গুৱাহাটী, 7 ফেব্ৰুৱাৰী: ৰাজ্যজুৰি অব্যাহত আছে বাল্যবিবাহৰ বিৰুদ্ধে অভিযান । বাল্যবিবাহৰ গোচৰত সমগ্ৰ ৰাজ্যত ইতিমধ্যে দুই সহস্ৰাধিক লোকক গ্ৰেপ্তাৰ কৰা হৈছে । চৰকাৰে বাল্যবিবাহৰ বিৰুদ্ধে আৰম্ভ কৰা অভিযানকলৈ ৰাজ্যজুৰি মিশ্ৰিত প্ৰতিক্ৰিয়া সৃষ্টি হোৱাৰ সময়তে চৰকাৰৰ এই পদক্ষেপক আদৰণি জনাইছে অসম ৰাজ্যিক শিশু অধিকাৰ সুৰক্ষা আয়োগে (Massive drive against Child marriage)।
মঙলবাৰে ৰাজ্যিক শিশু অধিকাৰ সুৰক্ষা আয়োগৰ (Assam State Commission for Protection of Child Rights) অধ্যক্ষা সুনীতা চাংকাকতিয়ে এখন সংবাদমেল সম্বোধন কৰি বাল্যবিবাহৰ বিৰুদ্ধে চৰকাৰে গ্ৰহণ কৰা পদক্ষেপক আদৰণি জনায় । আয়োগৰ গুৱাহাটীস্থ কাৰ্যালয়ত সংবাদমেল সম্বোধন কৰি তেওঁ কয় যে, বাল্যবিবাহে প্ৰত্যক্ষভাৱে শিশুৰ অধিকাৰ খৰ্ব কৰে । বাল্যবিবাহ হোৱা মানে সেই নাবালিকাগৰাকী শিক্ষাকে ধৰি সকলো দিশৰ পৰা বঞ্চিত হয় । মানসিকভাৱেও বাধাপ্ৰাপ্ত হয় । যাৰ বাবে বাল্যবিবাহ ৰোধ কৰাৰ অতি প্ৰয়োজন আছে (Demerits of Child marriage) ।
তেওঁ কয় যে, ৰাজ্যত দীৰ্ঘদিন ধৰি ভংগ হৈ আহিছে শিশুৰ অধিকাৰ । ভিন্নজনে শিশু অধিকাৰ আইন নজনাকৈয়ে ভিন্ন মত প্ৰকাশ কৰিছে । ২০০৬ চনৰ আইনৰ অনুসৰি যদি কোনো ব্যক্তি বাল্যবিবাহৰ লগত জড়িত থাকে, তেন্তে শাস্তিৰ সন্মুখীন হ'ব পাৰে । ২ বছৰৰ কৰাগাৰ আৰু ১ লাখ টকাৰ জৰিমনা ভৰিব লাগিব পাৰে সেই লোকজনে । আনহাতে, বাল্যবিবাহৰ ক্ষেত্ৰত প্ৰত্যক্ষ বা পৰোক্ষভাৱে জড়িত থকা সকলো আইনৰ দৃষ্টিত দোষী (Laws on Child marriage in India)।
লগতে পঢ়ক:CM On Child Marriage : বাল্য বিবাহৰ ক্ষেত্ৰত আপোচ নকৰো: হিমন্ত বিশ্ব শৰ্মা