গুৱাহাটী, ২১ এপ্ৰিল: বৃহস্পতিবাৰে নতুন দিল্লীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত অসম-অৰুণাচল সীমা বিবাদ নিষ্পত্তি চুক্তিক অৰ্থহীন আখ্যা দিছে অসম তৃণমূল কংগ্ৰেছে ৷ শুকুৰবাৰে তৃণমূল কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষ দিলীপ কুমাৰ শৰ্মাই (President Dilip Kumar Sharma) এক সংবাদমেল সম্বোধন কৰি কয় যে, কেৱল ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি সাময়িক ৰাজনৈতিক মুনাফা আদায় কৰি সীমা বিবাদ নিষ্পত্তিৰ ভুৱা প্ৰচাৰত লিপ্ত হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (Trinamool congress slams CM) ৷ ৰাইজৰ ভোট লাভৰ অংকৰে নিয়ম-নীতি নোহোৱাকৈ অৰুণাচল প্ৰদেশৰ সৈতে বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰিছে মুখ্যমন্ত্ৰীয়ে (Sign pact to resolve border dispute) ৷
শৰ্মাই লগতে কয়, "অসম বিধানসভাত সীমান্ত অঞ্চল উন্নয়ন মন্ত্ৰী অতুল বৰাই তথ্য দাখিল কৰি মুঠ ৮২ হাজাৰ হেক্টৰ ভূমি চুবুৰীয়া ৰাজ্য অৰুণাচল, মেঘালয়, মিজোৰাম, নাগালেণ্ডে বেদখল কৰি থকা বুলি মন্তব্য দিছিল (Trinamool congress slams BJP)। ইয়াৰ ভিতৰত অৰুণাচল প্ৰদেশে ১৬,১৪৪.০১ হেক্টৰ ভূমি বেদখল কৰি আছে । এতিয়া আমাৰ প্ৰশ্ন কালিৰ তথাকথিত ঐতিহাসিক চুক্তিৰে অসমে অৰুণাচলৰ দ্বাৰা বেদখলকৃত কিমান ভূমি উদ্ধাৰ কৰিবলৈ সক্ষম হ'ল ? কাৰণ বিবাদ নিষ্পত্তি হোৱা বুলি দাবী কৰা ৭১ খন গাঁৱৰ ৬০ খন দিয়া হ'ল অৰুণাচলক । অসমে মাত্ৰ লাভ কৰিলে ১১ খন । মুখ্যমন্ত্ৰীয়ে হেক্টৰৰ হিচাপৰ পৰিৱৰ্তে গাঁৱৰ সংখ্যাহে কিয় প্ৰকাশ কৰিলে ? ইয়াতেই চুক্তিৰ আঁৰৰ উদ্দেশ্যৰ দিশটো ওলাই পৰে (MoU signed by Assam CM and Arunachal CM)।’’
আনহাতে এই চুক্তিৰে একো বিবাদ নিষ্পত্তি হোৱা নাই বুলি মন্তব্য কৰি দিলীপ কুমাৰ শৰ্মাই সংবাদমেলত কিছু কাৰিকৰী দিশৰ কথাও দাঙি ধৰে । তেওঁ কয় , ‘‘দিল্লীত বহি দুই ৰাজ্যৰ নেতাই বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰিলেই বাস্তৱত একো সমাধান নহয় (Trinamool congress slams BJP)। ইয়াৰ বাবে ভাৰতীয় সংবিধানত থকা ৰাজ্যসমূহৰ মানচিত্ৰৰ লগতে 'চাৰ্ভে অৱ ইণ্ডিয়া' ৰ মানচিত্ৰত এই বিষয়ৰ সংশোধন হ'ব লাগিব । এয়া কৰিবলৈ কেন্দ্ৰই সংসদত সংবিধান সংশোধনী প্ৰস্তাৱ গৃহীত কৰাব লাগিব। এয়া তেতিয়াহে সম্ভৱ যেতিয়া নিৰ্দিষ্ট ৰাজ্যখনে বিধানসভাত প্ৰস্তাৱ গ্ৰহণ কৰি কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰে।