অসম

assam

যোৱা বৰ্ষৰ তুলনাত 1 জানুৱাৰীত অসম ৰাজ্যিক চিৰিয়াখানাত হ্ৰাস পালে দৰ্শনাৰ্থীৰ সংখ্যা

By

Published : Jan 3, 2020, 10:18 AM IST

বছৰৰ প্ৰথম দিনটোতে অসম ৰাজ্যিক চিৰিয়াখানা চৌহদত ভিন্ন প্ৰান্তৰ দৰ্শলাৰ্থী ভিৰ কৰা পৰিলক্ষিত হয় যদিও, যোৱা বৰ্ষৰ তুলনাত এইবাৰ তুলনামূলকভাৱে এই পৰিমাণ কম হোৱা পৰিলক্ষিত হয় ৷

অসম ৰাজ্যিক চিৰিয়াখানা
অসম ৰাজ্যিক চিৰিয়াখানা

গুৱাহাটী, 3 জানুৱাৰী:2020 বৰ্ষৰ প্ৰথম দিনটোত লোকে লোকাৰণ্য হৈ পৰে অসম ৰাজ্যিক চিৰিয়াখানাৰ চৌহদ৷ প্ৰথম দিনটোতে চিৰিয়াখানাত দৰ্শনাৰ্থীৰ ব্যাপক ভিৰ পৰিলক্ষিত হয় যদিও, যোৱা বৰ্ষৰ তুলনাত এই বছৰ হ্ৰাস পালে দৰ্শনাৰ্থীৰ সংখ্যা ৷ চিৰিয়াখানাৰ বন বিষয়াই দিয়া তথ্য অনুসৰি এই বৰ্ষৰ প্ৰথম দিনটোত 10 হাজাৰ 700 দৰ্শনাৰ্থীৰ পৰা 2 লাখ 82 হাজাৰ টকা ৰাজহ সংগ্ৰহ হোৱাৰ বিপৰীতে, বিগত বৰ্ষত সংগ্ৰহ হোৱা ৰাজহৰ পৰিমাণ আছিল 3 লাখ 72 হাজাৰ টকা ৷

যোৱা বৰ্ষৰ তুলনাত চিৰিয়াখানাত হ্ৰাস পালে দৰ্শনাৰ্থীৰ সংখ্যা

ABOUT THE AUTHOR

...view details