গুৱাহাটী, ৩১ জুলাই:ৰোহিংগীয়াৰ আগ্ৰাসনে উত্তৰ-পূৰ্বাঞ্চলত সমস্যাৰ সৃষ্টি কৰাৰ সময়তে অসমৰ মাজেৰে ভাৰতৰ বিভিন্ন স্থানলৈ ৰোহিংগীয়াৰ প্ৰব্ৰজন হৈছে । ৰোহিংগীয়াক বাংলাদেশৰ পৰা ত্ৰিপুৰা সীমান্তৰে অসমৰ মাজেৰে ভাৰতবৰ্ষৰ বিভিন্ন স্থানলৈ যোৱাৰ পথ প্ৰশস্ত কৰিছে একাংশ দালালে । এচ টি এফ অসমৰ শেহতীয়া অভিযানত এই কথা পোহৰলৈ আহিছে । ধনৰ বিনিময়ত ভুৱা আধাৰকাৰ্ড বনাই দালালে ৰোহিংগীয়া প্ৰৱেশ পথ প্ৰশস্ত কৰিছে । এছ টি এফ এ শেহতীয়াকৈ অভিযান চলাই ৰোহিংগীয়া প্ৰব্ৰজনৰ লগত জড়িত ১২ টাকৈ দালালক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ।
অসম আৰক্ষীৰ উপ-মহাপৰিদৰ্শক পাৰ্থসাৰথি মহন্তই সোমবাৰে সংবাদমেল সম্বোধন কৰি এচ টি এফ অসমৰ এই সাফল্যৰ কথা সদৰী কৰে ৷ সংবাদমেলত উপ-মহাপৰিদৰ্শক পাৰ্থসাৰথি মহন্তই কয়, মুখ্যমন্ত্ৰীৰ নিৰ্দেশমৰ্মে বাংলাদেশী ৰোহিংগীয়া অনুপ্ৰৱেশকাৰীক ভাৰতত প্ৰৱেশ কৰাত সহায় কৰা দালাল চক্ৰক উৎখাত কৰাৰ উদ্দেশ্যৰে ত্ৰিপুৰাৰ বিভিন্ন ঠাই সাঙুৰি অভিযান আৰম্ভ কৰে ৷ অতিৰিক্ত আৰক্ষী অধীক্ষক আৰু উপ আৰক্ষী অধীক্ষক পৰ্যায়ৰ কেইবাগৰাকীও বিষয়াৰ নেতৃত্বত ৫ টা দলত বিভক্ত হৈ এছটিএফ অসমে ২৮ জুলাইৰ পৰা ৩০ জুলাইলৈ বৃহৎ তথা ব্যাপক অভিযান চলাই ৮ টা দালালক কৰায়ত্ত কৰিবলৈ সক্ষম হয় ।
এই ৮ দালালে বাংলাদেশৰ পৰা ৰোহিংগীয়া অনুপ্ৰৱেশকাৰীক ত্ৰিপুৰাৰ সীমান্তৰে ভাৰতত প্ৰৱেশ কৰোৱাই ভুৱা ভাৰতীয় নথি-পত্ৰৰ যোগান ধৰি ত্ৰিপুৰাৰ আৰু অসমক কৰি’ডৰ হিচাপে ব্যৱহাৰ কৰি ত্ৰিপুৰাৰ ধৰ্মনগৰ, কুমাৰঘাট, কৰিমগঞ্জৰ বদৰপুৰ পৰা ট্ৰেইনেৰে জম্মু-কাশ্মীৰ, হায়দৰাবাদ, মুম্বাই, পশ্চিমবংগ আদিকে মুখ্য কৰি ভাৰতৰ বিভিন্ন ঠাইলৈ নি সংস্থাপিত কৰাত সহায় কৰে ।