অসম

assam

ETV Bharat / state

Ripun Bora reacts on financial crisis: ৰাজ্য চৰকাৰ কঠিন বিত্তীয় সংকটত ভুগিছে: ৰিপুন বৰা - Assam TMC president Ripun Bora news

বিজেপি চৰকাৰৰ ভুল আৰু অদূৰদৰ্শী অৰ্থনীতিৰ বাবে আৰু পুঁজিপতিৰ দ্বাৰা এই চৰকাৰ পৰিচালিত হোৱাৰ ফলত আমাৰ দেশৰ অৰ্থনীতি চাৰিওফালৰ পৰা বিধ্বস্ত হোৱাৰ লগতে দেশত ভয়াৱহ নিবনুৱা সমস্যাই দেখা দিছে বুলি অভিযোগ উত্থাপন কৰিছে অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই।

Assam TMC president Ripun Bora reacts on financial crisis of Assam
ৰাজ্য চৰকাৰ কঠিন বিত্তীয় সংকটত ভুগিছে: ৰিপুন বৰা

By

Published : Nov 9, 2022, 5:20 PM IST

গুৱাহাটী, 9 নৱেম্বৰ: বিজেপি চৰকাৰৰ ভুল আৰু অদূৰদৰ্শী অৰ্থনীতিৰ বাবে আৰু পুঁজিপতিৰ দ্বাৰা এই চৰকাৰ পৰিচালিত হোৱাৰ ফলত আমাৰ দেশৰ অৰ্থনীতি চাৰিওফালৰ পৰা বিধ্বস্ত হোৱাৰ লগতে দেশত ভয়াৱহ নিবনুৱা সমস্যাই দেখা দিছে ৷ এই অভিযোগ আমাৰ নহয়, এই অভিযোগ উত্থাপন কৰিছে অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই (Assam TMC president Ripun Bora) ।

বুধবাৰে গুৱাহাটীত অনুষ্ঠিত এখন সংবাদমেলত অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই কয় যে ভাৰতীয় অৰ্থনীতিৰ নিৰীক্ষণ কেন্দ্ৰৰ (Centre for monitoring Indian Economy) শেহতীয়া সমীক্ষা মতে বৰ্তমান ভাৰতত নিবনুৱাৰ হাৰ 7.8% । এই পৰিসংখ্যাই সৰ্বকালৰ অভিলেখ ভংগ কৰিছে । প্ৰতিবেদন অনুযায়ী কেৱল অক্টোবৰ মাহত দিন হাজিৰা কৰা 1.5 কোটি লোক কৰ্মহীন হৈছে । এই মাহটোত 78 লাখে কৰ্মসংস্থান হেৰুৱাইছে । অসমত নিবনুৱাৰ হাৰ প্ৰায় 12% । এই হাৰ সৰ্বভাৰতীয় হাৰতকৈ বেছি (Ripun Bora reacts on financial crisis of Assam) ।

তেওঁ লগতে কয় যে, এনে ভয়াৱহ অৱস্থাত অসমৰ মুখ্যমন্ত্ৰীয়ে গেলাতে টেঙা দি 8 হাজাৰ শিক্ষকৰ পদ বিলুপ্তি ঘটাইছে । ইতিমধ্যে অসম চৰকাৰে এই সন্দৰ্ভত একাউণ্টেণ্ট জেনেৰেলক লিখিতভাৱে জনাইছে । প্ৰাথমিক পৰ্যায়ৰ শিক্ষক পদ এনেদৰে ব্যাপক হাৰত বিলুপ্তি ঘটাই চৰকাৰখনে ৰাজ্যৰ শিক্ষা ব্যৱস্থাৰ প্ৰতি অন্ধকাৰ নমাই অনাৰ লগতে ব্যক্তিগত খণ্ডৰ ইংৰাজী মাধ্যমৰ স্কুলসমূহক ৰঙা দলিচা পাৰি দিছে ।

তেওঁ কয় যে অসমৰ প্ৰাথমিক শিক্ষাৰ ছবিখন পয়ালগা । UDSE য়ে চলোৱা সমীক্ষা অনুসৰি চলিত বৰ্ষত ৰাজ্যত 29,543 টি শিশুৱে বিদ্যালয় এৰিছে । দেশৰ ভিতৰত প্ৰাথমিক শিক্ষাত Drop Out ৰ ৰাষ্ট্ৰীয় হাৰ 0.75% হোৱাৰ বিপৰীতে অসমৰ হাৰ 3.30% আৰু মাধ্যমিক পৰ্যায়ত ৰাষ্ট্ৰীয় হাৰ 17.6% হোৱাৰ বিপৰীতে অসমত 31% । কেন্দ্ৰীয় চৰকাৰৰ শিক্ষা সম্পৰ্কীয় পৰ্যালোচনাৰ বাৰ্ষিক প্ৰতিবেদনত শিক্ষাৰ মানৰ সূচাংকত অসমৰ স্থান চতুৰ্থ স্তৰত । এনে অৱস্থাত প্ৰাথমিক পৰ্যায়ৰ শিক্ষাৰ মানদণ্ড উন্নত কৰাত চৰকাৰে সৰ্বাধিক গুৰুত্ব আৰোপ কৰাৰ বিপৰীতে শিক্ষকৰ পদ বিলুপ্তি ঘটাই শিক্ষাৰ শ্মশান যাত্ৰা কৰিব বিচাৰিছে ।

তেওঁ কয় যে বিগত বিধানসভা নিৰ্বাচনৰ সময়ত বিজেপি দল আৰু বৰ্তমানৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই অসমৰ 36 লাখ নিবনুৱাক বছৰি 5 লাখকৈ কৰ্মসংস্থাপন দিয়া হ'ব বুলি প্ৰতিশ্ৰুতি দি এতিয়া চাৰিওফালে কৰ্মৰত হৈ থকা কৰ্মচাৰীক ছাটাই কৰিছে । কেইবছৰমানৰ পূৰ্বে প্ৰাদেশিকীকৰণ হোৱা শিক্ষকসকলৰ ভিতৰত এদিন চাকৰি কৰি অৱসৰ গ্ৰহণ কৰিলেও এককালীন 10 লাখ টকা অৱসৰকালীন ভাট্টা দিয়া হ’ব বুলি 2021 চনৰ 5 ফেব্ৰুৱাৰীত নিৰ্বাচনী টোপ দি এতিয়া এইসকলৰ বহু শিক্ষকে খালী হাতে বিনা পেন্সন, বিনা গ্ৰেচুইটিৰে অৱসৰ ল'বলগা হ'ল ।

তেওঁ লগতে কয় যে নিৰ্বাচনৰ আগত প্ৰতিশ্ৰুতি দিয়াৰ পাছতো প্ৰাদেশিকীকৰণ হোৱা 14 হাজাৰ শিক্ষকক এতিয়াও টিউটৰ হিচাপে ৰাখিছে । পূৰ্ণ পৰ্যায়ৰ শিক্ষকৰ মৰ্য্যদা আৰু বেতনৰ পৰা বঞ্চিত কৰি ৰাখিছে । অসম চৰকাৰ যে কঠিন বিত্তীয় সংকটত ভুগিছে আৰু এই বিত্তীয় সংকটৰ বাবেই হাজাৰ হাজাৰ পদ বিলুপ্তিকৰণ, ঠিকাভিত্তিত চাকৰি কৰা সকলৰ নিয়মীয়াকৰণ বন্ধ, স্কুল প্ৰাদেশিকীকৰণ বন্ধ, অৱসৰৰ পাছত শিক্ষক-কৰ্মচাৰীয়ে পাবলগীয়া বানচ, গ্ৰেচুইটি বন্ধ, টিউটৰ পদৰ পৰা শিক্ষকলৈ উন্নীতকৰণ বন্ধ, বিভিন্ন বিভাগৰ ঠিকাদাৰসকলৰ হাজাৰ হাজাৰ কোটি টকাৰ বিল বন্ধৰ দৰে সিদ্ধান্তসমূহ লৈছে ।

লগতে পঢ়ক:Ripun Bora react on new wine shop allocation: গ্ৰামাঞ্চলত সুৰাৰ বিপণীয়ে ধ্বংস কৰিব সমাজ: ৰিপুণ বৰা

ABOUT THE AUTHOR

...view details