9 বজালৈ আজিৰ দহটা বাতৰি-
সোৱণশিৰিৰ বান প্ৰতিহত কৰিবলৈ জলসম্পদ বিভাগে ২ কোটি ১৪ লাখ টকা ব্যয় কৰি নিৰ্মাণ কৰিছিল ধুনাগুৰীৰ পৰা চেনিমৰা ঘাট সংযোগী বৃহৎ মঠাউৰী | কিন্তু আশ্চৰ্যকৰভাৱে বিজ্ঞানসন্মত প্ৰযুক্তিৰ সলনি কেৱল বালিৰে মঠাউৰি নিৰ্মান কৰি বাৰিষা ফেনে ফুটুকাৰে বাঢ়ি অহা সোৱণশিৰিক বাধা দিয়া বৃথা চেষ্টা কৰিছে ৰাজ্যৰ জলসম্পদ বিভাগটোৱে ।
2.ঠিকাদাৰৰ গাফিলটিৰ বাবেই সমাধা নহয় মহানগৰীৰ কৃত্ৰিম বনপানীৰ সমস্যাঃ প্ৰাক্তন মেয়ৰ মৃগেন শৰণীয়া
25 শতাংশ কাম কৰি 100 শতাংশৰ বিল লয় ঠিকাদাৰ সকলে ৷ ইয়াৰ উপৰিও প্ৰশাসনিক বিষয়া সকলে ঠিকাদাৰৰ কামৰ ওপৰত চকু নিদিলে মহানহৰীৰ কৃত্ৰিম বানপানীৰ সমস্যা অধিক ভয়াৱহ হ'ব পাৰে বুলি মন্তব্য কৰে গুৱাহাটী মহানগৰীৰ প্ৰাক্তন মেয়ৰে ৷
3.মুণ্ডন কৰি দিহিং পাটকাইৰ কয়লাৰ মুক্ত খননৰ প্ৰতিবাদ শিৱসাগৰৰ নিজৰা ফুকন
নিজৰা ফুকনে প্ৰকৃতিৰ সুৰক্ষাৰ স্বাৰ্থত দেশব্যাপি সজাগতা সৃষ্টি কৰাৰ লক্ষ্যৰে দেশৰ ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী আৰু কেন্দ্ৰীয় বন আৰু পৰিৱেশ মন্ত্ৰীক স্মাৰকপত্ৰ প্ৰদান কৰিবলৈ বিগত সময়ত ঐতিহ্যমণ্ডিত চৰাইদেউ মৈদামৰ পৰা ২২৪৬ কিলোমিটাৰ পদযাত্ৰা কৰি নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত উপস্থিত হৈছিল ।
4.লখিমপুৰত দিহিং পাটকাইত কয়লাৰ মুক্ত খননৰ প্ৰতিবাদ ছাত্ৰ সন্থাৰ
দিহিং পাটকাই হস্তী বনাঞ্চলৰ সংৰক্ষণৰ দাবীত দেওবাৰে সদৌ অসম ছাত্ৰ সন্থাৰ লখিমপুৰ জিলা সমিতিয়ে সাব্যস্ত কৰে প্ৰতিবাদ । হাতে হাতে প্লেকাৰ্ড লৈ দিহিং পাটকাইক সংৰক্ষণৰ দাবী উত্থাপন কৰে সংগঠনটোৰ সদস্যসকলে ।
5.কোৱাৰেণ্টাইন কেন্দ্ৰ পৰিদৰ্শনৰ বাবে জোনাইত উপস্থিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল
এই অভাৱনীয় পৰিস্থিতিত সকলো ৰাইজকে চৰকাৰী নীতি নিয়ম মানি চলিবলৈ আহ্বান জনাই মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ লগতে কৰ'ণাৰ বিৰুদ্ধে এই যুঁজত ৰাইজৰ জয় হব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷