গুৱাহাটী, ২০ এপ্ৰিল: উন্নয়নৰ সপোন দেখুৱাই শাসনলৈ অহা মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ঋণৰ ওপৰত ঋণ লৈ অভিলেখ সৃষ্টি কৰা সমান্তৰালকৈ হিতাধিকাৰী সৃষ্টিত গুৰুত্ব দি আহিছে (Importance of govt for beneficiary creation) । ৰাজ্যৰ উন্নয়নৰ বিপৰীতে ভোটৰ অংকত চৰকাৰখনে হিতাধিকাৰী আঁচনি ৰূপায়নতহে বিশেষ গুৰুত্ব আৰোপ কৰা পৰিলক্ষিত হৈছে । পূৰ্বৰ কংগ্ৰেছ চৰকাৰখনে আৰম্ভ কৰি থৈ যোৱা বিনামূলীয়া আঁচনি তথা হিতাধিকাৰী সৃষ্টিৰ প্ৰক্ৰিয়াটোক যেন বৰ্তমানৰ ৰাজ্য চৰকাৰখনে দ্ৰুত গতিত আগুৱাই নিছে । বিগত সময়ছোৱাত সৰ্বানন্দ সোণোৱাল চৰকাৰে মোডীৰ বিকাশৰ শ্ল'গানৰ বিপৰীতে হিতাধিকাৰী সৃষ্টিৰে নগদ ধন বিতৰণ কৰি ভোট ক্ৰয়ৰ ব্যৱস্থা কৰিছিল (Free Scheme of state govt) ।
ইফালে, বৰ্তমানৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই সদায় ঘোষণা কৰিছে যে হিতাধিকাৰী সৃষ্টিয়েই বিজেপি মিত্ৰজোঁট চৰকাৰৰ লক্ষ্য আৰু উদ্দেশ্য । এইক্ষেত্ৰত কংগ্ৰেছৰ ‘সূতা-কম্বল’ৰ ৰাজনীতি নকৰি নগদ ধন বিতৰণেৰে হিতাধিকাৰীক স্বাৱলম্বী কৰাৰ কথা প্ৰকাশ কৰিছে বৰ্তমানৰ ৰাজ্য চৰকাৰখনে । দেশত বিনামূলীয়া আঁচনি ৰূপায়ণ অথবা হিতাধিকাৰীলৈ আৰ্থিক সকাহ দিয়াৰ ক্ষেত্ৰত খোদ উচ্চতম ন্যায়ালয়েও হস্তক্ষেপ কৰিবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হৈছে ।
তথ্য অনুসৰি দেশজুৰি কেন্দ্ৰীয় চৰকাৰৰ তত্ত্বাৱধানত আত্মনিৰ্ভৰশীল অর্থনীতি গঢ়ি তোলাৰ স্বাৰ্থত কেতবোৰ প্ৰত্যক্ষ মুনাফা হস্তান্তৰ চমুকৈ ডি বি টি আঁচনিৰ প্ৰৱৰ্তন কৰি আহিছে (DBT Scheme) । ইয়াৰ জৰিয়তে ৰাজ্যখনত বহু হেজাৰ কোটি টকা খৰচ কৰা হৈছে যদিও অন্য ৰাজ্যৰ তুলনাত অসমে বিশেষ সফলতা অর্জন কৰিব পৰা নাই । উল্লেখ্য যে ৰাজ্য চৰকাৰখনে কেৱল অৰুণোদয় বা অন্য পেন্সন আঁচনিতে ক্ষান্ত নাথাকি বিহু কমিটীকো ৰঙালী বিহু উদযাপন কৰিবলৈ আর্থিক সাহায্য প্রদান কৰাৰ ব্যৱস্থা কৰিছে । ১ লাখ ৩২ হেজাৰ কোটি টকাৰো অধিক ঋণত ডুব গৈ থকা ৰাজ্য চৰকাৰখনে গাঁৱৰ জন্মদিন উদযাপনৰ নামতো অর্থ ব্যয় কৰিব বুলি এইবাৰৰ বাজেটত ঘোষণা কৰিছে । ইয়াৰ বিপৰীতে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ ১৬ টা বিভাগ-মন্ত্ৰালয়ৰ অধীনত বৰ্তমানলৈ ৮২ খন হিতাধিকাৰী আঁচনি চলি আছে । অৱশ্যে ইয়াৰে সদ্য বিবাহিতালৈ এতোলা সোণৰ মূল্য প্ৰদান কৰা ‘অৰুন্ধতী সোণ আঁচনি’খন ১ এপ্ৰিলৰ পৰা বন্ধ হৈছে (Aroondhati Gold Scheme) ।
লক্ষণীয় বিষয় যে বিগত তিনিটা বৰ্ষত ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে হিতাধিকাৰীলৈ প্ৰত্যক্ষ মুনাফা হস্তান্তৰ আঁচনিৰ জৰিয়তে ৰাজ্যৰ লাখ লাখ হিতাধিকাৰীৰ নামত ব্যয় কৰিছে ৩৫,৫৭৭ কোটি টকা । কেন্দ্ৰীয় চৰকাৰৰ ডি বি টি প'ৰ্টেলৰ ৰাজ্যিক শিতানৰ তথ্যত প্ৰকাশ পাইছে যে ৰাজ্যখনত বৰ্তমানে ৮২ খন কেন্দ্ৰ আৰু ৰাজ্যিক আঁচনিৰ জৰিয়তে হিতাধিকাৰীলৈ প্ৰত্যক্ষভাৱে অৰ্থ বা সামগ্রী যোগান ধৰি সকাহ দিয়া হৈছে (DBT Portal)। অৱশ্যে এই সকাহ ৰাজ্যখনৰ বাবে কিমান ফলদায়ক হ'ব সেয়া লক্ষণীয় বিষয় । ৰাজ্যখনত কেৱল কৃষি বিভাগতে ৯ খনকৈ এনে আঁচনি ৰূপায়ণ হৈ থকাৰ পাছতো কৃষিখণ্ডত আশানুৰূপ ফলফল পৰিলক্ষিত হোৱা নাই ।
সেইদৰে পশু পালন বিভাগৰ দুখনকৈ হিতাধিকাৰী আঁচনি, শিক্ষা বিভাগৰ মধ্যাহ্ন ভোজন আৰু সৰ্বশিক্ষা অভিযানৰ দৰে ব্যয় বহুল আঁচনি, বন বিভাগৰ তিনিখনকৈ আঁচনি, মীন বিভাগৰ এখন আঁচনি, হস্ততাঁত আৰু বয়ন বিভাগৰ অধীনৰ তিনিখন আঁচনি, স্বাস্থ্য বিভাগৰ দ্বাৰা ৰূপায়িত ১১ খন আঁচনি, শ্রম কল্যাণ বিভাগৰ এখন আঁচনি, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অধীনত ১০ খন আঁচনি, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অধীনত স্বচ্ছ ভাৰত অভিযান (গ্রাম্য), সমাজ কল্যাণ বিভাগৰ ১৮ খনকৈ হিতাধিকাৰীমূলক আঁচনি, নগৰ উন্নয়নৰ তিনিখন আঁচনি, জনজাতি আৰু অন্যান্য পিচপৰা শ্রেণী বিভাগৰ ১২ খন আঁচনিৰ দ্বাৰা হিতাধিকাৰীক আৰ্থিক আৰু প্ৰয়োজনীয় সামগ্রী প্রত্যক্ষভাৱে যোগান ধৰি সকাহ দিছে (Mid Day Meal Scheme)। ইয়াৰ উপৰি বিগত দিনত ৰাজ্য চৰকাৰে নিজাববীয়াকৈ শিল্পী, কলা-কুশলী, সাহিত্যিককো আর্থিক সাহায্য প্রদান কৰিছে ।