অসম

assam

ETV Bharat / state

পুৱা 9 বজাৰ শীৰ্ষ দহটা বাতৰি - দহটা বাতৰি

পুৱা 9 বজাৰ শীৰ্ষ দহটা বাতৰি

Assam Top10
দহটা বাতৰি

By

Published : Oct 26, 2020, 9:11 AM IST

পুৱা 9 বজাৰ শীৰ্ষ দহটা বাতৰি-

1.অৱশেষত যুদ্ধবিৰতিলৈ অহাৰ সিদ্ধান্ত আৰ্মেনিয়া আৰু আজাৰবেইজানৰ

আমেৰিকা ষ্টেট ডিপাৰ্টমেণ্টে জনোৱা মতে,নাগোৰ্নো-কাৰাবাখ সংঘৰ্ষৰ যুদ্ধ বিৰতিত সন্মতি প্ৰদান কৰিছে আৰ্মেনিয়া আৰু আজাৰবেইজানে ৷ এই সন্দৰ্ভত দুয়োখন দেশৰ প্ৰতিনিধিয়ে 29 অক্টোবৰত জেনেভাত এক বৈঠকত মিলিত হ’ব আৰু অন্তিম সহমত সিদ্ধান্তত উপনীত হ’ব ৷ প্ৰতিনিধিসকলৰ ভিতৰত আছে মিন্সক গ্ৰুপৰ সহ অধ্য়ক্ষ আৰু আৰ্মেনিয়া-আজাৰবেইজানৰ বিদেশ মন্ত্ৰীসকল ৷

2. বিহাৰক বিনামুলীয়া প্ৰতিষেধক, বাকীবোৰ ৰাজ্য বাংলাদেশৰ নেকি ?

দাদৰৰ ছাভাৰকাৰ হলত অনুষ্ঠিত হোৱা শিৱসেনাৰ বাৰ্ষিক দশেৰা সমদলত অংশগ্ৰহণ কৰি মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰে বিজেপিক সমালোচনাৰে তুলাধুনা দিয়ে ৷ বিহাৰ বিধানসভা নিৰ্বাচনক লৈ বিজেপিয়ে ইস্তাহাৰত প্ৰকাশ কৰা বিনামুলীয়া কোভিড প্ৰতিষেধকক লৈ সৰৱ হৈ পৰে থাকৰে ৷ দেশৰ বাকীবোৰ ৰাজ্যক কেন্দ্ৰীয় চৰকাৰে বালাংদেশৰ অংশ বুলি ধৰি লৈছে বুলি কয় থাকৰে ৷

3. ক্ৰীড়া ক্ষেত্ৰক প্ৰাধান্য দি ৰাজস্থান চৰকাৰৰ প্ৰশংসনীয় পদক্ষেপ

ৰাজস্থানৰ চৰকাৰে গ্ৰহণ কৰিছে প্ৰশংসনীয় পদক্ষেপ ৷ বিশেষ আঁচনিৰ অধীনত ক্ৰীড়াক্ষেত্ৰৰ 29 গৰাকীকৈ পদক বিজয়ী খেলুৱৈক চৰকাৰী চাকৰিত নিযুক্তি দিয়া হ'ব ৷ ইয়াৰ উপৰি ৰাজ্যখনৰ খেলুৱৈ সকলৰ দৈনিক ভাট্টাও দুগুণ বৃদ্ধি কৰা হ'ব ৷

4. বালি ছিণ্ডিকেটঃ ৰাইজৰ ৰুদ্ৰমূৰ্তি

মৰিগাঁৱত বনবিভাগৰ লোকক আৱদ্ধ কৰে ৰাইজে ৷ অবৈধ বালি ছিণ্ডিকেটৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত ক্ষুব্ধ হৈ পৰে ৰাইজ ৷

5.কোভিড সংক্ৰমণ ৰোধ কৰিবলৈ সমগ্ৰ ফ্ৰান্সত নৈশ-সান্ধ্য আইন বলৱৎ

ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী পেড্ৰ' চানছেজে দেশখনত কোভিড-19ৰ ভয়াৱহ সংক্ৰমণ ৰোধ কৰিবলৈ নৈশ সান্ধ্য আইন বলৱৎ কৰাৰ বিষয়ে সংবাদমাধ্যমৰ আগত প্ৰকাশ কৰিছে ৷ আন্তঃৰাষ্ট্ৰীয় সময় অনুসৰি, ৰাতি 23:00 বজাৰ পৰা ৰাতিপুৱা 06:00 বজালৈ সমগ্ৰ ফ্ৰান্সতে এই আইন বলৱৎ হৈ থাকিব ৷

6. কেৰিয়াৰৰ 92 সংখ্যক জয় ব্ৰিটিছ ড্ৰাইভাৰ লেৱিছ হেমিল্টনৰ

পৰ্তুগাল গ্ৰাঁ-পিক্সত জয়লাভেৰে জাৰ্মানীৰ মাইকেল চুমাখাৰৰ ফৰ্মুলা ৱানৰ অভিলেখ ভংগ কৰিবলৈ সক্ষম হয় মাৰ্চিডিছ বেঞ্জৰ চালক তথা খৈলুৱৈ লেৱিছ হেমিল্টনে ৷

7.মৰাণত দেৱীৰ আশীষ ল'লে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে

মৰাণৰ বিধায়ক চক্ৰধৰ গগৈৰ সৈতে মৰাণৰ সাৰ্বজনীন দুৰ্গা পূজা মণ্ডপত উপস্থিত হৈ দেৱীৰ আশীৰ্বাদ ল'লে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে ৷

8.নগাঁৱত সপ্তম শ্ৰেণীৰ ছাত্ৰই নিৰ্মাণ কৰা ক্ষুদ্ৰ প্ৰতিমাৰে পূজা অৰ্চনা

নগাঁৱৰ বৈদ্যটুপৰ ধ্ৰুৱজ্যোতি শইকীয়া নামৰ সপ্তম শ্ৰেণীৰ ছাত্ৰগৰাকীয়ে অতি ক্ষুদ্ৰভাৱে মাটিৰে নিৰ্মাণ কৰা প্ৰতিমাৰে অঞ্চলবাসীয়ে কৰিছে আৰাধনা ৷

9.তিনিচুকীয়াৰ কাকপথাৰত কিশোৰীৰ মৃত্যুক লৈ চাঞ্চল্য

কিশোৰী গৰাকী বিগত ৫ দিনৰ পৰা জ্বৰত ভূগি আছিল ৷ প্ৰথম পৰ্যায়ত প্ৰাথমিক চিকিৎসা প্ৰদান কৰিছিল চিকিৎসক ৰামাদ্যা শৰ্মাই ৷ পুনৰ ৫ দিনৰ পাছত আজি জ্বৰ হোৱাত চিকিৎসক গৰাকীয়ে চিকিৎসা প্ৰদান কৰি বেজি প্ৰদান দিয়াৰ কিছু সময়ৰ পাছতে কিশোৰী গৰাকীৰ মৃত্যু হোৱাৰ অভিযোগ উত্থাপিত হৈছে চিকিৎসক গৰাকীৰ বিৰুদ্ধে ৷

10. অসমত কোনো কাৰণতে মিঞা সংগ্ৰহালয় স্থাপন কৰা নহয় : হিমন্ত বিশ্ব শৰ্মা

বিধায়ক শ্বেৰমান আলীয়ে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত মিঞা সংগ্ৰহালয় স্থাপনৰ দাবী জনোৱা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই । অসমৰ সভ্যতা-সংস্কৃতিত এচামে আক্ৰমণ কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে । পূৰ্বে নামনি আৰু মধ্য অসমত এনে আক্ৰমণ চলিছিল যদিও এতিয়া সভ্যতাত আক্ৰমণ চলিছে বুলি মন্তব্য মন্ত্ৰী শৰ্মাৰ ৷

ABOUT THE AUTHOR

...view details