অসম

assam

ETV Bharat / state

গুণোৎসৱৰ দৰে এইবাৰ হ’ব স্বাস্থ্য উৎসৱ - Covid vaccination drive

গুৱাহাটীত নিয়মীয়া টিকাকৰণক লৈ ৰাজ্যিক কৰ্মশালা উদ্বোধন কৰি স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ ঘোষণা । শিক্ষানুষ্ঠানসমূহৰ মূল্যায়নৰ বাবে হোৱা গুণোৎসৱৰ ধাৰণাটোৰ সৈতে কিছু ক্ষেত্ৰত মিল থকাকৈ এই স্বাস্থ্য উৎসৱ অনুষ্ঠিত কৰা হ’ব (Assam to have health festival for evaluation)। সকলো স্বাস্থ্য উপকেন্দ্ৰ, হেল্থ এণ্ড ৱেলনেছ চেণ্টাৰ, প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ, সামূহিক স্বাস্থ্যকেন্দ্ৰ, খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ, আদৰ্শ চিকিৎসালয়, অসামৰিক চিকিৎসালয়ক সামৰি দুমাহৰ ভিতৰতে হ’ব স্বাস্থ্য উৎসৱ ৷

Assam to have health festival for evaluation infrastructure survey
অসমত চৰকাৰী চিকিৎসালয়ৰ সেৱাৰ মূল্যায়ন

By

Published : Aug 26, 2022, 10:56 PM IST

গুৱাহাটী, ২৬ আগষ্ট : চৰকাৰী চিকিৎসালয়সমূহৰ আন্তঃগাঁঠনি আৰু সেৱাৰ মান পৰ্যালোচনাৰ বাবে অসমত স্বাস্থ্য উৎসৱৰ আয়োজন কৰিব ৰাজ্য চৰকাৰে । গুৱাহাটীৰ অসম প্ৰশাসনিক পদাধিকাৰীৰ মহাবিদ্যালয়ত স্বাস্থ্য বিভাগৰ দ্বাৰা আয়োজিত এখন ৰাজ্যিক পৰ্যায়ৰ কৰ্মশালা উদ্বোধন কৰি স্বাস্থ্য আৰু পৰিয়াল কল্যান মন্ত্ৰী কেশৱ মহন্তই আজি অৰ্থাৎ শুকুৰবাৰে এই কথা ঘোষণা কৰে (Assam to have health festival for evaluation infrastructure survey of government hospital services)।

স্বাস্থ্যসেৱা সঞ্চালকালয়ে (পৰিয়াল কল্যাণ) ৰাজ্যত নিয়মীয়া টিকাকৰণ কাৰ্যসূচীৰ অধিক জোৰদাৰ আৰু ফলপ্ৰসূ ৰূপায়ন সন্দৰ্ভত দুদিনীয়াকৈ আয়োজন কৰা কৰ্মশালা শুকুৰবাৰে আনুষ্ঠানিকভাৱে উদ্বোধন কৰি স্বাস্থ্যমন্ত্ৰী মহন্তই কয় যে, মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ পৰামৰ্শৰ আধাৰত ৰাজ্যখনৰ চুকে-কোণে থকা প্ৰতিখন চৰকাৰী চিকিৎসালয়ৰে আন্তঃগাঁঠনি, চিকিৎসা সা-সুবিধা আদি বিভিন্ন দিশ সামৰি এক বিশেষ জৰীপ চলাবলৈ ঠিৰাং কৰা হৈছে ।

আন্তঃগাঁঠনি জৰীপৰ বাবে হ’ব স্বাস্থ্য উৎসৱ

জিলাসমূহত থকা সকলো স্বাস্থ্য উপকেন্দ্ৰ, হেল্থ এণ্ড ৱেলনেছ চেণ্টাৰ, প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ, সামূহিক স্বাস্থ্যকেন্দ্ৰ, খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ, আদৰ্শ চিকিৎসালয়, অসামৰিক চিকিৎসালয়ক সামৰি আগন্তুক দুমাহৰ ভিতৰতে স্বাস্থ্য উৎসৱ আয়োজনৰ বাবে ইতিমধ্যে প্ৰস্তুতি আৰম্ভ কৰা হৈছে ।

শিক্ষানুষ্ঠানসমূহৰ মূল্যায়নৰ বাবে হোৱা গুণোৎসৱৰ ধাৰণাটোৰ সৈতে কিছু ক্ষেত্ৰত মিল থকাকৈ এই স্বাস্থ্য উৎসৱ অনুষ্ঠিত কৰা হ’ব । মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা মতে, চিকিৎসা মহাবিদ্যালয়সমূহত স্নাতকোত্তৰ শিক্ষা গ্ৰহণ কৰি থকা চিকিৎসা বিজ্ঞানৰ ছাত্ৰ-ছাত্ৰীৰ লগতে স্বাস্থ্য বিভাগৰ বাদে আন চৰকাৰী বিভাগৰ বিষয়াক লৈ গঠিত দলৰ জৰিয়তে এই স্বাস্থ্য উৎসৱৰ সময়ত চৰকাৰী চিকিৎসালয়সমূহৰ সকলো দিশ সামৰি জৰীপ কৰা হ’ব ।

ৰাজ্যিক পৰ্যায়ৰ কৰ্মশালা উদ্বোধন

লগতে পঢ়ক :ছাত্ৰীৰে অশ্লীল বাৰ্তালাপ কৰি ভালপোৱা চেতিয়া ছাৰক নিলম্বন

এই জৰীপৰ আধাৰত চিকিৎসানুষ্ঠানসমূহত সেৱাৰ মান-পৰিসৰ বৃদ্ধিৰ লগতে আন্তঃগাঁঠনিগত দিশতো প্ৰয়োজনীয় কাৰ্য ব্যৱস্থা গ্ৰহণ কৰিব স্বাস্থ্য বিভাগে । উল্লেখ্য যে, অভাৱনীয় ক’ভিড পৰিস্থিতিৰ বাবে বিগত দুটা বছৰত ৰাজ্যত কিছু পৰিমাণে স্থবিৰ হৈ পৰা ভাৰত চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণৰ মহত্বপূৰ্ণ পদক্ষেপ ‘‘নিয়মীয়া টিকাকৰণ’’ কাৰ্যসূচীক পুনৰবাৰ জোৰদাৰ ভাৱে আগবঢ়াই নিয়াৰ কাৰ্যপৰিকল্পনা নিৰূপণৰ বাবে এই ৰাজ্যিক কৰ্মশালাখন আয়োজন কৰা হৈছে ।

গুৱাহাটীত নিয়মীয়া টিকাকৰণক লৈ ৰাজ্যিক কৰ্মশালা উদ্বোধন

স্বাস্থ্য সেৱা সঞ্চালকালয়ে (পৰিয়াল কল্যাণ) ৰাজ্যত নিয়মীয়া টিকাকৰণ কাৰ্যসূচীৰ অধিক ফলপ্ৰসূ ৰূপায়ন সন্দৰ্ভত অসম প্ৰশাসনীয় পদাধিকাৰীৰ মহাবিদ্যালয়ত ২৬ আৰু ২৭ আগষ্টত দুদিনীয়া ৰাজ্যিক স্তৰীয় কৰ্মশালা অনুষ্ঠিত কৰা হৈছে ।

আন্তঃগাঁঠনি জৰীপৰ বাবে হ’ব স্বাস্থ্য উৎসৱ

প্ৰতিখন জিলাৰে অতিৰিক্ত মুখ্য চিকিৎসা তথা স্বাস্থ্য বিষয়া (পৰিয়াল কল্যাণ), জিলা টিকাকৰণ বিষয়া, এনএইচএমৰ জিলা প্ৰকল্প প্ৰৱন্ধকসকলক লৈ আয়োজিত এই কৰ্মশালাত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ প্ৰধান সচিব অবিনাশ যোশী, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান (এনএইচএম) ৰাজ্যিক অভিযান সঞ্চালিকা ডাঃ এম এছ লক্ষ্মীপ্ৰিয়া উপস্থিত থাকে ৷

লগতে পঢ়ক :দিল্লীক পৌৰসভাৰে তুলনা মুখ্যমন্ত্ৰী ড৹ শৰ্মাৰ

লগতে ৰাজ্যৰ স্বাস্থ্য সেৱা সঞ্চালক ডাঃ নীল মাধৱ দাস, স্বাস্থ্য সেৱা সঞ্চালক (পৰিয়াল কল্যাণ) কমলজিত তালুকদাৰ, অতিৰিক্ত চিকিৎসা শিক্ষা সঞ্চালক তথা এনএইচএমৰ ৰাজ্যিক কাৰ্যবাহী সঞ্চালক ডাঃ মনোজ চৌধুৰী, ইউনিচেফৰ স্বাস্থ্য বিশেষজ্ঞা ডাঃ অন্নপূৰ্ণা কৌল, বিশ্ব স্বাস্থ্য সংস্থাৰ প্ৰতিনিধি ডাঃ শুভ্ৰজিত ভট্টাচাৰ্যই অংশ গ্ৰহণ কৰে ।

ক’ভিড পৰিস্থিতিৰ পৰা বহুখিনি সকাহ পোৱাৰ পাচত এতিয়া ৰাজ্যৰ ভৱিষ্যত নাগৰিকস্বৰূপ প্ৰতিগৰাকী শিশুৰ সুস্বাস্থ্য সুনিশ্চিত কৰিব পৰাকৈ এতিয়াৰে পৰা পুনৰ জোৰদাৰ ৰূপত নিয়মীয়া টীকাকৰণ কাৰ্যসূচী আগুৱাই নিয়াত মনোনিৱেশ কৰিবলৈ মন্ত্ৰীগৰাকীয়ে আহ্বান জনায় ।

কৰ্মশালাখনৰ কাৰিকৰী সত্ৰসমূহত জাপানীজ এনকেফেলাইটিছ, যক্ষ্মাকে আদি কৰি বিভিন্ন ৰোগৰ প্ৰতিষেধকসমূহ যাতে পাঁচ বছৰৰ তলৰ সকলো শিশুৱেই সময় মতে লাভ কৰিব পাৰে আৰু এটিও শিশু যাতে নিয়মীয়া টিকাকৰণৰ পৰা বাদ পৰি নৰয়, সেয়া নিশ্চিত কৰিবলৈ কাৰ্যকৰী পৰিকল্পনা যুগুতোৱাৰ বিষয়ত আলোচনা কৰা হয় ।

ইফালে বিগত দুটা বছৰত জিলাসমূহ ক’ভিড বিৰোধী যুঁজ তথা ক’ভিড টিকাকৰণ আভিযানত (Covid vaccination drive) দিনে-নিশাই সেৱা আগবঢ়োৱা প্ৰতিখন জিলাৰ স্বাস্থ্য বিষয়া-চিকিৎসক, নাৰ্ছ, স্বাস্থ্য কৰ্মী, আশাকৰ্মী আদিক লৈ গঠিত জিলাস্তৰীয় টীমসমূহক আজি কৰ্মশালাৰ প্ৰথম দিনাৰ কাৰ্যসূচীৰ অন্তত স্বাস্থ্যমন্ত্ৰী মহন্তই প্ৰমাণ পত্ৰ, স্মাৰক প্ৰদান কৰি সম্বৰ্ধনা জনায় ।

লগতে পঢ়ক :সংখ্যালঘু এলেকাৰ শিক্ষাৰ্থীৰ ওপৰতে চলি আছে অসমীয়া মাধ্যমৰ স্কুল

ABOUT THE AUTHOR

...view details