গুৱাহাটী,21 ফেব্ৰুৱাৰীঃ ৰাজ্যৰ পৰিবহন বিভাগক এক নতুন মাত্ৰা প্ৰদান কৰিবলৈ অসম ৰাজ্যিক পৰিবহন নিগমে হাতত লৈছে কেইবাটাও গুৰুত্বপূৰ্ণ পদক্ষেপ ৷ চৰকাৰৰ পৰা অবন্টন পোৱা ৭০ কোটি টকাৰে ৰাজ্যিক পৰিবহন নিগমে যাত্ৰীৰ সুবিধাৰ্থে গ্ৰহণ কৰিছে কেইবাটাও উন্নয়নমূলক সিদ্ধান্ত ৷ আবন্টিত 70 কোটিৰ ২০ কোটি টকা ব্যয় কৰা হ’ব ৰাজ্যৰ বিভিন্ন প্ৰান্তত থকা পৰিবহন নিগমৰ বাছ অৱস্থান সমূহৰ উন্নয়নৰ ক্ষেত্ৰত ৷ উবেৰাইজেচন আঁচনিৰ অধীনত চৰকাৰে অবন্টন কৰা ৫০ কোটি টকাৰে ৬৭৮ খন নতুন বাছ অন্তৰ্ভুক্ত কৰিব পৰিবহন নিগমে ৷ এই আঁচনিৰ অধীনত হিতাধিকাৰী সকলে গাড়ীৰ মূল্যৰ ২৫% অনুদান লাভ কৰিব, ইয়াৰে ১৫% হিতাধিকাৰী সকলে পৰিশোধ কৰাৰ বিপৰীতে ১০% ৰেহাই দিয়া হ'ব ৷ এই আঁচনিৰ অধীনত পৰিবহন নিগমে প্ৰথম অৱস্থাত গুৱাহাটী, ডিব্ৰুগড়, তেজপুৰ আৰু যোৰহাট চহৰত গাড়ী সমূহ চলাচলৰ ব্যৱস্থা কৰিছে। ইতিমধ্যে এই আঁচনিৰ অধীনত হিতাধিকাৰী সকলে আবেদন আৰম্ভ কৰিছে ৷ ২৯ ফেব্ৰুৱাৰী আবেদনৰ অন্তিম তাৰিখ বুলি জানিবলৈ দিয়ে অসম ৰাজ্যিক পৰিবহন নিগমৰ অধ্যক্ষ অশোক কুমাৰ ভট্টৰায়ে ৷
পৰিবহন ক্ষেত্ৰক নতুন মাত্ৰা প্ৰদানৰ দিশে ৰাজ্যিৰ পৰিবহন নিগম - অসম ৰাজ্যিক পৰিবহন নিগম
চৰকাৰৰ পৰা অবন্টন পোৱা ৭০ কোটি টকাৰে অসম ৰাজ্যিক পৰিবহন নিগমে যাত্ৰীৰ সুবিধাৰ্থে গ্ৰহণ কৰিছে কেইবাটাও উন্নয়নমূলক সিদ্ধান্ত ৷ আবন্টিত 70 কোটিৰ ২০ কোটি টকা ব্যয় কৰা হ’ব ৰাজ্যৰ বিভিন্ন প্ৰান্তত থকা পৰিবহন নিগমৰ বাছ অৱস্থান সমূহৰ উন্নয়নৰ ক্ষেত্ৰত ৷
পৰিবহন ক্ষেত্ৰক নতুন মাত্ৰা প্ৰদানৰ দিশে ৰাজ্যিৰ পৰিবহন নিগম
উল্লেখ্য যে, উবেৰাইজেচন আঁচনিৰ অধীনত আবেদন কৰা ব্যক্তি সকলৰ ভিতৰত গাড়ীৰ ব্যৱসায়ৰ লগত জড়িত অভিজ্ঞ ব্যক্তি সকলক গুৰুত্ব প্ৰদান কৰা হ’ব যাতে যাত্ৰী সকলে উপযুক্ত সুবিধা লাভ কৰিব পাৰে ৷ আঁচনিৰ জৰিয়তে লাভ কৰা গাড়ী সমূহ হিতাধিকাৰী সকলে অতি কমেও পাঁচ বছৰ অসম ৰাজ্যিক পৰিবহন নিগমৰ অধীনত চলাব লাগিব ৷ প্ৰথম অৱস্থাত ৬৭৮খন বাছ উবেৰাইজেচন আঁচনিৰ অধীনত অন্তৰ্ভুক্ত কৰা হৈছে যদিও পৰৱৰ্তী সময়ত বাছৰ সংখ্যা বৃদ্ধি কৰা হ'ব ৷
লগতে পঢ়ক-UPPLত যোগদান প্ৰমোদ বড়োৰ