অসম

assam

ETV Bharat / state

চাৰি বজাৰ শীৰ্ষ বাতৰিসমূহ..... - ASSAM TOP NEWS 10@4 PM

চাৰি বজাৰ শীৰ্ষ বাতৰিসমূহ.....

চাৰি বজাৰ শীৰ্ষ বাতৰিসমূহ.....
চাৰি বজাৰ শীৰ্ষ বাতৰিসমূহ.....

By

Published : Jun 1, 2020, 4:00 PM IST

বৰপেটা মইনবৰীত শ্লুইছ গেট নিৰ্মাণত ব্যাপক দুৰ্নীতি!

বৰপেটা জিলাৰ বাঘবৰ সমষ্টিৰ অন্তৰ্গত মইনবৰীত শ্লুইছ গেট নিৰ্মাণৰ নামত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷ বৰপেটা মণ্ডলৰ অন্তৰ্গত প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনত 2017-18 বৰ্ষৰ পশ্চিম মইনবৰী তাৰাকান্দি পথত শ্লুইছ গেট নিৰ্মাণৰ বাবে চৰকাৰে প্ৰায় 73 লাখ টকা আবন্টন দিয়ে।

দেৱাশীষ গগৈ হত্যাকাণ্ডৰ বিৰুদ্ধে শিৱসাগৰত প্ৰতিবাদ

দেৱাশীষ গগৈৰ হত্যাকাৰীক ফাষ্ট ট্ৰেক আদালতত বিচাৰ কৰি উপযুক্ত শাস্তিৰ দাবী জনোৱাৰ লগতে যুৱকজনৰ পৰিয়াল বৰ্গক ২০ লাখ টকাৰ ক্ষতিপূৰণ আৰু এটা চাকৰি প্ৰদানৰ দাবী জনায় টাই আহোম যুৱ পৰিষদ অসমৰ সদস্য সকলে ৷

ছয়গাঁৱত এহেজাৰ টকীয়া দুৰ্নীতিঃ ৰঙাঘৰলৈ পঞ্চায়ত সভাপতি

দুৰ্নীতিৰ অভিযোগত অভিযুক্ত হৈ আত্মগোপন কৰি থকা ছয়গাঁও বিধানসভা সমষ্টিৰ আচলপাৰা গাঁও পঞ্চায়তৰ সভাপতি তথা প্ৰদেশ যুৱ কংগ্ৰেছৰ সম্পাদক আব্দুল ৰেজ্জাকক গ্ৰেপ্তাৰ। লক ডাউনৰ সময়ত কেন্দ্ৰীয় চৰকাৰে ৰেচন কাৰ্ড নথকা দুখীয়া লোকক এহেজাৰ টকাকৈ প্ৰদান কৰা ধনৰ নামত এইগৰাকী কংগ্ৰেছী পঞ্চায়ত সভাপতিয়ে গৰৈমাৰী খণ্ড উন্নয়ন বিষয়াৰে মিলি দুৰ্নীতিত লিপ্ত হোৱাৰ অভিযোগ উঠিছিল ।

হাজোৰ ৰামদিয়াত শিপিনিৰ মৌন প্ৰতিবাদ

লক ডাউনৰ মাজতে কামৰূপ জিলাৰ হাজোত ৰামদিয়া চৈতন্যদেৱ চিল্ক উইভিং সমবায় সমিতিৰ শিপিনিৰ মৌন প্ৰতিবাদ ৷ কৰ'ণাৰ সন্ত্ৰাসৰ বাবে দেশজুৰি বলৱৎ হোৱা লক ডাউনৰ বাবে বাবে ব্যৱসায় বন্ধ হৈ পৰাত লোকচানৰ সন্মুখীন হোৱা শিপিনীসকলে সহায়ৰ দাবীৰে সাব্যস্ত কৰিছে এই প্ৰতিবাদ ৷

বৰভাগ মহাবিদ্যালয় পৰিৱৰ্তিত কোৱাৰেণ্টাইন কেন্দ্ৰলৈ

নলবাৰীৰ বৰভাগ মহাবিদ্যালয়ত স্থাপন কৰা হৈছে কোৱাৰেণ্টাইন কেন্দ্ৰ ৷ জিলা প্ৰশাসনৰ তৎপৰতাত সজাই পৰাই অত্যাধুনিক ৰূপেৰে কোৱাৰেণ্টাইন কেন্দ্ৰলৈ ৰূপান্তৰিত কৰা বৰভাগ মহাবিদ্যালয়লৈ ইতিমধ্যে সোঁত বৈছে বহিঃৰাজ্যৰ পৰা অহা যাত্ৰীসকলৰ ৷

শিৱসাগৰৰ চিন্তামণিগড়ত অগ্নিকাণ্ড

শিৱসাগৰ জিলাৰ গৌৰীসাগৰৰ চিন্তামণিগড়ত অগ্নিকাণ্ডত জাহ যায় এটা বাসগৃহ । চিন্তামণিগড় ১নং গাঁৱৰ সৰুবা আলী নামৰ ব্যক্তিজনৰ গৃহত সংঘটিত হয় অগ্নিকাণ্ডটো। চিলিণ্ডাৰত জুই লাগি অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱা বুলি উল্লেখ কৰে স্থানীয় লোকে।

গুপ্ত হত্যাৰ দৰে কাৰ্যত লিপ্ত হৈ পৰিছে নেকি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল!

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল গুপ্ত হত্যাৰ দৰে কাৰ্যত লিপ্ত হৈ পৰিছে নেকি" এই মন্তব্য কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সভাপতি ৰাজু বৰাৰ। দৰাচলতে, ডিব্ৰুগড় জিলাৰ চাবুৱাৰ ৰংচকী পুনুঙাৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ আঞ্চলিক সম্পাদক দ্বীপন জ্যোতি ফুকনক দুস্কৃতিকাৰীয়ে অপহৰণ কৰাৰ লগতে বিজেপিৰ বিৰোধিতা কৰিলে প্ৰাণে মৰাৰ ভাবুকি প্ৰদান কৰে।

ডুমডুমাৰ বাইপাছত টায়াৰ জ্বলাই পথ অৱৰোধ

প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ পথ বে-আইনীভাৱে স্থানান্তৰ কৰা বাবে সোমবাৰে ডুমডুমাত পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে একাংশ স্থানীয় লোকে । দৰাচলতে কাকজান গাঁও পঞ্চায়তৰ চুকৰেটিং-শীতলপাটী গাঁৱৰ বাবে অনুমোদন হোৱা এটা পথৰ নিৰ্মাণ কাৰ্য বৰডুবি গাঁও পঞ্চায়তত আৰম্ভ কৰাক কেন্দ্ৰ কৰি সোমবাৰে ডুমডুমাৰ বাইপাছত টায়াৰ জ্বলাই পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে চুকৰেটিং-শীতলপাটী গাঁৱৰ একাংশ ৰাইজে ।

মুখ্যমন্ত্ৰীৰ হাতত প্ৰতিবেদন দাখিল কৰিলে অৰ্থনৈতিক পৰামৰ্শদাতা কমিটিয়ে

মহামাৰী কৰ'ণাৰ ফলত ক্ষতি হোৱা অৰ্থনীতিৰ বাবে দেওবাৰে এখন প্ৰতিবেদন দাখিল কৰে,সুভাষ দাসৰ নেতৃত্বত এপ্ৰিলত গঠন হোৱা 8 জনীয়া কমিটিয়ে ৷ এই কমিটি খনৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ৷

প্ৰকৃতিপ্ৰেমীৰ প্ৰচেষ্টাত দুষ্প্ৰাপ্য প্ৰজাতিৰ বৰ কাছ মুকলি হাটীপুখুৰীত

প্ৰকৃতি তথা জীৱ কূল ধ্বংস কৰি পৰিৱেশৰ প্ৰতি ভাবুকি কঢ়িয়াই অনাৰ বিপৰীতে, ঢকুৱাখনাৰ দীপাংকৰ দত্ত নামৰ এগৰাকী প্ৰকৃতিপ্ৰেমী ব্যক্তিয়ে বটদ্ৰৱা থানৰ হাটীপুখুৰীত এটা কাছ মুকলি কৰি দেখুৱালে প্ৰকৃতিৰ প্ৰতি সচেতনতা ৷

ABOUT THE AUTHOR

...view details