গুৱাহাটী, ১ নবেম্বৰ:বুধবাৰে গুৱাহাটীৰ জয়ানগৰস্থিত অসম তৃণমূল কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ত বিৰোধী নেতা-নেত্ৰীসকলৰ এপল ফোন হেকিঙৰ ঘটনা সন্দৰ্ভত এক সংবাদমেল সম্বোধন কৰে অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই । সংবাদমেলখন সম্বোধন কৰি ৰাজ্যিক সভাপতি ৰিপুণ বৰাই উক্ত ঘটনাটোৰ বাবে বিজেপি চৰকাৰ সম্পূৰ্ণৰূপে জগৰীয়া বুলি দাবী কৰে ।
লগতে তেওঁ নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয়, ‘‘বিৰোধী নেতা-নেত্ৰীসকলৰ এপল ফোন হেকিঙৰ ঘটনাটোৱে আমাক শংকিত কৰি তুলিছে । ইয়াৰ আগতেও বিজেপি চৰকাৰে নিৰ্বাচনৰ পূৰ্বে ভাৰতত বিৰোধীসকলৰ গতি-বিধি নিয়ন্ত্ৰণ কৰিবৰ বাবে পেগাছাছ আনিছিল । যি পেগাছাছে আনকি ভাৰতৰ নিৰাপত্তাৰ লগতো হেতালি খেলিছিল । সেই ঘটনাৰ তদন্ত শেষ নৌহওঁতেই পুনৰ বিৰোধী দলৰ নেতাৰ ফোন হেকিঙৰ ঘটনাক আমি অসম তৃণমূল কংগ্ৰেছে তীব্ৰ ভাষাৰে গৰিহণা দিছো ।’’
আনহাতে মঙলবাৰে ভাৰত চৰকাৰৰ তথ্য আৰু প্ৰযুক্তি মন্ত্ৰী অশ্বিনী বৈষ্ণৱে সংবাদমেল সম্বোধন কৰি সমগ্ৰ ঘটনাটোক মিছা বুলি অভিহিত কৰিছে ৷ লগতে দেশৰ ঈৰ্ষণীয় উন্নতি দেখি জ্বলন হোৱা বিৰোধীয়ে চৰকাৰৰ বিৰুদ্ধে অপপ্ৰচাৰ চলাইছে বুলিও কেন্দ্ৰীয় মন্ত্ৰীজনে উল্লেখ কৰিছে । তেনেস্থলত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক ৰিপুন বৰাই মুকলিকৈ প্ৰশ্ন কৰে যে কিয় দেশৰ আগশাৰীৰ সাংবাদিকসকল এই ভয়ানক সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছে ? কিয় দেশৰ চতুৰ্থ স্তম্ভ নিৰাপত্তাহীনতাত ভুগিছে ?