অসম

assam

ETV Bharat / state

Guwahati accident: গণেশগুৰিৰ পথ দুৰ্ঘটনা সন্দৰ্ভত মহিলা তৃণমূল কংগ্ৰেছৰ এজাহাৰ দাখিল - School girl killed in Ganeshguri accident

বৃহস্পতিবাৰে গুৱাহাটীত এক শোকাৱহ পথ দুৰ্ঘটনাত প্ৰাণ গ’ল প্ৰিয়া কুমাৰী নামৰ এগৰাকী একাদশ শ্ৰেণীৰ ছাত্ৰীৰ ৷ গুৱাহাটীৰ পথৰ দাঁতিত থকা পানীৰ পাই বহুৱাবলৈ খন্দা এটা গাঁতৰ বাবেই সংঘটিতেই হ’ল এই দুৰ্ঘটনা ৷ বৃহস্পতিবাৰে নিৰ্মাণকাৰী প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে গুৱাহাটীৰ মহিলা তৃণমূল কংগ্ৰেছে (Assam TMC) ৷

Guwahati accident
Guwahati accident

By

Published : Jun 9, 2023, 4:19 PM IST

গণেশগুৰি দুৰ্ঘটনা সন্দৰ্ভত মহিলা তৃণমূল কংগ্ৰেছৰ এজাহাৰ

গুৱাহাটী, 9 জুন:মহানগৰীৰ গণেশগুৰিৰ গণেশ মন্দিৰৰ সন্মুখত বৃহস্পতিবাৰে পুৱাই সংঘটিত হোৱা শোকাৱহ পথ দুৰ্ঘটনাৰ সন্দৰ্ভত তৃণমূল মহিলা কংগ্ৰেছে দিশপুৰ আৰক্ষী থানাত দাখিল কৰে এজাহাৰ (Road accident in Ganeshguri) ৷ কামৰূপ মহানগৰ তৃণমূল মহিলা কংগ্ৰেছৰ এটা সঁজাতী দলে শুকুৰবাৰে দিশপুৰ থানাত উপস্থিত হৈ এজাহাৰ দাখিল কৰে ।

এজাহাৰ দাখিল কৰি অসম তৃণমূল কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষ দিলীপ কুমাৰ শৰ্মাই কয় যে ছাত্ৰী প্ৰিয়া কুমাৰীৰ মৃত্যুৰ এই ঘটনাৰ বাবে জাইকা, জল বৰ্ড, জিলা প্ৰশাসন আৰু জি এম চি দায়ী ৷ সেয়েহে এই সকলোকেইটা বিভাগৰ বিষয়া-কৰ্মচাৰীসকলৰ ওপৰত গোচৰ দাখিল কৰা হৈছে ৷

এই শোকাৱহ ঘটনাৰ 24 ঘণ্টা পাৰ হৈ গ’ল কিন্তু বিভিন্ন পক্ষই গোচৰ দিয়াৰ পিচতো এতিয়ালৈকে ইয়াৰ লগত জড়িত এজনো ঠিকাদাৰ, অভিযন্তাক কিয় গ্ৰেপ্তাৰ কৰিব নোৱাৰিলে বুলিও দিলীপ শৰ্মাই প্ৰশ্ন কৰে ৷ এই ঘটনাৰ লগত জড়িত কিছু নিম্ন পৰ্যায়ৰ কৰ্মচাৰীক গ্ৰেপ্তাৰ কৰিয়েই দায়িত্ব সামৰিলে নহ’ব বুলিও তেওঁ উল্লেখ কৰে (School girl killed in Ganeshguri accident) ৷

লগতে শৰ্মাই কয়, ‘‘আমি ছচিয়েল মিডিয়াৰ জড়িয়তে দেখা পাওঁ অসমৰ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে সকলো ক্ষেত্ৰতে উচিত বিবেচনা কৰি ব্যৱস্থা গ্ৰহণ কৰে ৷ বৃহস্পতিবাৰৰ এই ঘটনাৰো উচিত তদন্ত কৰি উচিত শাস্তি প্ৰদান কৰিৱলৈ অনুৰোধ জনাইছো ৷’’

উল্লেখ্য যে বৃহস্পতিবাৰে পুৱা প্ৰায় ৭.৩০ মিনিটত প্ৰিয়া কুমাৰী নামৰ ছাত্ৰীগৰাকীয়ে নিজৰ পিতৃৰ লগত গণেশগুৰিৰ দিশৰ পৰা হাতীগাঁৱৰ লিটল ফ্লাৱাৰ স্কুলৈ গৈ থকাৰ পথত একে দিশৰ পৰা অহা AS 01 PC 7411 নম্বৰৰ স্কুল বাছ এখনৰ চকাৰ তলত পৰি থিতাতে মৃত্যু হয় ৷ এই দুৰ্ঘটনাৰ পিচতে চিচি টিভিৰ দৃশ্যত পথৰ দাঁতিত জাইকাই (JICA) খান্দি থোৱা মৰণফান্দ স্বৰূপ গাঁতৰ দৃশ্য পোহৰলৈ আহে (JICA construction in Guwahati) ৷

ইফালে ঘটনাস্থলীত কামৰূপ জিলাৰ উপায়ুক্ত উপস্থিত হৈ পানীৰ পাইপ বহুৱাই থকা প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে ৷ আনহাতে শুকুৰবাৰে তৃণমূল কংগ্ৰেছেও দাখিল কৰে এজাহাৰ ৷ এই ক্ষেত্ৰত দিছপুৰ আৰক্ষীয়ে কি ব্যৱস্থা ল’ব সেয়া পৰৱৰ্তী সময়তহে হ’ব লক্ষণীয় ৷

লগতে পঢ়ক:Artificial flood in Guwahati: বৰষুণ আহিল গুৱাহাটী মহানগৰ ডুবিল; এইদৰে আৰু কিমান দিন...?

ABOUT THE AUTHOR

...view details