অসম

assam

Gamosa controversy: গামোচাক বিকৃত ৰূপ দিয়াক লৈ সৰৱ অসম তৃণমূল কংগ্ৰেছ

By

Published : Mar 27, 2023, 5:33 PM IST

গামোচা বিতৰ্কক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাৰ ৷ গোচামাক বিকৃত ৰূপ প্ৰদান কৰাক লৈ ক্ষোভ প্ৰকাশ ৰিপুন বৰাৰ ৷ এই কাৰ্যক চূড়ান্ত অপমানজন আখ্যা অসম তৃণমূল কংগ্ৰেছৰ সভাপতিগৰাকীৰ (Assamese Gamosa controversy) ৷

Gamosa controversy
গামোচাক বিকৃত ৰূপ দিয়াক লৈ সৰৱ অসম তৃণমূল কংগ্ৰেছ

গামোচাক বিকৃত ৰূপ দিয়াক লৈ সৰৱ অসম তৃণমূল কংগ্ৰেছ

গুৱাহাটী, 27 মাৰ্চ: অসমীয়া জাতিৰ স্বাভিমান গামোচাক বঙালী গামোচাৰ সৈতে সংলগ্ন কৰি সমন্বয়ৰ বাৰ্তা দিবলৈ গৈ চৰকাৰী পৃষ্ঠপোষকতাত গামোচাক বিকৃত কৰাক লৈ ৰাজ্যজুৰি অব্যাহত আছে প্ৰতিক্ৰিয়া আৰু বিতৰ্ক ৷ এই কাৰ্যক একেমুখে ধিক্কাৰ দিছে সকলোৱে (Assamese Gamosa controversy) ৷

শেহতীয়া এই গামোচা বিতৰ্ক সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই ৷ তৃণমূল কংগ্ৰেছৰ গুৱাহাটীস্থিত মুখ্য কাৰ্যালয়ত অনুষ্ঠিত এক সংবাদমেলত ৰিপুন বৰাই এই কাৰ্যৰ বিৰোধিতা কৰি ৰাজ্যৰ মূল সমস্যাসমূহৰ পৰা জনতাৰ মনোযোগ ব্যাহত কৰাৰ বাবে বিজেপিয়ে ষড়যন্ত্ৰ কৰা বুলি অভিযোগ উত্থাপন কৰে ৷ অসমীয়াৰ স্বাভিমানৰ গামোচাখনৰ এচোৱা কাটি বঙালীসকলৰ গামোচাখনৰে আনচোৱা একেলগ কৰাটো চূড়ান্ত অপমানজনক বুলি মন্তব্য কৰে ৰিপুন বৰাই (Ripun Bora on Gamosa controversy) ৷

উল্লেখ্য যে, গুৱাহাটীৰ মালিগাঁৱত অনুষ্ঠিত হোৱা এক অনুষ্ঠানত মন্ত্ৰী বিমল বড়া আৰু ডাঃ ৰণোজ পেগুক আদৰণি জনোৱা হৈছিল এখন বিকৃত গামোচাৰে ৷ এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে এয়া সম্প্ৰীতিৰ নিদৰ্শন বুলি কোৱা কথাও অগ্ৰহণযোগ্য বুলি মন্তব্য কৰে ৰিপুন বৰাই ৷ দুটা জাতিৰ গামোচা কাটি একেলগ কৰিলেহে সম্প্ৰীতি হয় নেকি বুলিও প্ৰশ্ন উত্থাপন কৰে ৰিপুন বৰাই (Assam TMC reacts to Gamosa controversy)

সংবাদমেলত তৃণমূল কংগ্ৰেছৰ মিডিয়া বিভাগৰ তত্বাৱধায়ক অভিজিৎ মজুমদাৰে এই কাৰ্যৰ গৰিহণা দিয়াৰ লগতে মালিগাঁৱৰ সভাখনত উপস্থিত থকা পদ্মশ্ৰী অজয় কুমাৰ‌ দত্তই বিতৰ্কিত গামোচাখনক সমৰ্থন কৰা কাৰ্যক সমালোচনা কৰে ৷ আনহাতে, বিজেপিত এলাগী হৈ পৰা শিলাদিত্য দেৱৰ দৰে নেতাই নিজক চৰ্চাৰ মাজলৈ অনাৰ বাবে এই বিতৰ্ক সৃষ্টি কৰিব বিচৰা বুলি অভিযোগ উত্থাপন কৰে বুলি দিলীপ কুমাৰ শৰ্মাই ৷

ইফালে, ৰাজ্যৰ কেইগৰাকীমান বিশিষ্ট ব্যক্তিয়েও এই বিকৃত কাপোৰখনক অসমীয়া আৰু বঙালীৰ সম্প্ৰীতিৰ নিদৰ্শন বুলি কোৱা মন্তব্যক লৈ চলিছে তীব্ৰ বিতৰ্ক ৷ শেহতীয়াকৈ জি আই টেগ লাভ কৰিবলৈ সক্ষম হোৱা অসমীয়া জাতিৰ পৰিচয় গামোচাক লৈ এই দৰে ল’ৰা-ধেমালী কৰা কাৰ্যক কোনেও সহজে ল’ব পৰা নাই ৷

লগতে পঢ়ক:Assamese pride gamosa controversy: গামোচা বিতৰ্ক সন্দৰ্ভত মুখ খুলিলে সাংস্কৃতিক মন্ত্ৰী বিমল বৰাই

ABOUT THE AUTHOR

...view details