অসম

assam

By

Published : Nov 30, 2020, 2:21 PM IST

ETV Bharat / state

শীঘ্ৰেই অসমত সংযোজন হ’ব ষষ্ঠখন ৰাষ্ট্ৰীয় উদ্যান

অসমৰ ভৌগলিক মানচিত্ৰত অচিৰেই অন্তৰ্ভুক্ত হ’ব ৰায়মোনা ৰাষ্ট্ৰীয় উদ্যানৰ নাম ৷ অসমৰ ষষ্ঠখন ৰাষ্ট্ৰীয় উদ্য়ান মুকলিক লৈ ইতিমধ্যে যো-জা আৰম্ভ কৰিছে ৰাজ্যিক বন বিভাগে ৷

Assam to have 6th national park soon
শীঘ্ৰেই অসমত সংযোজন হ’ব ষষ্ঠখন ৰাষ্ট্ৰীয় উদ্যান

নিউজ ডেস্ক,30 নৱেম্বৰ : অসমৰ এক নতুন প্ৰস্তাৱিত ৰাষ্ট্ৰীয় উদ্যান ফিপছ’ বন্যপ্ৰাণী অভয়াৰণ্য আৰু জিংগমে চিংগী ৱাংচুক ৰাষ্ট্ৰীয় উদ্যানৰ সমীপত অৱস্থিত, যিয়ে সীমান্তত এক দৃশ্যপটৰ সৃষ্টি কৰিব ৷ শনিবাৰে বনমন্ত্ৰী পৰিমল শুক্লবৈদ্য়ই টুইটযোগে কয় যে, ৰাজ্য চৰকাৰে ৰাজ্যৰ ষষ্ঠখন ৰাষ্ট্ৰীয় উদ্যানৰ বাবে ‘ৰায়মোনা ৰাষ্ট্ৰীয় উদ্যান’ৰ প্ৰস্তাৱটো গ্ৰহণৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে ৷ তেওঁ ইতিমধ্যে মানাহ ৰাষ্ট্ৰীয় উদ্যানত এই নতুন প্ৰস্তাৱিত ৰাষ্ট্ৰীয় উদ্য়ানখনৰ ভৌগলিক আৰ্হি প্ৰস্তুত কৰিছে ৷

ৰাজ্য়ত ইতিমধ্যে কাজিৰঙা, মানাহ, ডিব্ৰু-চৈখোৱা, ওৰাং আৰু নামেৰী পাঁচখন ৰাষ্ট্ৰীয় উদ্যান আছে ৷ প্ৰস্তাৱিত নতুন ৰায়মোনা ৰাষ্ট্ৰীয় উদ্য়ানখন ৰিপু সংৰক্ষিত বনাঞ্চলৰ উত্তৰাঞ্চলৰ 508.62 বৰ্গ কিলোমিটাৰ আগুৰি আছে ৷ লগতে এই ৰাষ্ট্ৰীয় উদ্য়ানখন হিমালয়ৰ দক্ষিণ প্ৰান্তত আৰু মানাহ ব্যাঘ্ৰ প্ৰকল্পৰ পশ্চিমাংশক সংলগ্ন কৰিছে ৷ বড়োলেণ্ড স্বায়ত্ব শাসিত পৰিষদৰ কোকৰাঝাৰ জিলাত আনুষ্ঠানিভাৱে মুকলি হ’ব এই ৰাষ্ট্ৰীয় উদ্য়ানখন ৷

প্ৰস্তাৱিত ৰায়মোনা ৰাষ্ট্ৰীয় উদ্য়ান পশ্চিমবংগ আৰু অসমৰ আন্তঃৰাজ্য়িক সীমাৰ সৈতে পশ্চিমবংগৰ সোণকোষ নদী, ভাৰত-ভূটান আন্তঃৰাষ্ট্ৰীয় সীমাৰ উত্তৰাংশ আৰু ৰিপু সংৰক্ষিত বনাঞ্চলৰ দক্ষিণাংশক সংলগ্ন কৰিব ৷ বন বিষয়াই জনোৱা মতে, ঐতিহাসিকভাৱে এই অঞ্চল হিমালয় পৰ্বত, ইন্দো-মালয়, ভাৰত-চীনৰ পশ্চিমাংশ আৰু পূৱলৈ উপনিৱেশ ভাৰতৰ ৰাজত্বৰ এক অংশ আছিল ৷

এই প্ৰস্তাৱটো ইতিমধ্য়ে বিটিচিয়ে ৰাজ্য়পাললৈ আৰু ৰাজ্যিক বন বিভাগলৈ প্ৰেৰণ কৰিছে ৷ ৰাজ্যিক বন বিভাগ, বিটিচি আৰু স্থানীয় সম্প্ৰদায়ৰ সহযোগিতাৰে মানাহৰ পুৰণি ঐতিহ্য় ঘূৰাই আনিবলৈ বিগত 15 বছৰে মানাহৰ দৃশ্য়পটত কাম কৰা ভাৰতীয় বনাঞ্চল ন্যাস (WTI)য়ে এই ক্ষেত্ৰত যথেষ্ট সহায় আগবঢ়াইছে ৷ সমাগত বিটিচি নিৰ্বাচনৰ প্ৰাকমূহুৰ্ততেই এই বিষয়টো পোহৰলৈ অহা পৰিলক্ষিত হৈছে ৷

উল্লেখ্য যে, চুবুৰীয়া দেশ ভূটানৰ এক ৰাজহ সংগ্ৰহৰ মাধ্য়ম আছিল এই ৰায়মোনা ৷ 1773-1865 চনলৈ এই অঞ্চল ভূটানত অন্তৰ্ভুক্ত আছিল যদিও পৰৱৰ্তী সময়ত ব্ৰিটিছৰ সৈতে ভূটানে যুদ্ধত পৰাজিত হৈছিল ৷ ইয়াৰ পাচতে 1874 চনত ব্ৰিটিছে এই অঞ্চলক সংৰক্ষিত বনাঞ্চল হিচাপে স্বীকৃতি দিয়ে ৷

লগতে পঢ়ক :অগ্নিদগ্ধ হৈ উত্তৰ প্ৰদেশৰ এজন সাংবাদিকৰ মৃত্যু : হত্যাৰ সন্দেহ

ABOUT THE AUTHOR

...view details