গুৱাহাটী,4 মে’: গভীৰ সংকটৰ দিশে অসমৰ চাহ উদ্যোগ । এবছৰ পূৰ্বে হোৱা লক ডাউনে ৰাজ্যৰ চাহ উদ্যোগৰ কঁকাল বেকা কৰি থৈ যোৱাৰ পিছত এইবাৰ খৰাং সদৃশ পৰিস্থিতিয়ে চাহ উদ্যোগক বিপৰ্যস্ত কৰি তুলিছে । প্ৰয়োজনতকৈ কম পৰিমাণৰ বৰষুণ হোৱা বাবে ৰাজ্যৰ বৃহৎ চাহ গোষ্ঠীৰ পৰা আৰম্ভ কৰি ক্ষুদ্ৰ চাহ খেতিয়কলৈকে সকলোৱে মূৰে-কপালে হাত দিবলগীয়া হৈছে । কিয়নো পৰ্যাপ্ত পানীৰ অভাৱত চাহৰ উৎপাদন প্ৰায় ৪৫-৫০ শতাংশ হ্ৰাস পোৱাৰ লগতে বহু বাগিচাত চাহগছ মৃতপ্ৰায় অৱস্থালৈ গতি কৰিছে ৷
চাহ উৎপাদনৰ প্ৰথম পৰ্যায় মাৰ্চ-এপ্ৰিলৰ ভিতৰত শেষ হয় আৰু দ্বিতীয় পৰ্যায় আৰম্ভ হয় মে' মাহৰ পৰা । কিন্তু বৰষুণৰ অভাৱত এইবেলি প্ৰথম আৰু দ্বিতীয় দুয়োটা বতৰতে অসমত চাহৰ উৎপাদন ৫০ শতাংশ পৰ্যন্ত হ্ৰাস পাইছে । যিয়ে উদ্বিগ্ন কৰি তুলিছে ৰাজ্যৰ চাহ উদ্যোগীসকলক ।
ভাৰতীয় চাহ সংস্থা (টি এ আই) য়ে ইতিমধ্যে অসমত উদ্ভৱ হোৱা এনে খৰাংসদৃশ পৰিস্থিতিৰ সন্দৰ্ভত এক প্ৰতিবেদন প্ৰকাশ কৰি চৰকাৰৰ হাতত দাখিল কৰিছে । সাধাৰণতে জানুৱাৰী-ফেব্ৰুৱাৰী মাহত অসমত ২৮ মিলিমিটাৰ পৰ্যন্ত বৰষুণ হয়, যি চাহৰ উৎপাদনৰ বাবে অতিকৈ জৰুৰী । কিন্তু এইবাৰ বৰ্তমানলৈকে বৰষুণৰ মাত্ৰা মাত্ৰ ১৬.০৬ মিলিমিটাৰহে । যাৰ ফলত মুঠেও বাঢ়িব পৰা নাই চাহ গছ ।