অসম

assam

ETV Bharat / state

Satya Pal Malik controversy : সত্যপাল মালিকৰ অভিযোগৰ পিচতে প্ৰধানমন্ত্ৰীলৈ প্ৰশ্ন উত্থাপন তৃণমূল কংগ্ৰেছৰ - অসম তৃণমূল কংগ্ৰেছ

পুলৱামা কাণ্ড সন্দৰ্ভত তদানীন্তন ৰাজ্যপাল সত্যপাল মালিকৰ গুৰুতৰ অভিযোগে ৰাজনৈতিক মহলত ব্যাপক চৰ্চা লাভ কৰিছে (Satya Pal Malik controversy) ৷ এই অভিযোগৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ অধীনত তদন্তৰ দাবী উত্থাপন কৰে অসম তৃণমূল কংগ্ৰেছে ৷

Assam TMC reacts on Satya Pal Malik controversy
প্ৰধানমন্ত্ৰীলৈ প্ৰশ্ন উত্থাপন তৃণমূল কংগ্ৰেছৰ

By

Published : Apr 18, 2023, 10:28 PM IST

প্ৰধানমন্ত্ৰীলৈ প্ৰশ্ন উত্থাপন তৃণমূল কংগ্ৰেছৰ

গুৱাহাটী, ১৮ এপ্ৰিল: ২০১৯ চনৰ ১৪ ফেব্ৰুৱাৰীত সংঘটিত পুলৱামাকাণ্ড সন্দৰ্ভত জম্মু আৰু কাশ্মীৰৰ তদানীন্তন ৰাজ্যপাল সত্যপাল মালিকে উত্থাপন কৰা গুৰুতৰ অভিযোগে কঁপাইছে দেশ (Satya Pal Malik controversy) ৷ এই সন্দৰ্ভত বিভিন্ন দল-সংগঠনে নিজ নিজ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে (TMC reacts on Satya Pal Malik controversy ) ৷

এই সন্দৰ্ভত মঙলবাৰে অসম তৃণমূল কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষ দিলীপ কুমাৰ শৰ্মাই (Media department president Dilip Kumar Sharma)কয়, "২০১৯ চনৰ পুলৱামা কাণ্ড সন্দৰ্ভত জম্মু আৰু কাশ্মীৰৰ তদানীন্তন ৰাজ্যপাল সত্যপাল মালিকে কৰা মন্তব্যত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালক পোনপটীয়াকৈ দোষী সাব্যস্ত কৰাটো আমি লক্ষ্য কৰিছো ৷ আনহাতে এই সন্দৰ্ভত দেশৰ প্ৰাক্তন সেনাধ্যক্ষ শংকৰ ৰায় চৌধুৰীয়েও সত্যপাল মালিকৰ সৈতে সহমত প্ৰকাশ কৰিছে ৷ এতিয়া আমি বিজেপিক সুধিব বিচাৰিছো যে সত্যপাল মালিকৰ অভিযোগৰ পাচত ২০১৯ ৰ লোকসভা নিৰ্বাচনৰ বৈতৰণী পাৰ হ'বলৈ পুলৱামা কাণ্ডক ব্যৱহাৰ কৰা বুলি চলি থকা সন্দেহ পুনৰ অধিক ঘনীভূত হোৱা নাইনে ?"

শৰ্মাই লগতে প্ৰশ্ন কৰি কয়, "সেইদিনা বিচৰা ৫ খনকৈ এয়াৰ ক্ৰাফ্ট যোগান নধৰি ২৫০০ চিআৰপিএফ জোৱান থকা ৭৮ খনকৈ বাহনৰ কনভয় জম্মু-কাশ্মীৰৰ স্পৰ্শকাতৰ এলেকাৰ মাজেৰে আহিবলৈ এৰি দিয়াটো গৃহ মন্ত্ৰালয়, প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ চৰম গাফিলতি নাছিলনে ? লগতে সেই সময়ৰ ৰাজ্যপাল সত্যপাল মালিকে ঘটনা সংঘটিত হোৱাৰ পাছত ফোনযোগে যোগাযোগ কৰি চৰকাৰৰ ভুলৰ বাবেই এয়া হোৱা বুলি মন্তব্য কৰাৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে তেওঁক এই ক্ষেত্ৰত মনে মনে থাকিবলৈ কোৱাটোৱে বিষয়টো অধিক ৰহস্যঘন কৰি তোলা নাইনে ?"

লগতে পঢ়ক:Anti drugs drive: ড্ৰাগ ডিষ্ট্ৰিব্যুটৰৰ নামত মানকাচৰত চলিছে বৰবিহৰ বেহা

অসম তৃণমূল কংগ্ৰেছে (Assam Trinomool Congress) উচ্চতম ন্যায়ালয়ৰ অধীনত পুলৱামা কাণ্ডৰ লগত জড়িত প্ৰতিটো বিষয়ৰ নিৰপেক্ষ তদন্ত কৰাৰ বাবে দাবী জনাইছো যাতে দোষীসকল ধৰা পৰে বুলি আহ্বান জনায় ৷ ইয়াৰোপৰি এই ঘটনাত জড়িত পাকিস্তানৰ জইচ-ই-মহম্মদ নামৰ উগ্ৰপন্থী সংগঠনটোক শাস্তি দিয়ক বুলি দাবী উত্থাপন কৰে শৰ্মাই ৷ শৰ্মাই লগতে কয় কাৰ গাফিলতিৰ বাবে দেশৰ ৪০ গৰাকী নিৰীহ জোৱানে প্ৰাণ দিবলগীয়া হ'ল, সেই কথাও পোহৰলৈ অহাটো জৰুৰী ৷

ABOUT THE AUTHOR

...view details