অসম

assam

ETV Bharat / state

সজাগতাৰ প্ৰয়াসেৰে প্ৰত্যয়ৰ যাত্ৰা

অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ আঁচনি সমূহৰ সফল ৰূপায়ণৰ ক্ষেত্ৰত সজাগতা সৃষ্টিৰ বাবে অসম চৰকাৰে গ্ৰহণ কৰিছে এক বিশেষ পদক্ষেপ ৷ শুকুৰবাৰে এই বিশেষ কাৰ্যসূচীৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী নৱ দলেই ৷ লগতে উপস্থিত থাকে অসম লোকসেৱা আয়োগৰ অধ্যক্ষ পল্লৱ ভট্টাচাৰ্য ৷

Assam State Tourism Department new scheme launch
সজাগতাৰ প্ৰয়াসেৰে প্ৰত্যয়ৰ যাত্ৰা

By

Published : Sep 26, 2020, 9:50 AM IST

গুৱাহাটী, 26 ছেপ্তেম্বৰঃঅসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ আঁচনি সমূহৰ সফল ৰূপায়ণৰ ক্ষেত্ৰত সজাগতা সৃষ্টিৰ বাবে অসম চৰকাৰে গ্ৰহণ কৰিছে এক বিশেষ পদক্ষেপ ৷ আঁচনিসমূহৰ সজাগতামূলক প্ৰচাৰ চলাব প্ৰখ্যাত পেৰা চাইক্লিষ্ট ৰাকেশ বনিকে ৷ প্ৰায় 20 দিনীয়া কাৰ্যসূচীৰে ৰাকেশ বনিকে অসমৰ প্ৰায় আটাইকেইখন জিলাতে চলাব সজাগতাসমূলক প্ৰচাৰ ৷ শুকুৰবাৰে এই বিশেষ কাৰ্যসূচীৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী নৱ দলেই ৷ লগতে উপস্থিত থাকে অসম লোকসেৱা আয়োগৰ অধ্যক্ষ পল্লৱ ভট্টাচাৰ্য ৷

সজাগতাৰ প্ৰয়াসেৰে প্ৰত্যয়ৰ যাত্ৰা

অনুষ্ঠানটো শুভাৰম্ভ কৰি মন্ত্ৰী নৱে দলেই কয়, এই যাত্ৰাই বিভাগটোৰ সৈতে ৰাইজৰ এক মধুৰ সম্পৰ্ক গঢ়ি তোলাত সহায় কৰিব ৷ শুকুৰবাৰে গুৱাহাটীৰ পৰা যাত্ৰা আৰম্ভ কৰি পেৰা চাইক্লিষ্ট ৰাকেশ বনিকে বকো,গোৱালপাৰা,মংগলদৈ,তেজপুৰ,লখিমপুৰ,ধেমাজী,বগীবিল,ডিব্ৰুগড়,ধলাশদিয়া,নামৰূপ,নাজিৰা হৈ শিৱসাগৰ আৰু নগাঁও হৈ পুনৰ সম্পূৰ্ণ ২০ দিনৰ অন্তত গুৱাহাটীত প্ৰৱেশ কৰিব ৷

লগতে পঢ়ক-মাত্ৰ 10টকাৰ বাবে যুৱকৰ গাত ঢালিলে এছিড

ABOUT THE AUTHOR

...view details