গুৱাহাটী,৮ মে': মহানগৰীৰ জয়ানগৰস্থিত অসম তৃণমূল কংগ্ৰেছৰ সংবাদমেল । সংবাদমেলত ৰাজ্যিক সভাপতি ৰিপুণ বৰাই হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দুবছৰীয়া কাৰ্যকালৰ কৰ্মৰাজীৰ কঠোৰ ভাষাৰে সমালোচনা কৰি কয় যে, এইখন দৰিদ্ৰ ৰাইজৰ চৰকাৰ নহয় (Assam TMC president Ripun Bora press conference) । এইখন কেৱল বিজ্ঞাপনৰহে চৰকাৰ । সোণোৱাল চৰকাৰে পাঁচ বছৰত বিজ্ঞাপনৰ নামত খৰচ কৰিছিল ১২৫.৬ কোটি টকা ।
কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে দুবছৰতে খৰচ কৰিছে ১৩০.৫৯ কোটি টকা । এই চৰকাৰখন বাহিৰে বৰচুৰিয়াৰ ফেৰ ভিতৰি ঢকুৱাৰ বেৰ ৷ ২ বছৰত চৰকাৰৰ খতিয়ানৰ অভিলেখৰ ভিতৰত মহিলাৰ ওপৰত অপৰাধত অসম দেশতকৈ প্ৰথম (2nd anniversary of Assam government) ৷ ভাৰতৰ ভিতৰত সৰ্বাধিক এনউণ্টাৰ কৰিও অসমে অভিলেখ স্থাপন কৰিছে । আইন হাতত তুলি লৈও অভিলেখ স্থাপন কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে (Ripun Bora slams Assam Govt)) ।
তেওঁ কয় যে, অসম চৰকাৰে মাদ্ৰাছা ভাঙিছে বুল্ড’জাৰ লগাই । অসমক ভাৰতৰ প্ৰথম পাঁচখন ৰাজ্যৰ ভিতৰত অন্তৰ্ভুক্ত কৰিছে নে শেষত এক নম্বৰ কৰিছে বুলিও সভাপতিগৰাকীয়ে প্ৰশ্ন কৰে । তেওঁ জনমূৰি আয়ৰ ক্ষেত্ৰত ২৮ নং স্থানত অসম । ত্ৰিপুৰা, অৰুণাচল, মিজোৰামতকৈও জনমূৰি আয় কম অসমৰ । ধাৰ কৰি ৰাজ্যক বন্ধকত দি ঋণ লৈ অৰুণোদয় দিয়াটো সফলতা নহয় বুলি কটাক্ষ কৰে বৰাই (Ripun Bora slams Himanta Biswa Saarmah) ।