গুৱাহাটী, 5 জুন: চিংগাপুৰৰ আই টি ই শিক্ষা সেৱাৰ(IIT Alumni Association Singapore) জৰিয়তে অসম দক্ষতা বিকাশ মিছনক(Assam Skill Development Mission) উত্তৰ-পূৱ দক্ষতা কেন্দ্ৰলৈ (North East Skill Centre)উন্নীত কৰাৰ বাবে গুৱাহাটীৰ বেতকুছিত থকা অসম দক্ষতা বিকাশ মিছন কাৰ্যালয়ত মঙলবাৰে এক অনুষ্ঠান অনুষ্ঠিত হয় ।
ছিংগাপুৰৰ জ্যেষ্ঠ মন্ত্ৰী থাৰমান শনমুগাৰত্নম, ভাৰতৰ ছিংগাপুৰৰ উচ্চায়ুক্ত চাইমন ৱাং, মুখ্য সঞ্চালন বিষয়া লিম বুন টিয়ঙৰ লগতে পৰ্যটন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, ছিংগাপুৰৰ আইটিই শিক্ষা সেৱাৰ অন্যান্য সদস্য আৰু অংশীদাৰসকলৰ উপস্থিতি আছিল । অনুষ্ঠানত অংশ লৈ পৰ্যটন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কয় যে যুৱসকলক দক্ষতা প্ৰশিক্ষণৰ বাবে অত্যাধুনিক আন্তঃগাঁথনি প্ৰদান কৰাৰ লক্ষ্যৰে, চিংগাপুৰৰ আইটিই শিক্ষা সেৱাৰ সহযোগত অসম দক্ষতা বিকাশ মিছনে এই প্ৰকল্পটো স্থাপনৰ পদক্ষেপ লৈছে ।
তেওঁ কয়, ছিংগাপুৰ চৰকাৰে গুৱাহাটীত এনইএছচি প্ৰকল্প প্ৰতিষ্ঠা কৰাত আমাক সহায় কৰিছে । অসম আৰু ছিংগাপুৰৰ বাবে পাৰস্পৰিকভাৱে লাভজনক হ'ব পৰা বহুতো ক্ষেত্ৰত অসমৰ সৈতে সহযোগিতা কৰিবলৈ ছিংগাপুৰ চৰকাৰে আগ্ৰহ দেখুৱাইছে । গুৱাহাটীত উত্তৰ-পূৱ দক্ষতা কেন্দ্ৰ স্থাপন কৰাৰ বাবে সকলো দায়িত্বশীল ব্যক্তিক কৃতজ্ঞতা জ্ঞাপন কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই । এন ই এছ চিয়ে সুলভ আৰু উচ্চ মানদণ্ডৰ কাৰিকৰী আৰু বৃত্তিমূলক শিক্ষাৰ প্ৰশিক্ষণ প্ৰদানৰ দিশত দ্ৰুতগতিত আগবাঢ়ি যোৱাত উত্তৰ-পূব অঞ্চলক সহায় কৰিব বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে ।