অসম

assam

ETV Bharat / state

দাবী পূৰণ নকৰিলে আন্দোলনৰ হুংকাৰ টেট উত্তীৰ্ণ প্ৰাৰ্থীৰ - TET passed candidate arrested

5 ছেপ্তেম্বৰৰ ভিতৰত শিক্ষক পদৰ বিজ্ঞাপন দিয়াৰ দাবী টেট উত্তীৰ্ণ প্ৰাৰ্থীৰ ৷ অন্যথা গণতান্ত্ৰিক আন্দোলনৰ হুংকাৰ দিয়ে টেট উত্তীৰ্ণ প্ৰাৰ্থীসসকলে (Assam TET passed candidates)৷

Assam TET passed candidates
দাবী পূৰণ নকৰিলে আন্দোলনৰ হুংকাৰ টেট উত্তীৰ্ণ প্ৰাৰ্থীৰ

By

Published : Aug 23, 2022, 8:35 PM IST

গুৱাহাটী, ২৩ আগষ্ট: 5 ছেপ্তেম্বৰৰ ভিতৰত শিক্ষক পদৰ বিজ্ঞাপন নিদিলে গণতান্ত্ৰিক আন্দোলন কৰিব টেট উত্তীৰ্ণ প্ৰাৰ্থীয়ে (Protest threat by TET passed candidate)৷ আন্দোলন অবিহনে ফল লাভ কৰা আশা দেখা নাই ২০২১ৰ টেট উত্তীৰ্ণ প্ৰাৰ্থীসকলকে ৷ মঙলবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত সংবাদ মেল সম্বোধন কৰি চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰে চাকৰিৰ পৰা বঞ্চিত হৈ থকা টেট উত্তীৰ্ণ প্ৰাৰ্থীসকলে (Assam TET passed candidates) ৷

ৰাজ্যত খালী হৈ থকা শিক্ষকৰ পদসমূহৰ বিজ্ঞাপন ৫ ছেপ্টেম্বৰৰ পূৰ্বে দিবলৈ চৰকাৰক দাবী জনায় টেট উত্তীৰ্ণ প্ৰাৰ্থীয়ে (Teachers vacancy in Assam)। সংবাদমেল সম্বোধন কৰি সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ প্ৰাৰ্থীৰ উপদেষ্টা অমৰজ্যোতি ৰয়ে কয় যে, ৰাজ্যৰ শিক্ষাখণ্ডত বহু হাজাৰ শিক্ষকৰ পদ খালী হৈ আছে । অসমৰ শিক্ষাৰ গুণগত উন্নতিৰ বাবে বিদ্যালয় আন্তঃগাঁথনি আৰু শিক্ষক নিযুক্তি দিব লাগিব । ২০২১ বর্ষত টেট উত্তীৰ্ণ প্ৰায় ৩০ সহস্ৰাধিক প্ৰাৰ্থী আছে । এইসকলক অতিশীঘ্ৰে নিযুক্তি দিয়াৰ দাবী জনাই অমৰজ্যোতি ৰয়ে ৷

দাবী পূৰণ নকৰিলে আন্দোলনৰ হুংকাৰ টেট উত্তীৰ্ণ প্ৰাৰ্থীৰ

উল্লেখ্য যে, কিছুদিন পূৰ্বে হোৱাটচএপযোগে ৰাজ্যৰ মুখ্যমন্ত্ৰী, শিক্ষামন্ত্ৰী আৰু প্ৰাথমিক শিক্ষা সঞ্চালকলৈ বাৰ্তা প্ৰেৰণ কৰিছিল টেট উত্তীৰ্ণ প্ৰাৰ্থীতে ৷ য’ত লিখা হৈছিল যে যদিহে এই প্ৰাৰ্থীসকলক নিযুক্তি প্ৰদান নকৰে তেন্তে বৃহৎ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰা হ’ব ৷ ইয়াৰ পাছতে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা 10 গৰাকীকৈ টেট উত্তীৰ্ণ প্ৰাৰ্থীক আটক কৰে আৰক্ষীয়ে (TET passed candidate arrested)৷

এই সন্দৰ্ভত মঙলবাৰৰ সংবাদমেলৰ যোগেৰে টেট উত্তীৰ্ণ প্ৰাৰ্থীসকলক যাতে আৰু হাৰাশাস্তি নকৰে তাৰ বাবে আহ্বান জনায় ৷ চৰকাৰে দোষী হিচাবে গণ্য কৰি টেট উত্তীৰ্ণ প্ৰাৰ্থীক অত্যাচাৰ চলোৱাৰ অভিযোগ উত্থাপন কৰে টেট উত্তীৰ্ণ প্ৰাৰ্থীৰ উপদেষ্টা অমৰজ্যোতি ৰয়ে ৷

লগতে পঢ়ক:চৰকাৰক পুৰণি পেঞ্চন নীতি বাহালৰ আহ্বান জোনাই মহকুমা এন পি এছ কৰ্মচাৰী সন্থাৰ

ABOUT THE AUTHOR

...view details