গুৱাহাটী, 13 মে’: সমাজ কল্যাণ বিভাগৰ তৃণমূল স্তৰত কাম কৰা অংগনৱাড়ী কৰ্মী-সহায়িকাসকলৰ সামাজিক সুৰক্ষা বিচাৰি অসম ৰাজ্যিক অংগনৱাড়ী কৰ্মী আৰু সহায়িকা সন্থাৰ(Assam State Anganwadi Workers and Helpers Association) নেত্ৰীবৃন্দই শুকুৰবাৰে গুৱাহটী প্ৰেছ ক্লাৱত এক সংবাদ মেল সম্বোধন কৰে । সংবাদ মেল সম্বোধন কৰি সন্থাৰ ৰাজ্যিক সভানেত্ৰী জয়মতী দাস আৰু সাধাৰণ সম্পাদিকা ইন্দিৰা নেৱাৰে কয় যে সমাজ কল্যাণ বিভাগৰ তৃণমূল স্তৰত কাম কৰা অংগনৱাড়ী কৰ্মী-সহায়িকাসকলৰ সামাজিক সুৰক্ষা বিচাৰি অসম ৰাজ্যিক অংগনৱাড়ী কৰ্মী আৰু সহায়িকা সন্থাই আন্দোলনক কৰি আহিছে (Anganwadi Workers protest)।
কিন্তু আন্দোলনক কোনো ভ্ৰূক্ষেপ নকৰি বিজেপি চৰকাৰৰ সমাজ কল্যাণ বিভাগে কৰ্মী-সহায়িকাসকলৰ বাবে আইনগত চিকিৎসাৰ ব্যৱস্থা, গ্ৰেচুইটি, পেন্সন আদি কোনো ধৰণৰ আইনী সুবিধা প্ৰদান কৰা নাই । শেহতীয়াভাৱে যোৱা ২০১১ চনৰ ২৪ ডিচেম্বৰত অসম চৰকাৰে অংগনৱাড়ী কৰ্মী-সহায়িকাসকলক অৱসৰৰ সময়ত এককালীন সাহায্য দিয়াৰ কথা ঘোষণা কৰিছিল । কিন্তু বৰ্তমানলৈ চৰকাৰে ঘোষণা কৰা অৱসৰকালীন সাহায্যৰ কোনো লিখিত জাননী জাৰি নকৰাত কৰ্মী-সহায়িকাসকলে আশ্বৰ্য প্ৰকাশ কৰিছে ।
আনহাতে, উচ্চতম ন্যায়ালয়ে ৰায়যোগে অংগনৱাড়ী কৰ্মী-সহায়িকাসকলক গ্ৰেচুইটি দিয়াৰ নিৰ্দেশনা প্ৰদান কৰিছে (Gratuity for Anganwadi Workers)। এই ক্ষেত্ৰত অসমৰ বিজেপি চৰকাৰৰ সমাজ কল্যাণ বিভাগে কোনো ধৰণৰ পদক্ষেপ লোৱা পৰিলক্ষিত হোৱা নাই । ইয়াৰ বিপৰীতে সমাজ কল্যাণ বিভাগে ৬০ বছৰৰ উৰ্দ্ধৰ অংগনৱাড়ী কৰ্মী-সহায়িকাসকলক কামৰ পৰা অৱসৰ লোৱাৰ জাননী জাৰি কৰিছে আৰু প্ৰকল্পত কমী-সহায়িকাসকলৰ ওপৰত জোৰ-জুলুম আৰম্ভ কৰিছে ।