অসম

assam

ETV Bharat / state

কেন্দ্ৰৰ নতুন শিক্ষানীতি বিশ্লেষণ কৰিব ৰাজ্যৰ 40জনীয়া সমিতিয়ে - 40-Member Committee

নতুন শিক্ষানীতিৰ বিভিন্ন বিষয় গৱেষণা আৰু বিশ্লেষণ কৰাৰ বাবে পেনেলখনৰ কেবাটাও উপ-গোট প্ৰস্তুত কৰা হ'ব ৷ NEPৰ কাৰ্যকৰীকৰণৰ বাবে কিছু সংস্কাৰৰ প্ৰয়োজন হ'ব আৰু সমিতিখনৰ এটা সুস্থ ৰূপান্তৰ নিশ্চিত কৰাৰ লক্ষ্যৰে কাম কৰিব লাগিব বুলি মন্তব্য কৰে মন্ত্ৰী শৰ্মাই ৷ ইয়াৰোপৰি তেওঁ কয় যে,অসম চৰকাৰে নতুন নীতিৰ এই ঐতিহাসিক পদক্ষেপক স্বাগতম জনাইছে ৷ ইয়াৰোপৰি NEPত প্ৰস্তাৱিত কিছু সংস্কাৰ ইতিমধ্যে ৰাজ্য চৰকাৰে কৰিছে ৷

New Education Policy
গুৱাহাটী

By

Published : Aug 14, 2020, 1:20 AM IST

গুৱাহাটী, 13 আগষ্টঃঅসম চৰকাৰে কেন্দ্ৰৰ নতুন শিক্ষানীতি বাস্তৱায়িত কৰাৰ উদ্দেশ্যে এখন 40জনীয়া সমিতি গঠন কৰে বুলি জানিবলৈ দিয়ে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ শিক্ষা বিভাগৰ প্ৰধান সচিবৰ নেতৃত্বত পেনেলখন আগন্তুক সপ্তাহত গঠন কৰা হ'ব বুলি সংবাদমেলৰ জৰিয়তে জানিবলৈ দিয়ে মন্ত্ৰীগৰাকীয়ে ৷ তেওঁ কয় যে,31 ডিচেম্বৰত সমিতিখনৰ প্ৰতিবেদন জমা দিয়া হ'ব আৰু জানুৱাৰীৰ পৰা ৰাজ্যত ইয়াক কাৰ্যকৰী কৰা হ'ব ৷

তেওঁ কয় যে,নতুন নীতিৰ বিভিন্ন বিষয় গৱেষণা আৰু বিশ্লেষণ কৰাৰ বাবে পেনেলখনৰ কেবাটাও উপ-গোট প্ৰস্তুত কৰা হটব ৷ NEPৰ কাৰ্যকৰীকৰণৰ বাবে কিছু সংস্কাৰৰ প্ৰয়োজন হ'ব আৰু সমিতিখনৰ এটা সুস্থ ৰূপান্তৰ নিশ্চিত কৰাৰ লক্ষ্যৰে কাম কৰিব লাগিব বুলি মন্তব্য কৰে মন্ত্ৰী শৰ্মাই ৷ ইয়াৰোপৰি তেওঁ কয় যে,অসম চৰকাৰে নতুন নীতিৰ এই ঐতিহাসিক পদক্ষেপক স্বাগতম জনাইছে ৷ ইয়াৰোপৰি NEPত প্ৰস্তাবিত কিছু সংস্কাৰ ইতিমধ্যে ৰাজ্য চৰকাৰে কৰিছে ৷

ই এক বিস্তৰ উদাৰবাদী নীতি ৷ যিয়ে পঞ্চম শ্ৰেণীলৈ মাতৃভাষাত শিক্ষা দান কৰিব ৷ দ্বাদশ শ্ৰেণীলৈ শিক্ষাৰ সাৰ্বভৌমিকৰণ,ছাত্ৰক মহাবিদ্যালয়ত পাৰ্থক্য আৰু অনুশাসনাত্মক বিষয়সমূহত আগবঢ়াই লৈ যাব ৷ ব্যৱসায়িক অধ্যয়নতো জোৰ দিয়া হ'ব ৷ এই নতুন নীতিক কেন্দ্ৰীয় চৰকাৰে 29 জুলাইত অনুমতি প্ৰদান কৰিছিল ৷

লগতে পঢ়কঃস্বাধীনতা দিৱসক লৈ বিশ্বনাথত ব্যাপক প্ৰস্তুতি

ABOUT THE AUTHOR

...view details