গুৱাহাটী, ১ অক্টোবৰ: চলিত বৰ্ষৰ 2 অক্টোবৰ অৰ্থাৎ কাইলৈৰ ৰাজ্যত নিষিদ্ধ হ’ব ২৫০ এম এলৰ পানীৰ বটল ৷ অহাবছৰৰ পৰা নিষিদ্ধ হ’ব ৫০০ এম এল পানীৰ বটল ৷ পূৰ্বে চলিত বৰ্ষৰ 2 অক্টোবৰৰ পৰাই 500 এম এলৰ পানীৰ বটল নিষিদ্ধ কৰাৰ কথা মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছিল যদিও এতিয়া কেৱল 250 এম এলৰ পানীৰ বটল নিষিদ্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে ৷
এই সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, বিভিন্ন অসমীয়া তথা থলুৱা উদ্যোগীয়ে 500 ইউনিটৰ উদ্যোগ স্থাপন কৰিছিল ৷ এই উদ্যোগীসকলে 500ৰ পৰা 1 লিটাৰলৈ যন্ত্ৰ-পাতি উন্নত কৰিবলৈ চৰকাৰৰ পৰা কিছু সময় বিচাৰিছে ৷ সেয়েহে থলুৱা উদ্যোগীসকলৰ অনুৰোধৰ প্ৰতি সঁহাৰি জনাই চৰকাৰে সোমবাৰৰ পৰা 250 এম এলৰ পানীৰ বটল নিষিদ্ধ কৰাৰ কথা ঘোষণা কৰিছে ৷
অহা বছৰৰ 2 অক্টোবৰৰ পৰা বন্ধ হ’ব 500 এম এলৰ পানীৰ বটল ৷ এই সময়ছোৱাৰ ভিতৰত উদ্যোগীসকলে তেওঁলোকৰ যন্ত্ৰ-পাতিসমূহ পৰিৱৰ্তন কৰিব পাৰিব বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ লগতে এই উদ্যোগসমূহৰ যন্ত্ৰপাতি সলনি কৰোতে হোৱা খৰচৰ ১০ শতাংশ ৰাজ্য চৰকাৰে ব্যয় কৰিব বুলি মন্তব্য কৰে তেওঁ ৷
উল্লেখ্য যে, দেওবাৰে মহানগৰীৰ গান্ধী মণ্ডপত শ্ৰমদান কাৰ্যসূচীত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ হাতত ঝাডু লৈ গান্ধী মণ্ডপৰ চৌহদ পৰিষ্কাৰ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ এই কাৰ্যসূচীত উপস্থিত হৈ তেওঁ এক অভিলাষী আঁচনি ঘোষণা কৰে ৷ তেওঁ কয় অসমত ২২ হাজাৰ ৪২২ টা স্থানত শ্ৰমদানৰ কাম চলিছে ৷ ১ ঘন্টাৰ শ্ৰমদানে সকলোকে বুজাই দিব চাফাই কৰ্মীসকলৰ কষ্টৰ কথা ৷