবাৰ নহয় ঈদৰ কোনো কাৰ্যসূচী । কৰ'ণাৰ ভয়াৱহতাৰ বাবেই বাতিল কৰা হৈছে সকলো কাৰ্যসূচী ।

7.ঈদৰ প্ৰাকক্ষণত ডিব্ৰুগড়ত হিন্দু-মুছলমানৰ সম্প্ৰীতিৰ মিলন

ডিব্ৰুগড়ৰ লালুকা গাঁৱৰ কুমাৰণীছিগা আৰু বৰপথাৰত হিন্দু-মুছলমানৰ সম্প্ৰীতিৰ মিলন ৷ বৰপথাৰৰ হিন্দু যুৱকে মছজিদৰ দেৱালত বেনাৰ আঁৰি দি ঈদৰ শুভেচ্ছা জ্ঞাপন কৰে কুমাৰণীছিগাত বাস কৰা ইছলাম ধৰ্মাৱলম্বী লোকসকলক ৷ পূৰ্বৰে পৰাই দুয়োটা সম্প্ৰদায়ৰ মাজত এই মিলনৰ ধাৰা অব্যাহত আছে বুলি জানিব পৰা গৈছে ৷

8.বালিপৰা-ধেমাজী সংযোগী ১৫নং ৰাষ্ট্ৰীয় ঘাইপথ জলমগ্ন

নেৰা নেপেৰা বৰষুণ পৰাত বালিপৰাত ১৫ নং ৰাষ্টীয় ঘাইপথ জলমগ্ন, ক্ৰমাৎ বৃদ্ধি পাইছে জীয়াভৰলীৰ জলস্তৰ ৷

9.শোচনীয় মানৱীয় সংকটৰ প্ৰত্যক্ষদৰ্শী ভাৰত

ভাৰতীয় মূলৰ বেলজিয়ান অৰ্থনীতিবিদ জিয়ান ড্ৰেজেৰ ভাৰতৰ খাদ্য সংকট সন্দৰ্ভত মত প্ৰকাশ ৷ ইনাডুৰ বিশেষ সংবাদদাতা এম. এল. নৰছিমহা ৰেড্ডীৰ সৈতে ড্ৰেজেৰ সাক্ষাৎকাৰ ৷ প্ৰব্ৰজিত শ্ৰমিক সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায় ড্ৰেজেই ৷

10.কৰাচীত 1000 তকৈও অধিক লোকৰ সমূহীয়া নামাজত অংশগ্ৰহণ

পাকিস্তানত মাৰ্চ মাহৰ মাজৰ পৰাই চলি আছে লক ডাউন । কিন্তু দেশখনত বৃদ্ধি পোৱা কৰ'ণা মহামাৰী সংক্ৰমণ তথা চিকিৎসক সকলৰ সাৱধানবাণীৰ পিছতো প্ৰধানমন্ত্ৰী ইমৰাণ খানে ৰমজান উপলক্ষে মছজিদ সমূহ খোলা ৰখাৰ বাবে অনুমতি প্ৰদান কৰে ।

লগতে পঢ়ক:বাক্সাৰ খাৰুৱাজান কোৱাৰেন্টাইন কেন্দ্ৰৰ পৰা মুকলি 60 জন লোকক

Last Updated : May 24, 2020, 10:21 PM IST

ABOUT THE AUTHOR

...view details