অসম

assam

ETV Bharat / state

হতাশগ্ৰস্ত অসমীয়া যুৱকৰ কণ্ঠৰোধৰ বাবেই এনকাউণ্টাৰ: ৰিপুণ বৰা

Ripun Bora on encounter : ৰিপুণ বৰাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰশ্ন কৰি কয়, "আজিৰ অসমীয়া নৱপ্ৰজন্মই আলফালৈ যাবলগীয়া কিয় হৈছে ? ক্ষোভিত অসমীয়া যুৱকৰ মনৰ ক্ষোভবোৰ মষিমূৰ কৰিবৰ বাবেই চৰকাৰে এনে ধৰণৰ এনকাউণ্টাৰ ব্যৱস্থা প্ৰৱৰ্তন কৰিছে নেকি ?"

Assam TMC on Assam police encounter
হতাশগ্ৰস্ত অসমীয়া যুৱকৰ কণ্ঠৰোধৰ বাবেই এনকাউণ্টাৰ; ৰিপুণ বৰা

By ETV Bharat Assamese Team

Published : Dec 25, 2023, 8:04 PM IST

এনকাউণ্টাৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীক তীব্ৰ সমালোচনা ৰিপুণ বৰাৰ

গুৱাহাটী, ২৫ ডিচেম্বৰ : সোমবাৰে জয়ানগৰস্থিত অসম তৃণমূল কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ত এক সংবাদমেল সম্বোধন কৰে অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই । নিষিদ্ধঘোষিত আলফাত যোগদান কৰিবলৈ যোৱাৰ সন্দেহত চাৰিজন যুৱকক আৰক্ষীয়ে গুলীয়াই হত্যাৰ যি চেষ্টা কৰিছিল, সেই সন্দৰ্ভত সৰৱ হয় ৰিপুণ বৰা । ৰিপুণ বৰাই এই ঘটনাৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে নিষিদ্ধঘোষিত আলফাত যোগদান কৰিবলৈ যোৱা কাৰ্যক অসম তৃণমূল কংগ্ৰেছে কোনো কাৰণতে সমৰ্থন নকৰে । কিন্তু অসমীয়া যুৱকক কুকুৰ-মেকুৰীৰ দৰে ব্যৱহাৰ কৰা কাৰ্যকো কোনোপধ্যেই মানি ল'ব নোৱাৰে বুলি তেওঁ কয় ।

তেওঁ কয়, "এফালে মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে যে আৰক্ষী জনসাধাৰণৰ বন্ধু হ'ব লাগে, আনফালে আকৌ তেওঁৰ দ্বাৰা নিয়ন্ত্ৰিত আৰক্ষীয়ে অসমীয়া যুৱকক গুলীয়াই হত্যা কৰাৰ চেষ্টা কৰে ।" আলফাত যোগদান কৰিবলৈ যোৱাৰ সন্দেহত শদিয়াত বিশ্বজিৎ বৰগোঁহাই, মনোজ বৰগোঁহাই, দ্বীপজ্যোতি নেওগ আৰু শিৱসাগৰৰ পল্লৱজ্যোতি গগৈক আৰক্ষীয়ে গুলীয়াই হত্যাৰ চেষ্টা কৰা কাৰ্যক তৃণমূল কংগ্ৰেছে তীব্ৰ ভাষাৰে গৰিহণা দিয়ে ।

ৰিপুণ বৰাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰশ্ন কৰি কয়, "আজিৰ অসমীয়া নৱপ্ৰজন্মই আলফালৈ যাবলগীয়া কিয় হৈছে ? ক্ষোভিত অসমীয়া যুৱকৰ মনৰ ক্ষোভবোৰ মষিমূৰ কৰিবৰ বাবেই চৰকাৰে এনে ধৰণৰ এনকাউণ্টাৰ ব্যৱস্থা প্ৰৱৰ্তন কৰিছে নেকি ? শদিয়াৰ বিশ্বজিৎ বৰগোঁহাই, মনোজ বৰগোঁহাই, দ্বীপজ্যোতি নেওগ পৰিবহণ নিগমৰ পৰা চাটাই কৰা কৰ্মচাৰী আছিল । আমি সকলোৱে জানো এটা চাকৰি থকাৰ পিছত হঠাৎ যদি তেওঁলোকে চাকৰি হেৰুৱায়, তেন্তে এজন ব্যক্তিয়ে মানসিকভাৱে কি পৰিস্থিতিৰ সন্মুখীন হয় ।"

তেওঁ লগতে মুখ্যমন্ত্ৰীক প্ৰশ্ন কৰে, "অসম চৰকাৰে কেতিয়াবা অসমীয়া যুৱক-যুৱতীৰ মনৰ উমান ল'বলৈ চেষ্টা কৰিছেনে ? এখন নিৰ্বাচিত চৰকাৰে জনসাধাৰণৰ অভিভাৱক হ'বলৈ চেষ্টা কৰিব লাগে । এনকাউণ্টাৰ ব্যৱস্থা দায়িত্বশীল অভিভাৱকৰ ধৰ্ম কেতিয়াও হ'ব নোৱাৰে । আৰক্ষীয়ে তিনিওজন যুৱককে সুস্থভাৱে আটক কৰিব পাৰিলেহেঁতেন । কিন্তু তাকে নকৰি এনকাউণ্টাৰ কিয় কৰিবলগীয়া হ'ল ?"

আনহাতে, পল্লৱজ্যেতি গগৈৰ কথা উল্লেখ কৰি অসম তৃণমূলৰ সভাপতিগৰাকীয়ে কয় যে তেওঁ ক্ষেত্ৰতো আৰক্ষীৰ ভাষ্যৰ সম্পূৰ্ণ বিপৰীত পৰিয়ালৰ ভাষ্য । সমগ্ৰ ঘটনাটোৱেই এক ডাঙৰ প্ৰশ্নবোধক বুলি তেওঁ উল্লেখ কৰে। আনহাতে, আজমলৰ সন্দৰ্ভত মন্তব্য আগবঢ়াই ৰিপুণ বৰাই কয় যে বদৰুদ্দিন আজমলৰ বিজেপিৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগত এক গোপন বুজাবুজি থকাৰ কথা সকলোৱে গম পায় । ধুবুৰীৰত জিকিবৰ বাবেই এই গোপন বুজাবুজি । হিমন্তই যি কয় চাচাই তাকেই কৰে ।

তিনিখন ৰাজ্যত যেতিয়া বিজেপিৰ জয় হৈছিল, তেতিয়া আজমলে কৈছিল যে মোদী আকৌ প্ৰধানমন্ত্ৰী হ'ব । এতিয়া কেৱল ধুবুৰীত জিকিবৰ বাবেই আজমল আৰু হিমন্তৰ মাজত গোপন বুজাবুজি বুলি তেওঁ দাবী কৰে । ৰিপুণ বৰাই ভোটৰ ৰাজনীতিৰ কথা উল্লেখ কৰি কয়, বিজেপিয়ে নিৰ্ভৰ কৰে হিন্দু ভোটৰ ওপৰত । বিজেপিৰ লক্ষ্য হৈছে হিন্দু ভোটৰ ওপৰত আৰু লগতে মুছলমান লোকসকলক লৈ আজমলে ৰাজনীতি কৰাটো বিচাৰে ।

আনহাতে, বিদ্যুৎ মাচুল বৃদ্ধি প্ৰসংগত বৰাই কয় যে এই কথা স্পষ্ট যে কংগ্ৰেছশাসিত ৰাজ্য কৰ্ণাটকত বিদ্যুৎ মাচুল ৰেহাই দিছে । লগতে আপৰ চৰকাৰে পঞ্জাব আৰু দিল্লীত বিদ্যুৎ মাচূল ২০০ ইউনিটলৈকে বিনামূলীয়াকৈ দিছে । কিন্তু অসম চৰকাৰৰ হাতত টকা নাই বাবেই বিদ্যুৎ মাচুল বঢ়াবলগীয়া হৈছে বুলি ৰিপুণ বৰাৰ অভিযোগ ।

লগতে পঢ়ক :দুদিনত চাৰিটা এনকাউন্টাৰ অসমত; মুখ্যমন্ত্ৰীয়ে সাংবাদিকক সুধিলে সমস্যা ক’ত ?

ABOUT THE AUTHOR

...view details